Logo
image

কেন্সাৰ প্ৰতিৰোধৰ বাবে নিয়মীয়াকৈ খাওক অৰ্গেনিক নাৰিকল তেল

কেন্সাৰ এক মাৰাত্মক ব্যাধি বুলি সকলোৰে ধাৰণা যদিও শেহতীয়াকৈ এই বিষয়ত হোৱা গৱেষণাই প্ৰকাশ কৰিছে যে মানুহৰ উদাসীনতাৰ বাবেহে এই ৰোগত বেছিসংখ্যক লোকৰ মৃত্যু হয়৷ কেন্সাৰ বিশেষজ্ঞ তথা এই বিষয়ত কৰা গৱেষণা মতে কেইটামান নিয়ম মানি চলিলে কেন্সাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷ 

# যিকোনো ধৰণৰ চেনি খোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকক৷ চেনি নাখালে কেন্সাৰৰ কোষ প্ৰাকৃতিকভাৱে ধবংস হয়৷ 

# এগিলাচ গৰম পানীত নেমু চেপি লৈ খালী পেটতে খোৱাৰ অভ্যাস কৰক৷ তিনিমাহ নিয়মীয়াকৈ এইদৰে নেমুপানী খালে কেন্সাৰৰ পৰা হাত সাৰিব পাৰি৷ গৱেষণাত প্ৰকাশ পোৱা মতে কেন্সাৰত আক্ৰান্ত হৈ থকা সময়ত এইদৰে নেমুপানী খালে কেমো থেৰাপিতকৈও হাজাৰগুণে ভাল ফল দিয়ে৷  

# তদুপৰি প্ৰতিদিনে পুৱা বা ৰাতি তিনি চামুচকৈ অৰ্গেনিক নাৰিকল তেল খালেও কেন্সাৰৰ কোষ ধবংস হয়৷ সেয়েহে কেন্সাৰ ৰোগত আক্ৰান্ত হ’লেই জীৱননাশী বুলি ভাবি ল’ব নালাগে৷ এই সাধাৰণ নিয়ম মানি চলিলেও এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷ 

# গৱেষণাত প্ৰকাশ পোৱা মতে নিয়মীয়াকৈ ফলমূল খালেও এই ৰোগ সহজেই প্ৰতিৰোধ কৰিব পাৰি৷ আপেল আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা খাদ্যসম্ভাৰে এই ৰোগ প্ৰতিৰোধ কৰে৷ 

# ষ্ট’বেৰী, ৰোজবেৰী, ব্লেকবেৰী আদি নিয়মীয়াকৈ খালে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷ বিশেষকৈ মুখৰ কেন্সাৰ ৰোগ প্ৰতিৰোধত ই বিশেষভাৱে ফল দিয়ে৷

# নিয়মীয়াকৈ গাজৰ খালে বিভিন্ন প্ৰকাৰৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি৷ খাদ্যনলী আৰু প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধক হিচাপে গাজৰে কাম কৰে৷ 

# ফুলকবি আৰু ব্ৰকলী স্তন কেন্সাৰৰ প্ৰতিৰোধক৷ 

# নহৰু, পালেং শাক খালেও দেহত হ’ব পৰা কেন্সাৰ কোষক বাধা দিয়ে৷ এইধৰণে খাদ্যভাস গঢ়ি তুলিলে কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷