Logo
image

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি আছুৰ বিক্ষোভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : জীৱনদায়িনী ঔষধ, আলু-পিঁয়াজ, অন্যান্য খাদ্য-বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত ধোৱা-কোৱা দেখিছে ৰাজ্যবাসীয়ে৷ জীৱনদায়িনী ঔষধৰ পৰা শাক-পাচলিলৈ মাছ-মাংসৰ পৰা নিৰ্মাণ সামগ্ৰীলৈ সৰ্বত্ৰ মূল্যবৃদ্ধিয়ে আকাশ চুৱাৰ উপক্ৰম হোৱাৰ সময়ত মূল্যবৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানমৰ্মে জিলাই জিলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী !ৰূপায়ণ কৰা হয়৷ ৰাজ্যখনৰ প্ৰতিখন জিলাৰ সদৰত বিক্ষোভ প্ৰদৰ্শনেৰে মূল্যবৃদ্ধি ৰোধত অসম চৰকাৰৰ চূড়ান্ত অকৰ্মন্যতাৰ প্ৰতিবাদ কৰা হয়৷ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী– সৰ্বসাধাৰণ জনসাধাৰণক জৰ্জৰিত কৰা মূল্যবৃদ্ধি ৰোধ হ’বই লাগিব৷ অন্যথা মূল্যবৃদ্ধি আৰু এই বিষয়ত অসম চৰকাৰৰ নিৰ্লিপ্ততা, অকৰ্মন্যতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে৷ আলু, পিঁয়াজ, খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম৷ ঔষধ, জীৱনদায়িনী ঔষধৰ দাম বাঢ়িছে৷ সৰ্বসাধাৰণ ৰাইজৰ জীৱনধাৰণ দুৰ্বিষহ হৈ পৰিছে৷ এইবোৰ দেখি-শুনিও অসম চৰকাৰৰ নিৰ্বিকাৰ, নিৰ্লিপ্ত৷ বিয়াগোম যোগান বিভাগটো অস্তিত্বহীন হৈ পৰিছে৷ অসম চৰকাৰখন অকৰ্মন্য বুলি প্ৰতিষ্ঠা হৈছে৷ বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানমৰ্মে বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই গুৱাহাটীতো সদৌ কামৰূপ মহানগৰ ছাত্ৰ সন্থাই খাদ্য-সামগ্ৰী, ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটী উজানবজাৰস্থিত শ্বহীদ ভৱনৰ পৰা এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে৷ অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধকৰিব লাগিবই, অদক্ষ যোগান মন্ত্ৰী পদত্যাগ কৰক আদি শে¡াগানেৰে আকাশ-বতাহ কঁপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিপজ্যোতি মালাকাৰ আৰু সাধাৰণ সম্পাদক সমীৰণ কলিতাই কয়– মূল্যবৃদ্ধি হ্ৰাস কৰিবই লাগিব আৰু মূল্যবৃদ্ধি হ্ৰাস নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতেন দাস, ৰূপম কুমাৰ দাস, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল৷

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানমৰ্মে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী আৰু জীৱনদায়িনী ঔষধজাত সামগ্ৰীৰ আকাশলঙ¸ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তৰ নেতৃত্বত উক্ত বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ দুই শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, মন্ত্ৰী ৰঞ্জিত দাস মুৰ্দাবাদ আদি শ্ল’গানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত আছুৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদে অসম চৰকাৰৰ যোগান বিভাগ আৰু যোগান মন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ ছাত্ৰ নেতাদ্বয়ে যোগান মন্ত্ৰীজনক অসমৰ বজাৰ ব্যৱস্থাৰ ওপৰত জ্ঞান নাই বুলি কটাক্ষ কৰে৷  আনহাতে, যোগান বিভাগে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ছাত্ৰ নেতা নিৰুজউদ্দিন আহমেদ আৰু সমৰজ্যোতি মহন্তই হুংকাৰ দিয়ে৷

‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদক : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণক৷ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যত৷ আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানত তামুলপুৰ জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা তামু¸লপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক বৃহৎ সমদলেৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ৷ প্ৰতিবাদকাৰীসকলে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ আদি শ্লোগানৰে তামুলপুৰ আকাশ বতাহ কঁপাই তোলে৷ যোগান মন্ত্ৰী ৰঞ্জিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ তুলি যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ডুলুজিৎ দাসে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সৰঞ্জন ৰাভা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কলিতা, সাধাৰণ সম্পাদক তুষাৰ কলিতাৰ লগতে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলি আঞ্চলিক ছাত্ৰ, নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : জীৱনদায়িনী ঔষধৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷  ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই, ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন ধবনি দি ৰাজপথ উত্তাল কৰি তোলে৷  জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিয়োগ তুলি কয় যে মূল্যবৃদ্ধি কৰাটো চৰকাৰৰ জনবিৰোধী আৰু হঠকাৰী সিদ্ধান্ত৷ জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধি কৰা সিদ্ধান্ত জনস্বাৰ্থৰ প্ৰতি চৰকাৰৰ উদাসীনতাকে সূচাইছে৷ সন্থাই শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে৷ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা আৰু সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱাৰ লগতে শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁৱতো খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰে অবাধ মূল্যবৃদ্ধিৰ বিৰদ্ধে আৰু মূল্য হ্ৰাস কৰাৰ দাবীত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যেতি চৌধুৰী নেতৃত্বত তিনি শতাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হুচিয়াৰ, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, বজাৰত লাগিছে জুই চৰকাৰ আছে শুই, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুচিয়াৰ, যোগান বিভাগ কাম নাই, ইত্যাদি শ্লোগানেৰে মৰিগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ আন্দোলনৰ কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাইছে৷ বৰ্তমানৰ অসম চৰকাৰখনে আচনি ঘোষণা কৰাত ব্যস্ত আছে, কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে, বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে যেন সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷  চৰকাৰে ইয়াৰ বিপক্ষে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু দুখীয়া মানুহক সকাহ দিব লাগে৷ দুখীয়া মানুহে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই আছিল, কিন্তু বিহুৰ বতৰত যি আকাশলংঘী মূল্যবৃদ্ধি হ’ব ধৰিছে দুখীয়া মানুহৰ বাবে জীৱন নিৰ্বাহ কৰাতো অসম্ভৱপ্ৰায় হৈ পৰিছে৷ চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কুটী দিয়া আৰম্ভ কৰিছে, কিন্তু দিনহাজিৰা কৰা দেউতাক এজনে স্কুটীত ১০০ টকা লিটাৰৰ মূল্য পেট্ৰ’ল ভৰাবনে ঘৰখনলৈ এবেলা এসাজ খাবলৈ ঘৰুৱা খাদ্য সামগ্ৰীহে কিনি আনিব বুলিও আছু নেতাজনে প্ৰশ্ন উত্থাপন কৰে৷ অন্যহাতে জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথে কয় যে যি সময়ত অসম চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল৷ তেনে সময়তে যোগান মন্ত্ৰীৰ নিৰ্লিপ্ত ভূমিকাই মন্ত্ৰীজনৰ ব্যৰ্থতা হে যেন উদঙাই দিছে৷ উক্ত কাৰ্যসূচীত অসম সেনা কেন্দ্ৰীয় সংগঠক হিমাংশু মহন্ত, জিলা আছুৰ উপদেষ্টা অংকুৰ ডেকা, সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মন আৰু ছাত্ৰ-কৰ্মীসকল উপস্থিত থাকে৷