Logo
image

নেমুযুক্ত কফিয়ে হজম শক্তি বঢ়ায় ওজন কমায়

  মেদবহুলতা এতিয়া বেছিসংখ্যক মানুহৰ বাবে গুৰুতৰ সমস্যা হৈ পৰিছে৷ শৰীৰৰ মেদবহুলতাৰ উপৰি ওজন বৃদ্ধিয়ে আন ৰোগৰো কাৰণ হৈ উঠাৰ লগতে বহুতৰ বাবে ই হৈ পৰিছে এক মানসিক সমস্যা৷ বজাৰৰ বিভিন্ন ধৰণৰ ঔষধ, বিভিন্ন হেল্‌থ টিপছ আদি লৈও বহুতে ওজন হ্ৰাস কৰিব নোৱাৰে৷ খাদ্যাভাস আৰু ব্যায়াম ওজন হ্ৰাসৰ ক্ষেত্ৰত উপযোগী৷  বৰ্তমান ইণ্টাৰনেটৰ মাধ্যমতো ওজন হ্ৰাস কৰাৰ বিভিন্ন টিপছ সহজে পোৱা যায়৷ 

# শেহতীয়াকৈ ওজন হ্ৰাসৰ ক্ষেত্ৰত সংযোজিত হৈছে নেমু কফি৷ কফিত নেমুৰ ৰস দি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিশেষজ্ঞই মত আগবঢ়াইছে৷ নেমু কফিৰ খোৱাৰ ফলত শৰীৰৰ চৰ্বি বহু পৰিমাণে কমি যায়৷ 

# নেমু কফি খালে মূৰৰ বিষ, ডায়েৰিয়াৰ পৰাও মুক্ত হ’ব পাৰি৷ 

# কফি আৰু নেমুত বিভিন্ন ধৰণৰ পুষ্টি উপাদান আছে৷ ওজন হ্ৰাসৰ ক্ষেত্ৰত কফি আৰু নেমু দুয়োটাই উপকাৰী৷

# কফি হ’ল সৰ্বাধিক ব্যৱহূত পানীয়ৰ ভিতৰত অন্যতম৷ কফিত থকা কেফাইনে হজম শক্তি বৃদ্ধি কৰে৷ তদুপৰি ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰি তুলি মেজাজ নিয়ন্ত্ৰণত ৰাখে৷

# নেমুত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’৷ নেমু হৈছে এণ্টি অক্সিডেণ্টৰ উৎস৷ যি শৰীৰক সতেজ কৰি ৰখাত সহায় কৰে৷ 

# শৰীৰৰ চৰ্বি হ্ৰাস কৰাটো ইমান সহজ কথা নহয়৷ যি কেৱল নেমুৰ ৰস খায়েই ওজন কমাবলৈ বিচাৰে, তেওঁলোকে ইয়াৰ উপৰি সঠিক খাদ্যাভাস, শৰীৰ চৰ্চা, আঠ ঘণ্টা ভাল টোপনি আৰু জীৱনধাৰা শৈলীলৈ পৰিৱৰ্তন আনিলে দ্ৰুতগতিত ওজন হ্ৰাস কৰিব পাৰে৷ 

নেমু কফিয়ে মূৰৰ বিষ উপশম আৰু হজমশক্তি বঢ়ায় 

# কফিত থকা কেফাইনে শৰীৰত ভাল প্ৰভাৱে পেলায়৷ মূৰৰ বিষত আক্ৰান্ত হ’লে একাপ নেমু কফি খালেই বিষৰ পৰা উপশম পাব পাৰি৷

# হজম শক্তি বৃদ্ধিত নেমু কফিয়ে সহায় কৰে৷

# নেমু কফি কিদৰে প্ৰস্তুত কৰিব?

নেমু কফি খাবলৈ হ’লে ব্লেক কফিত নেমুৰ ৰস সংযোগ কৰিব লাগে৷ গাখীৰ দিয়া কফিত নেমুৰ ৰস প্ৰয়োগ কৰিব নালাগে৷ নেমুৰ ৰসৰ লগতে কফিত সামান্য পৰিমাণে নিমখো দিব পাৰে৷ এইদৰে ব্লেক কফি একাপত নেমুৰ ৰস আৰু কিঞ্চিত পৰিমাণৰ নিমখ মিশ্ৰণ কৰি খোৱাৰ অভ্যাস কৰিলে কেইদিনমানৰ ভিতৰতে ওজন হ্ৰাস পাব পাৰে৷