Logo
image

উৎকট গৰম, ঢলি পৰিছে ছাত্ৰ-ছাত্ৰী

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ মে’ : দেশৰ কেবাখনো ৰাজ্যত চলি থকা হোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে৷ বিগত প্ৰায় এটা তিনি-চাৰিদিন আগতে অসমত হঠাতে আৰম্ভ হোৱা গৰমক বহুতে উত্তৰ ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰবাহ আৰম্ভ হোৱা বুলি আশংকা ব্যক্ত কৰিছে৷  প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন৷ জুন,  জুলাই মাহৰ দৰে গৰম অনুভূত হোৱাত ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সদৰি কৰা অনুসৰি মতে সাধাৰণতে মে মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯১ পৰা ৩২ ডিগ্ৰী  চেলচিয়াছৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত প্ৰায় তিনি - চাৰিদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷  উদ্বেগজনকভাৱে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা চ্ছ্ৰ ৰ পৰা জ্জ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ আনকি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ শিক্ষানুষ্ঠানত শ্ৰেণীকোঠাতে গৰমৰ বাবে ছাত্ৰ-ছাত্ৰী ঢলি পৰা বুলি জানিব পৰা গৈছে৷ ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন৷ আনকি বহুতে গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে৷  আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক তাপমান আছিল ৰাজধানী গুৱাহাটী মহানগৰীত৷ গুৱাহাটীত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৭.২ ডিগ্ৰী চেলছিয়াছ৷ যিটো স্বাভাবিকতকৈ ৬.৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ আনকি ধুবুৰী চহৰত বুধবাৰে স্বাভাৱিকতকৈ জ্জ.ঙ্ম ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৬.২ ডিগ্ৰী চেলচিয়াছ৷ তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাবিকতকৈ ২১ পৰা ৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হৈছে৷  বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷ এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷  আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ– ডিব্ৰুগড়ত ৩৫.৪ ডিগ্ৰী চেলছিয়াছ, , তেজপুৰত ৩৬.৮ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৪.৭ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৫.৪ডিগ্ৰী চেলছিয়াছ আছিল৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লোবেল ৱাৰ্মিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হঅব, কেতিয়াবা খৰাং হঅব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান ১৬ বা ১৭ মে’ৰ পাছত অসমৰ কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে৷ অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ 

উত্তৰ গোৱদ্ধৰ্না হাইস্কুলৰ কেবাগৰাকী ছাত্ৰী অচেতন

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ১৬ মে’: দেশৰ ভিন্ন প্ৰান্তৰ লগতে জেঠ মহীয়া উৎকট গৰমে দহিছে অসমকো৷ পাৰা স্তম্ভত তাপমাত্ৰা ক্ৰমশঃ জীৱনযাত্ৰা বিপৰ্যস্ত হাহ্লৱাৰ উপক্ৰম হৈছে৷ উৎকট গৰমত স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলোৰ বাবে ভিন্ন ঠাইত অচেতন হোৱা বাতৰি পোৱাৰ সমান্তৰাল কৈ বাগছাৰ উত্তৰ গোবৰ্ধনা হাইস্কুলত কেবা গৰাকী ছাত্ৰী অচেতন হৈ পৰে৷ উত্তৰ গোৱদ্ধৰ্না হাইস্কুলৰ ৩ গৰাকী কৈ ছাত্ৰী৷ ক্লাছ ৰুমত ফেন নথকাত অচেতন হোৱাৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ৷ কালিও অনুৰূপ ঘটনা সংঘটিত হৈছিল বাগছৰ উত্তৰ গোৱদ্ধৰ্না হাইস্কুলত৷ আজি বিদ্যালয়তে অচেতন হৈ পৰে তিনি এগৰাকী ছাত্ৰী৷ অসুস্থ কেইগৰাকীক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে বিদ্যালয় কতৃৰ্পক্ষই৷ উল্লেখ্য যে কালি উত্তৰ গোৱদ্ধৰ্না হাইস্কুলৰ ১০ গৰাকী ছাত্ৰ ছাত্ৰী ঢলি পৰিছিল উৎকট গৰমৰ বাবে৷ বিদ্যালয় কতৃৰ্পক্ষ নাইবা জিলা শিক্ষা বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনে৷ যাক বাবে অঞ্চলজোৰা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ অচেতন হোৱা ছাত্ৰী কেইগৰাকীক চিকিৎসালয়ত চিকিৎসা কৰি সুস্থ কৰি ঘৰলৈ পঠাইছে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে৷