Logo
image

অস্বাভাৱিক গৰমঃ কাছাৰত অধ্যাপকৰ মৃত্যু

'আমাৰ অসম'ৰ শিলচৰৰ প্ৰতিনিধি, ১৬ মে': উৎকট গৰমে দহিছে ৰাজ্য। ২০২৩ চনতকৈ এইবাৰ সৰ্বাধিক তাপমাত্ৰা হোৱা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ দিনা বৰাকৰ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে। যাৰ বাবে অসুস্থ হৈ পৰিছে বহু লোক। 

উৎকট গৰমৰ ফলত কাছাৰ জিলাত মৃত্যু হৈছে এগৰাকী অধ্যাপকৰ। কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ কালাইন সত্যৰঞ্জন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক চয়ন ধৰ অত্যন্ত গৰমৰ বাবে অসুস্থ হৈ পৰে৷ পাছত চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।


অধ্যাপকগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। জানিব পৰা মতে, বৃহস্পতিবাৰে আন দিনাৰ দৰে মহাবিদ্যালয়ত পাঠদানৰ বাবে আহিছিল অধ্যাপকজন৷ কিন্তু পাঠদানৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰে অধ্যাপকজন। তাৰপিছত ততাতৈয়াকৈ কেইজনমান শিক্ষাৰ্থীয়ে অধ্যাপকগৰাকীক কালাইন হাস্পতাললৈ লৈ যায়। পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মাত্ৰ ৪৭ বছৰ বয়সৰ এই আদৰ্শবাদী শিক্ষকজনৰ মৃত্যুত সকলো বাকৰুদ্ধ হৈ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।