Logo
image

হিমন্তবিশ্বৰ উগ্ৰ হিন্দুবাদী ৰূপত দলতেই চাঞ্চল্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ মে’ : হিন্দু কো ঠাণ্ডা মত কৰো৷ আভি হিন্দু গৰম হুৱা হ্যে, গৰম ৰেহনে দো–ঝাৰখণ্ডৰ ৰাঁচীত এখন সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে উগ্ৰ হিন্দুত্ববাদী মন্তব্য কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশৰ হিন্দু সম্প্ৰদায় সম্প্ৰতি ‘গৰম’ হৈ থকা বুলি মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাই হিন্দুক ঠাণ্ডা হ’বলৈও বাৰণ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ মতে বহুদিনৰ পাছত দেশত হিন্দুৱে জয় শ্ৰীৰাম কোৱা আৰম্ভ কৰিছে৷ দেশৰ ধৰ্মনিৰপেক্ষসকলে ‘গৰম’ হৈ থকা হিন্দুক ‘ঠাণ্ডা’ কৰিবলৈ প্ৰচেষ্টা চলাব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে৷ তেওঁ প্ৰশ্ন কৰে–‘সিহঁতে নামাজ পঢ়া বাদ দিছে নেকি?’ হিন্দুৱেই দেশ নিৰ্মাণ কৰিব আৰু গৌৰৱশালী হিচাপে গঢ়ি তুলিব৷’ অসমত তিনিটা পৰ্যায়ত হোৱা নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত নতুন দিল্লীৰ উপৰি পূব ভাৰতৰ দুখন ৰাজ্য ক্ৰমে ওড়িশা আৰু ঝাৰখণ্ডত শেহতীয়া কেইদিনত হিমন্ত বিশ্ব শৰ্মাই যি উগ্ৰ হিন্দুত্ববাদীৰ ৰূপ লৈ নিৰ্বাচনী সভাত ভাষণ দিছে, সংবাদমেলত উত্তপ্ত আৰু বিতৰ্কিত মন্তব্য কৰিছে, সেই লৈ দেশত ব্যাপক প্ৰতিক্ৰিয়া হৈছে৷ বিৰোধী দলৰ কথা বাবেই, আনকি নিজৰ দলৰ মাজতো হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কিয়নো, বিজেপিৰ আন কোনো নেতাই এইবাৰৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ দৰে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা নাই৷

স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বিচাৰাধীন বিষয় বুলি কৈ উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি আৰু কাশীৰ জ্ঞানবাপী মছজিদ বিতৰ্কত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে৷ বুধবাৰে এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰক অমিত শ্বাহক মথুৰাৰ শ্ৰীকৃষ্ণ মন্দিৰ আৰু জ্ঞানবাপী মছজিদক লৈ দল আৰু চৰকাৰৰ স্থিতি কি প্ৰশ্ন কৰা হৈছিল৷ অমিত শ্বাহে এই দুই বিতৰ্কিত বিষয়ত মন্তব্য দিবলৈ অস্বীকাৰ কৰি ক’লে–‘জ্ঞানবাপী মছজিদ আৰু কৃষ্ণ জন্মভূমি দুয়োটা বিষয়েই সম্প্ৰতি আদালতৰ বিচাৰাধীন৷ এই দুয়োটা বিষয়ত আদালতত শুনানি চলি আছে৷ সেয়ে এনে পৰ্যায়ত মই জ্ঞানবাপী মছজিদ আৰু কৃষ্ণ জন্মভূমি বিষয়টোত মন্তব্য কৰা ভুল হ’ব৷’

ইয়াৰ বিপৰীতে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ ৰামগড়ত এখন নিৰ্বাচনী সভাত ক’লে–‘বিজেপিয়ে ৪০০ খন আসন লাভ কৰিলে এইবাৰ জ্ঞানবাপী মছজিদৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিব৷ মথুৰাত শ্ৰীকৃষ্ণৰ জন্মভূমিত কৃষ্ণমন্দিৰ নিৰ্মাণ কৰিব৷ ২০১৯ চনত বিজেপিয়ে ৩০০ আসন লাভ কৰিলে আৰু আমি ৰামমন্দিৰ নিৰ্মাণ কৰিলো৷ এইবাৰ ৪০০ পালে আমি জ্ঞানবাপী মন্দিৰ আৰু শ্ৰীকৃষ্ণ মন্দিৰ নিৰ্মাণ কৰিম৷’ একেখন সভাতে তেওঁ কৈছিল–‘এইবাৰ বিজেপিয়ে ৪০০ আসন লাভ কৰিলে পাক অধিকৃত কাশ্মীৰক ভাৰতৰ সৈতে সংলগ্ন কৰা হ’ব৷’ ঠিক অনুৰূপ মন্তব্য তেওঁ বৃহস্পতিবাৰে ওড়িশাৰ এখন নিৰ্বাচনী সভাতো কৰে৷ বক্তব্যৰ সামান্যৰ সালসলনি ঘটাই তেওঁ কয়–‘৪০০ আসন পালে বিজেপি চৰকাৰে সমগ্ৰ জম্মু কাশ্মীৰ ভাৰতৰ কৰি ল’ব৷ কিয়নো এয়া সাংবিধানিক অধিকাৰ৷ সংবিধান অনুসৰি পাক অধিকৃত কাশ্মীৰো ভাৰতৰ অংগ, জম্মু-কাশ্মীৰৰ অভিন্ন অংশ৷’ ঝাৰখণ্ডত বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই কৈছিল, কংগ্ৰেছৰ ভুলৰ বাবে অসমত আজিও ৰ কোটি ২৫ লাখ অনুপ্ৰৱেশকাৰী আছে৷ ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰী দেখিলেই চৰকাৰ আৰু আৰক্ষীলৈ বাট নাচাই তেওঁ সকলোকে মৰিয়াই ভৰি ভাঙি দিবলৈ আহ৩ান জনাইছিল৷ সাংবাদিকে তেওঁক গণহত্যাৰ বাবে ঝাৰখণ্ডবাসীক প্ৰৰোচিত কৰিছে নেকি বুলি সোধাত স্বভাৱসিদ্ধভাৱে পাক মাৰি ক’লে–বুধিয়ক লোকে আইনৰ সহায়ত ভৰি ভাঙিব৷