Logo
image

মৃণালক জয়ন্তমল্লৰ প্ৰত্যুত্তৰ! দলত উমি উমি জ্বলা ক্ষোভৰ বহিঃপ্ৰকাশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিতে শাসকীয় দল বিজেপিত উমি উমি জ্বলা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে৷ কাৰ্যতঃ ন-পুৰণি বিজেপিৰ মাজত লাগিছে খণ্ডযুদ্ধ৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বিধায়ক অতুল বৰাৰ বিস্ফোৰণৰ পাছত দলীয় নেতাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এক্স হেণ্ডেল মাধ্যমেৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মুখ বন্ধ কৰিবলৈ বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আহ্বান জনোৱাক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি৷ উল্লেখ্য, দীৰ্ঘদিন ধৰি ৰাজ্যৰ বাহিৰত মুখ্যমন্ত্ৰী শৰ্মা৷ বিধায়ক মৃণাল শইকীয়াই এক্স হেণ্ডেলত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মন্ত্ৰী বৰুৱাই৷ বৃহস্পতিবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– মৃণাল শইকীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা৷ তেওঁ যিখিনি কথা কৈছে সেইবিলাক কথাৰ পৰ্যালোচনা হ’ব লাগে৷ যিয়ে দলৰ হৈ কাম কৰে, দলৰ বাবে ত্যাগ কৰে, দলৰ প্ৰতি সমৰ্পিত হৈ কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে৷ মই কোৱা কথাখিনি তেওঁক কোৱা বুলি তেওঁ ভাবি লৈছে সেয়া তেওঁৰ কথা৷ তাত মোৰ একো ক’বলগীয়া নাই৷ তেওঁৰ কথাখিনি পৰ্যালোচনা কৰিবলৈ ৪ তাৰিখলৈ অপেক্ষা কৰক৷ বেছি দিন নাই, সকলো স্পষ্ট হ’ব, মোৰ দায়িত্বত থকা তিনিটা ক্লাষ্টাৰত কিমান ভোটত জিকিম, সেয়া বিশ্লেষণ হ’ব৷ বিধায়ক মৃণাল শইকীয়াই ছ’চিয়েল মিডিয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সন্দৰ্ভত কৰা পোষ্ট সম্পৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত মন্ত্ৰী বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ মন্ত্ৰীজনে কয় যে মৃণাল শইকীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা৷ তেওঁ যিখিনি কথা কৈছে, সেই কথাবিলাক পৰ্যালোচনা হ’ব লাগে৷ ‘মোৰ কাৰণে ক’ৰবাত ক’ৰবাত বহু হাজাৰ ভোট নষ্ট হোৱা বুলি শইকীয়াই কৈছে৷ গতিকে তেওঁৰ কথাখিনি আমি ৪ তাৰিখলৈকে পৰ্যালোচনা কৰিব লাগে৷ মোৰ কাৰণে ক’ত ক’ত ভোট নষ্ট হ’ল পৰ্যালোচনা হ’ব লাগে৷ মই যিটো সমষ্টিৰ বিধায়ক, সেইটো সমষ্টিত প্ৰায় ৫০ হাজাৰ মুছলমান লোক আছে৷ ২৫ শতাংশ মুছলমান মানুহ আছে৷ সেই সমষ্টিটোত মোৰ এটা আশা আছে যে মই ৭০-৮০ হাজাৰ ভোটত লীড ল’ম৷ মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত ৬-৭ শতাংশ মুছলমান মানুহ আছে৷ তেওঁ ডেৰ লাখ ভোটত লীড ল’ব পাৰিব নে নাই? ডেৰ লাখ ভোটত লীড ল’ব পৰা তেওঁৰ সেইধৰণৰ জনপ্ৰিয়তা আছে নে নাই? তেওঁৰ সমষ্টিত মই প্ৰচাৰ চলাবলৈ যোৱা নাই, তেওঁৰ কাষৰ সমষ্টি সৰুপথাৰত মই প্ৰচাৰ চলাই আহিছোঁ৷ সৰুপথাৰত বেছি ভোটত জিকিব নে তেওঁৰ সমষ্টিত বেছি ভোটত জিকিব, তাত ওলাই পৰিব জনপ্ৰিয়তা কাৰ বেছি৷ তেওঁ আৰু কয় যে মই মোৰ সমষ্টিটোত প্ৰচাৰ চলাবলৈ মই যাবই পৰা নাই, মাত্ৰ দুদিন গৈছোঁ৷ দুদিন গৈ মই যদি ৭০-৮০ হাজাৰ ভোটত লীড দিব পাৰো, তেওঁ গোটেই সময়ছোৱা নিজৰ সমষ্টিত থাকি, য’ত ৬-৭ শতাংশ মাত্ৰ মুছলমান মানুহ আছে, তেওঁ কিমান বেছি ভোট দিব? মোক দলে তিনিটা ক্লাষ্টাৰৰ দায়িত্ব দিছিল৷ এই তিনিটা ক্লাষ্টাৰত কিমান ভোটত জিকিম, সেয়া বিশ্লেষণ হ’ব৷ মোৰ তিনিটা সমষ্টি- গুৱাহাটী, দৰং-ওদালগুৰি আৰু বৰপেটাত মই অতি কমেও তিনি লাখতকৈ অধিক ভোটত জিকিম৷ গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোৰ সেৱা কৰিব পাৰো, কাম কৰিব পাৰে, তেতিয়াহ’লে পৰ্যালোচনা বেলেগে হ’ব৷ ৪ জুনৰ পাছত আমি পৰ্যালোচনা কৰিম৷ যিয়ে দলৰ হৈ কাম কৰে, দলৰ বাবে ত্যাগ কৰে, দলৰ প্ৰতি সমৰ্পিত হৈ কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে৷ গতিকে মই কোৱা কথাখিনি তেওঁক কোৱা বুলি তেওঁ ভাবি লৈছে সেয়া তেওঁৰ কথা৷ তাত মোৰ একো ক’বলগীয়া নাই৷ কিন্তু মোৰ স্পষ্ট কথা যে তেওঁ এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা৷ তেওঁ কোৱা কথাখিনি মই ৪ তাৰিখে পৰ্যালোচনা কৰিম৷ বিধায়ক মৃণাল শইকীয়া দলৰ এজন জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি আমাৰ সন্মান আছে৷ সন্মানৰ লগে লগে এইটোও আছে যে শইকীয়াই যেনেধৰণে কৈছে যে মোৰ কাৰণে ক’ৰবাত ভোট কমিছে, তেওঁ এইটোৰ জবাব দিব লাগিব ক’ত ক’ত ভোট কমিছে৷ মোৰ সমষ্টিত ২৫ শতাংশ মুছলমান মানুহ আছে, মই ৭০-৮০ হাজাৰত লীড লৈছো আৰু তেওঁৰ সমষ্টিত ৬-৭ শতাংশ মুছলমান মানুহ আছে, তেওঁ নিজৰ সমষ্টিত ২০ হাজাৰ ভোটত লীড ল’লে কেনেকৈ হ’ব? পৰ্যালোচনা কৰিলে পৰ্যালোচনা হ’ব৷ দলৰ কামত পৰ্যালোচনা হ’ব৷ সেয়ে ৪ তাৰিখৰ পিছত পৰ্যালোচনা হ’ব৷ উল্লেখ্য, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথন ভংগীত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ মুখ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিল বিধায়ক মৃণাল শইকীয়াই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সম্বোধন কৰি বুধবাৰে বিধায়ক শইকীয়াই এক্স হেণ্ডেলত এক পোষ্ট আপলোড কৰিছে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যৰ এটা ভিডিঅ’ ‘এটাছ’ কৰি  বিধায়ক শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি দিয়া পোষ্টটোত কয়–‘মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, দলৰ স্বাৰ্থত জয়ন্ত মল্লক মুখ বন্ধ কৰিবলৈ কওঁক৷ তেওঁ অনুসূচনা কৰা উচিত যে তেওঁৰ কথন ভংগীৰ কাৰণে ২০২৪ চনৰ নিৰ্বাচনত ইতিমধ্যে বিজেপিৰ হাজাৰ হাজাৰ ভোট নষ্ট হৈছে৷’ বিধায়ক শইকীয়াই এটাছ কৰা ভিডিঅ’টোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুৰণি বিজেপি কৰ্মীসকলক তুচ্ছ তাচ্চিল্য কৰি কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে৷ ভিডিঅ’টোত মন্ত্ৰী বৰুৱাই কয়– ‘বছৰত এক ঘণ্টা সময় দি কোনোবাই ১৯৫০ চনৰ পৰাই বিজেপি কৰি আছোঁ বুলি ক’লে হ’ব নেকি? ২০১৫ চনত বিজেপিত যোগদানৰ পাছত যোৱা জ্ঝ বছৰত মই যিমানখিনি কাম কৰিছোঁ, সেইবিলাক মানুহে কৰিছে নেকি? বছৰৰ পাঁচ দিন, দুদিন সময় দি কোনোবাই ৩০ বছৰো বিজেপি কৰিব পাৰে তাত কি লাভ৷ বিজেপিত যোগদান কৰাৰ পৰাই ২৪ ঘণ্টাই আমি বিজেপিতে সময় দিছোঁ৷ ভগৱানো সন্তুষ্ট নহয়, সকলো মানুহ কেনেকৈ সন্তুষ্ট হ’ব৷ বিজেপিত কিমান পুৰণি সেইটো ডাঙৰ কথা নহয়, দলটোক কিমান সময় দিলে সেইটোহে ডাঙৰ কথা৷ ত্যাগ আৰু সমৰ্পণৰ আধাৰতহে বিজেপিত জ্যেষ্ঠতা নিৰ্ধাৰণ হ’ব৷’