Logo
image

ক'ভিশ্বিল্ডেই নহয়, ক'ভাক্সিনৰো আছে পাৰ্শ্বক্ৰিয়া

ডিজিটেল ডেস্কঃ ক'ভিড অতিমাৰীবিধৰ পৰা ৰক্ষা পোৱাৰ বাবে সকলোৱে ভৰসা কৰিছিল ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন নামৰ ভেক্‌চিনৰ দুবিধৰ ওপৰত৷ অতিমাৰী ক'ভিডৰ প্ৰতিষেধক ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বৰ বজাৰৰ পৰা এই ভেকচিনবিধ প্ৰত্যাহাৰ কৰা হয়৷ কিন্তু এতিয়া ক'ভিড অতিমাৰীৰ আন এবিধ প্ৰতিষেধক ক'ভাক্সিনৰো পাৰ্শ্বক্ৰিয়া থকা বুলি এক গৱেষণাত দাবী কৰা হৈছে৷ গৱেষণাত দাবী কৰা হৈছে যে ক'ভাক্সিন লোৱা এক তৃতীয়াংশ লোকৰ দেহত এবছৰৰ ভিতৰত বিভিন্ন সমস্যাই দেখা দিছে৷

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত পোহৰলৈ আহিছে ক'ভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা গৱেষণা প্ৰকাশ পাইছে ইকনমিক টাইমছৰ স্প্ৰিংগাৰলিংকত। গৱেষণাত দাবী কৰা হৈছে যে ক'ভাক্সিন লোৱা লোকে মুখ্যতঃ শ্বাসনলীৰ সংক্ৰমণ, ছালৰ সমস্যা, হাড় আৰু গাঁঠিৰ সৈতে সম্পৰ্কিত সমস্যাত ভুগিব পাৰে। লগতে দাবী কৰা হৈছে যে ক'ভাক্সিন গ্ৰহণ কৰা ৫ শতাংশ মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱত অস্বাভাৱিকতা দেখা গৈছে৷


এই গৱেষণা এনে সময়ত ৰাজহুৱা কৰা হৈছে, যি সময়ত এষ্ট্ৰোজেনেকাই ক’ভিশ্বিলডৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি আদালতত স্বীকাৰ কৰিছে৷ কোম্পানীটোৱে জনোৱা মতে এই ক'ভিশ্বিল্ড লোৱা লোক টি টি এছ নামৰ বিৰল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ এই ৰোগত আক্ৰান্ত হ’লে দেহত তেজ গোট খায়৷ এনে পাশ্বৰ্ক্ৰিয়াৰ ফলত আক্ৰান্তজনৰ হাৰ্ট এটেক হ’ব পাৰে৷ কভিশ্বিল্ডৰ পিছত ভাৰতৰ সৰ্বাধিক ব্যৱহৃত ক'ভিড ভেকচিন হৈছে ক'ভাক্সিন ৷ অৱশ্যে, কিছুদিন পূৰ্বে ক'ভাক্সিন প্ৰস্তুত কৰা কোম্পানী ভাৰত বায়োটেকে দাবী কৰিছিল যে তেওঁলোকে প্ৰস্তুত কৰা ভেকচিনটো সুৰক্ষিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লৈছিল ক'ভাক্সিনৰ দুটা পালি৷