Logo
image

ভাৰতীয় মূলৰ বিজ্ঞানীক এআইৰ নতুন উদ্ভাৱনৰ কৃতিত্ব দিলে ছেম অল্টমানে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ মে’ : অ’পেন এআই কোম্পানীৰ চি ই অ’ ছেম অল্টমানে তেওঁৰ কোম্পানীয়ে উদ্ভাৱন কৰা শেহতীয়া এআই [কৃত্ৰিম বুদ্ধিমত্তা] মডেল জিপিটি-৪অ’ৰ প্ৰকৃত সৃষ্টিকৰ্তা বুলি কৃতিত্ব দিছে ভাৰতীয় বংশোদ্ভৱ প্ৰযুক্তিবিদ প্ৰফুল্ল ঢাৰিৱালক৷ অল্টমানে ঘোষণা কৰিছে, প্ৰফুল্ল ঢাৰিৱাল অবিহনে তেওঁৰ  কোম্পানীয়ে চাটজিপিটি-৪অ’ নিৰ্মাণ কৰিব নোৱাৰিলেহেঁতেন৷ চাটজিপিটি হৈছে ‘চাট জেনেৰেটিভ প্ৰি ট্ৰেইনড ট্ৰেন্সফৰ্মাৰ’৷ এয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত চাটবুট [ভাষা বুজি পোৱা আৰু সেই অনুসৰি সঁহাৰি জনোৱা ক্ষমতা] প্ৰযুক্তি, যি মানৱৰ স্বাভাৱিক ভাষা পঢ়িব পাৰে আৰু উত্তৰ দিব পাৰে৷ চাটজিপিটি-৪অ’ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত শেহতীয়া বিস্ময়কৰ উদ্ভাৱন, যি বিশ্বৰ যিকোনো ক্ষেত্ৰতে আমূল আৰু অভাৱনীয় পৰিৱৰ্তন সাধন কৰিব পাৰে৷

প্ৰফুল্ল ঢাৰিৱালৰ জন্ম পুনেত আৰু তেওঁ আমেৰিকাৰ এম আই টিৰ স্নাতক৷ তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষেত্ৰত একাধিক বিস্ময়কৰ উদ্ভাৱন কৰাৰ পাছত ২০১৬ চনত অ’পেন এআই নামৰ কোম্পানীত যোগদান কৰিছিল৷ ইণ্টাৰনেচনেল মেথেমেটিকেল অলিম্পিয়াডত উপৰ্যুপৰি স্বৰ্ণপদক অৰ্জন কৰা প্ৰফুল্ল ঢাৰিৱালে মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ২০১৭ চনত৷ কিন্তু তাৰ পূৰ্বেই তেওঁ অ’পেন এআই কোম্পানীত গৱেষক হিচাপে যোগদান কৰে৷ তেওঁ নেতৃত্বতে অ’পেন এআই কোম্পানীয়ে শেহতীয়াকৈ চাটজিপিটি-৪অ’ [অ’ৰ অৰ্থ হৈছে অমনি] উদ্ভাৱন কৰি প্ৰযুক্তি দুনীয়া সলনি কৰি দিছে৷ এই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষমতা আৰু বুদ্ধিমত্তা স্বৰূপাৰ্থতে অসীম৷