Logo
image

বিজেপি চৰকাৰ হ’লে ছাৰ্ভে হ’ব জগন্নাথ মন্দিৰৰ ধন-সোণৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মে’ : ‘ওড়িশাত বিজেপি চৰকাৰ হ’লে তিনি বছৰৰ মুৰে মুৰে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ হিচাপ নিকাচ কৰা হ’ব৷ ৰত্ন ভাণ্ডাৰৰ চাবি পাতালত লুকুৱাই ৰাখিলেও উলিয়াই অনা হ’ব৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ৷ ওড়িশাৰ বৰাগড়, সুন্দৰগড়, ভুবনেশ্বৰ লোকসভা সমষ্টিৰ বিভিন্ন ছাৰ্ভে নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে অগ্নিবৰ্ষী মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে প্ৰথমে ওড়িশাৰ ঝাৰশগুড্ডা জিলাৰ বেলপাহাৰত ব্ৰজৰাজনগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুবেশ পূজাৰী আৰু বৰগড় লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰদীপ পুৰোহিতৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় যে ওড়িশাৰ লোকসকলৰ মাজত ভগবান শ্ৰীৰামক লৈ যথেষ্ট উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে৷ তেওঁ কয় যে ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে তিনি লাখ লোকক চৰকাৰী খৰচত ৰাম মন্দিৰ দৰ্শনৰ ব্যৱস্থা কৰা হ’ব৷ ৰাম মন্দিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোগলৰ শাসনকালত ভাৰতৰ য’ত য’ত হিন্দু মন্দিৰ আছিল মোগলে সেইসমূহ ধবংস কৰিছিল৷ অযোধ্যাৰ বাম মন্দিৰ ধবংস কৰি বাবৰে তাত বাবৰি মছজিদ বনাইছিল৷ হিন্দু সকলে পাঁচশ বছৰৰ ধৰি বাম মন্দিৰৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰি আহিছিল৷ কংগ্ৰেছৰ ৬০ বছৰীয়া শাসন কালতো হিন্দুৱে ৰাম মন্দিৰৰ কাৰণে যুঁজ কৰিছিল যদিও কংগ্ৰেছে একো নকৰিলে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত অযোধ্যাত বাম মন্দিৰ প্ৰতিষ্ঠাৰ জৰিয়তে দেখুৱালে যে হিন্দুৰ লগত প্ৰত্যাহ্বান জনাব নালাগে৷ হিন্দুসকল সহনশীল হ’ব পাবে, বিন্তু যেতিয়া ভগৱানৰ সন্মানৰ কথা আহে তেতিয়া হিন্দুসকল বহি নাথাকে৷ বিজেপিক ৪০০খন আসন কিয় লাগে বুলি কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৩০০খন আসন লাভ কৰাৰ পিছত বিজেপিয়ে বাম মন্দিৰ প্ৰতিষ্ঠা কৰিলে৷ মধুৰাৰ শ্ৰীকৃষ্ণৰ জন্মভূমি উদ্ধাৰ আৰু জ্ঞানবাপীত মন্দিৰ প্ৰতিষ্ঠাৰ বাবে বিজেপিক ৪০০খন আসন লাগে৷ তেওঁ কয় যে বহু বছৰৰ অন্তত হিন্দুসকল সু-সংগঠিত হৈ জাগি উঠিছে৷ যেতিয়ালৈকে হিন্দুসকলৰ কাম আধৰুৱা হৈ থাকে তেতিয়ালৈকে হিন্দুসকলে সংগ্ৰাম কৰি যাব৷ কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে এখনেই কাশ্মীৰ আছিল৷ কংগ্ৰেছৰ শাসনকালত ই দ্বিখণ্ডিত হোৱাত এখন পাকিস্তানলৈ গ’ল আনখন ভাৰতৰ লগত থাকিল৷ কংগ্ৰেছে ভাবিছিল ভাৰতত থকা কাশ্মীৰক পাকিস্তান চৰকাৰে স্বীকৃতি দিব আৰু তেওঁলোক শান্তিৰে থাকিব পাৰিব৷ তেওঁ কয় যে দেশৰ এখন প্ৰদেশ পাকিস্তানে লৈ যাব আৰু দেশবাসীয়ে মনে মনে বহি থাকিব সেইটো হ’ব নোৱাৰে৷ পাক অধিকৃত কাশ্মীৰক দ্বিতীয়বাৰৰ বাবে ভাৰতৰ লগত সংযোগ কৰিবলৈ বিজেপিক ৪০০খন আসনৰ বাবে ভোট দিব লাগিব৷ তেওঁ কয় যে এয়া নতুন ভাৰত৷ এই নতুন ভাৰতে সপোন দেখিব পাৰে৷ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ লগত সংযোগ কৰিব লাগিব৷ কংগ্ৰেছৰ শাসনকালত এই সপোন নাছিল যদিও আজি সমগ্ৰ হিন্দু তথা ভাৰতীয়ই সেই সপোন দেখিছে আৰু ইয়াক বাস্তবায়িত কৰাৰ বাবে দৃঢ় সংকল্প নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দুৰ লগত কেতিয়াও অন্যায় হ’ব নোৱাৰিব৷ এই ভাবতবৰ্ষ হিন্দুৰে নিৰ্মাণ কৰিছিল৷ হিন্দুৰে পাঁচ হাজাৰ বছৰ ভাৰতবৰ্ষক সেবা কৰি আহিছে আৰু যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য্য থাকিব তেতিয়ালৈকে হিন্দুৰে ভাবত মাতৃক সেৰা কবি যাব৷ তেওঁ কয় যে বিগত চৰকাৰৰ দিনত ওড়িশাবাসীয়ে প্ৰাপ্য সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে৷ ওড়িশাৰ গাতে লাগি থকা ছত্তিশগড়ত কৃষকে ধানৰ নূ্যনতম মূল্য ৩১শ টকা লাভ কৰে যদিও ওড়িশাত কৃষকসকলে মাত্ৰ ২১শ টকাহে পায়৷ ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে চত্তিশগড়, অসম, মধ্যপ্ৰদেশ আদি বিজেপি শাসিত ৰাজ্যসমূহত মহিলা তথা আই-মাতৃসকলক মাহিলী ধনবাশি প্ৰদান কৰা আঁচনিৰ দবে সুভদ্ৰা আঁচনিৰ অধীনত দুবছৰত ৫০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ তিনি লাখ যুবক- যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ লগতে পাঁচশ টকাৰ পৰা তিনিহাজাৰ টকালৈ বৃদ্ধি কৰি বিধবা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন প্ৰদান কৰা হ’ব বুলি তেওঁ কয়৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে সুন্দৰগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জুবেল ওবাম আৰু বনাই বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সেৱতী নায়কৰ সমৰ্থনত ওড়িশাৰ লাহুনিপাৰাত আয়োজিত আন এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি শাসিত ৰাজ্যসমূহত ডাবল ইঞ্জিন চৰকাৰব সহযোগত বহুত জনকল্যাণকামী আঁচনিৰ সুবিধা বাইজে লাভ কবি আছে৷ ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে সুভদ্ৰা আঁচনিৰ অধীনত মহিলা আই-মাতৃসকলক দুবছৰত ৫০ হাজাৰ টকা, কৃষকক প্ৰতি কুইণ্টল ধানৰ নূ্্যনতম সমৰ্থিত মূল্য ৩১০০ টকা প্ৰদান, বিধবা আৰু বৃদ্ধ পেঞ্চন ৫০০ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি, ওড়িশাৰ যুৱক-যুবতীসকলৰ বাবে ৩ লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে আদিবাসী মহিলাৰ ওপৰত অত্যাচাৰ, সুন্দৰবনৰ কৃষকসকলৰ জলসিঞ্চনৰ অব্যৱস্থা, চৰকাৰী চাকৰিৰ অভাৱত যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ ঢাপলি, পানীৰ সমস্যা আদিৰে জৰ্জড়িত ওড়িশাত বিগত চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ বাবে একো কাম নকৰিলে৷ তেওঁ কয় যে নবীন পাটনায়ক চৰকাৰে ওড়িশাৰ জনসাধাৰণক ললিপপ দিয়াৰ সময় উকলিল৷ ওড়িশাত দেশৰ সৰ্বাধিক কয়লা ভাণ্ডাৰ থকা সত্ত্বেও আজি ৰাজ্যবাসীয়ে চুবুৰীয়া ৰাজ্যসমূহতকৈও অধিক হাৰত বিদু্যৎ মাচুল ভৰিবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে স্বচ্ছতাৰে ৰ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিলে আৰু ৫০ হাজাৰ যুবক-যুবতীকো শীঘ্ৰে নিযুক্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ তদুপৰি, ওড়িশাত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’লে ৩ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ কয়৷