Logo
image

বক্সাৰত প্ৰচাৰলৈ গৈ আনন্দৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মে’ : ‘বিজেপি নকৰিব বুলি জানিলে আনন্দ মিশ্ৰক অসম এৰিবলৈ নিদিলোঁহেঁতেন৷’– বিহাৰৰ বক্সাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আনন্দ মিশ্ৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে বক্সাৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ হৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰ তুলাধূনা দিয়ে৷ ভোটৰ সভাত মুখ্যমন্ত্ৰীয়ে কয়– ‘বিজেপিৰ ভোট কাটিবৰ বাবেহে আনন্দ মিশ্ৰই নিৰ্বাচন খেলিছে৷ লালু যাদৱ, তেজস্বী যাদৱে আনন্দ মিশ্ৰক ছুপাৰী দিছে মিথিলেশৰ ভোট কাটিবলৈ৷ তেওঁৰ ম’বাইলটো পৰীক্ষা কৰিলেই চব ওলাই পৰিব৷ দিনটো কাৰ লগত কেইবাৰ কথা পাতে ধৰা পৰি যাব৷ মোক অসমত মিছা কথা কৈ আনন্দ মিশ্ৰই চাকৰিত ভিআৰএছ লৈছে৷ মোৰ ঘৰ, কাৰ্যালয়ত গৈ কৈছিল বিজেপিক সেৱা কৰিবৰ বাবে তেওঁক ভিআৰএছ লাগে৷ মই লগে লগে ক’লোঁ টিকট লাগিব নেকি? তেতিয়া তেওঁ কৈছিল– নাই মোক টিকট নালাগে, মই বিজেপিক সেৱা কৰিম৷’ কিন্তু বিহাৰলৈ আহি তেওঁ বুলেট চলাই ভোট বিচাৰি ফুৰিছে৷ আগতে জানিলে মই আনন্দ মিশ্ৰক অসম এৰিবলৈ নিদিলোঁহেঁতেন৷ ভাল মানুহ হ’লে আনন্দ মিশ্ৰই অপেক্ষা কৰিলেহেঁতেন, দলৰ হৈ কাম কৰিলেহেঁতেন৷ অসমত থকা সময়ত টকা নথকা আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবলৈ ক’ত টকা পাইছে৷ লালু, তেজস্বীৰ পৰা কিমান টকা আহিছে পৰীক্ষা কৰিলেই ওলাই পৰিব৷ আনন্দ মিশ্ৰৰ নিৰ্বাচনী সভাত জয় শ্ৰীৰাম ধবনি শুনিবলৈ পোৱা নাযায়৷ উল্লেখ্য, বিহাৰত চাৰিখনকৈ বিশাল জনসভাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে আজি মাৰাথন প্ৰচাৰ চলায়৷ মুখ্যমন্ত্ৰীয়ে আজি মুজাফৰপুৰত লোকসভা সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী ৰাজভূষণ নিষাদ, শিৱান আৰু ৰঘুনাথপুৰত শিৱান লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ জনতা দল [ইউনাইটেড]ৰ প্ৰাৰ্থী বিজয় লক্ষ্মী কুচুৱাহা আৰু ব্ৰহ্মপুৰত বক্সাৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মিথিলেছ তিৱাৰীৰ সমৰ্থনত চাৰিখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত জনসভাসমূহত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিহাৰৰ শিৱানৰ পৱিত্ৰ ভূমিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সংবিধান সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে বৰেণ্য ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছিল৷ আগন্তুক নিৰ্বাচনত শিৱান সমষ্টিৰ পৰা জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী বিজয় লক্ষ্মী কুচৱাহাক বিজয়ী কৰি নৰেন্দ্ৰ মোদীয়ে এইবাৰ লোকসভা নিৰ্বাচনত ৪০০ আসন লাভ কৰাত জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ ৰামমন্দিৰৰ পুনৰ শুদ্ধিকৰণৰ বাবে কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমে কংগ্ৰেছে জনাওক তেওঁলোকৰ নেত্ৰী ছোনীয়া গান্ধী হিন্দু নে খ্ৰীষ্টিয়ান, তাৰ পাছত ৰামমন্দিৰত প্ৰৱেশ সন্দৰ্ভত অনুমতিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ তেওঁ কয় যে কংগ্ৰেছ পাৰ্টীয়ে এতিয়াও ৰামমন্দিৰৰ পিচত লাগি আছে৷ অযোধ্যাৰ ৰামমন্দিৰ এহাজাৰ বছৰলৈ ভব্য ৰূপত থাকিব বুলিও তেওঁ কয়৷ তেওঁ কয় যে ভগৱান শ্ৰীৰাম, শ্ৰীকৃষ্ণ, পৰশুৰাম, হনুমানৰ জন্মভূমি এই ভাৰতভূমি৷ মোগলৰ আগমণৰ লগে লগে হিন্দুসকলৰ তিনিটা মন্দিৰৰ ওপৰত বাবৰ আৰু ঔৰংজেবে আক্ৰমণ কৰিছিল৷ মুছলমানে ভাৰতত থকা সকলো হিন্দু মন্দিৰ ভঙাৰ প্ৰয়াস কৰিছিল৷ প্ৰথমে বাবৰে অযোধ্যাৰ ৰামমন্দিৰ ধবংস কৰি তাত বাবৰী মছজিদ নিৰ্মাণ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে ঔৰংজেৱে মথুৰাত কৃষ্ণ জন্মভূমিত শ্বাহী ঈদগাহ স্থাপনৰ লগতে কাশীৰ বাবা বিশ্বনাথ মন্দিৰৰ আগত থকা জ্ঞানবাপী মন্দিৰ ধবংস কৰি জ্ঞানব্যাপি মছজিদ বনাইছিল৷ নৰেন্দ্ৰ মোদীয়ে ৩০০ আসন লাভ কৰোঁতে অযোধ্যাত ৰামমন্দিৰ প্ৰতিষ্ঠা কৰিলে৷ এইবাৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে ৪০০ আসন লাভ কৰিলে মথুৰাত কৃষ্ণ জন্মভূমিত আৰু কাশীৰ জ্ঞানব্যাপিত মন্দিৰ নিৰ্মাণ হ’ব বুলি তেওঁ বিশ্বাস কৰে বুলি কয়৷ তেওঁ কয় যে ভাৰতৰ হিন্দু মন্দিৰসমূহত যিমান সংখ্যক লোকে জীৱিকা লাভ কৰে সিমান চৰকাৰেও দিব নোৱাৰে৷ তেওঁ কয় যে ৰামমন্দিৰ, কামাখ্যাধাম, কেদাৰনাথ, তীৰুপতি, গয়া, বৈষ্ণুদেৱী আদি মন্দিৰসমূহত আধ্যত্মিক সুখ-শান্তিৰ লগতে কোটি কোটি জনতাই জীৱিকা লাভ কৰিছে৷ ভাষণ প্ৰসংগত তেওঁ ৰাইজক শ্ৰীশ্ৰী কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে অসমলৈ আমন্ত্ৰণ জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজেন্দ্ৰ প্ৰসাদ আৰু বাবাচাহেব আম্বেদকাৰে দি থৈ যোৱা সংবিধানত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে৷ নৰেন্দ্ৰ মোদীয়ে এই সকলোবোৰ অক্ষুণ্ণ ৰখাৰ উপৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সাংবিধানিক আয়োগ গঠন কৰিলে৷ ধৰ্মভিত্তিত সংৰক্ষণৰ ব্যৱস্থা সংবিধানত নাই যদিও আজি কংগ্ৰেছ চৰকাৰে কৰ্ণাটকত ৪ শতাংশ মুছলমানলোকৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিছে৷ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, তেলাংগানা আদি ৰাজ্যতো অ’বিচিসকলৰ বাবে সংবিধানত থকা ২৭ শতাংশ সংৰক্ষণৰ পৰা মুছলমানক সংৰক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ লালুপ্ৰসাদ যাদৰে সমগ্ৰ দেশতে মুছলমানক সংৰক্ষণ দিব বিচৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মভিত্তিত সংৰক্ষণ ভাৰতত কেতিয়াও হ’ব নোৱাৰে৷ উমৈহতীয়া দেৱানী বিধি বলবৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বাবাচাহেব আম্বেদকাৰে সংবিধানত দেশত এই আইন বলবৎ হ’ব লাগে বুলি উল্লেখ কৰি গৈছে৷ হিন্দু আৰু মুছলমানৰ কাৰণে একেখন আইন হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে কিন্তু এই আইন প্ৰস্তুত নকৰিলে৷ তেওঁ কয় যে মুছলমান মহিলাসকলৰ সন্মান ৰক্ষা হ’ব লাগিব৷ নৰেন্দ্ৰ মোদীক জনসাধাৰণে ৪০০ আসন দিয়ক আৰু দলে দেশত উমৈহতীয়া দেৱানী বিধি বলবৎ কৰি দেখুৱাব বুলি তেওঁ কয়৷