Logo
image

ইংলেণ্ডৰ ৰজাতকৈও চহকী হ’ল প্ৰধানমন্ত্ৰীৰ পত্নী অক্ষতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ মে': সূৰ্য ডুব নোযোৱা দেশ বুলি এসময়ত চৰ্চিত ব্ৰিটেইনৰ ৰাজ পৰিয়াল আছিল পৃথিৱীৰ আটাইতকৈ ঐশ্বৰ্যশালী৷ কিন্তু এতিয়া ব্ৰিটেইনৰ ৰজাতকৈ চহকী নাগৰিক আছে তেওঁলোকৰ দেশতে৷ সেই নাগৰিক দেশৰ ‘ফাষ্টৰ্ লেডী’ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পত্নী৷ তাৎপৰ্যপূৰ্ণভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নী হ’লেও তেওঁ মূলতঃ এতিয়াও ভাৰতীয় নাগৰিক৷  সেই ব্ৰিটেইনৰ সম্ৰাট চাৰ্লছতকৈ চহকী হিচাপে পৰিগণিত হৈছে দেশখনৰ ভাৰত বংশোদ্ভৱ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ এতিয়াও ভাৰতীয় নাগৰিক হৈ থকা পত্নী অক্ষতা মূৰ্তি৷ ‘ছানডে টাইমছ ৰিছ লিষ্ট’ত প্ৰকাশ পাইছে এই তথ্য৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি অক্ষতা মূৰ্তিৰ সম্পত্তিৰ পৰিমাণ এতিয়া ৬৫১ নিযুত পাউণ্ড৷ ইয়াৰ বিপৰীতে   ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬১০ নিযুত পাউণ্ড৷ বিগত এবছৰত অক্ষতা মূৰ্তিৰ সম্পত্তিৰ পৰিমাণ ১২২ নিযুত  পাউণ্ড বৃদ্ধি হৈছে৷ আনহাতে ব্ৰিটেইনৰ সম্ৰাট চাৰ্লছৰ সম্পত্তিৰ পৰিমাণ যোৱা এবছৰত বাঢ়িছে মাথোঁ  নযুত পাউণ্ড৷  ‘ছানডে টাইমছ ৰিছ লিষ্টে’ প্ৰকাশ কৰা অনুসৰি অক্ষতাৰ পিতৃ নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা ইনফ’ছিছ নামৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোত থকা অক্ষতাৰ শ্বেয়াৰ মূল্য বৃদ্ধি পোৱাৰ বাবে তেওঁ এবছৰত অবিশ্বাস্যভাৱে চহকী হৈছে৷  অক্ষতাৰ পিতৃ নাৰায়ণ মূৰ্তিয়ে তেওঁৰ অভিযন্তা পত্নী সুধা মূৰ্তিৰ পৰা ১০ হাজাৰ টকা ধাৰলৈ লৈ ইনফ’ছিছ নামৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটো আন সংগীৰ সৈতে প্ৰতিষ্ঠা কৰিছিল৷ ক্ৰমাৎ ইনফ’ছিছ বিশ্বৰ অন্যতম শীৰ্ষ প্ৰযুক্তি কোম্পানীত পৰিণত হয় আৰু এতিয়া ভাৰতীয় শ্বেয়াৰ বজাৰ ঊধবৰ্মুখী হোৱাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ থকা সকলোৱে লাভৰ মুখ দেখিছে৷ স্বাভাৱিকতে তাৰ পৰাই অধিক লাভৱান হৈছে অক্ষতা মূৰ্তি৷ ‘ছানডে টাইমছ ৰিছ লিষ্টে’ জনোৱা অনুসৰি ব্ৰিটেইনৰ ২০২২ চনত প্ৰয়াত হোৱা সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথতকৈ চহকী আছিল ঋষি ছুনক৷ সেই সময়ত ৰাণী এলিজাবেথৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৭০ নিযুত পাউণ্ড৷