বিহুৰ বিশ্বৰেকৰ্ডৰ বাবে ৰাজ্যই গীনিজক দিলে ১.৬৬ কোটি টকা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ মে': আজিৰ পৰা এবছৰ পূৰ্বে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল বিহু নাচ আৰু ঢোলবাদনে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে আয়োজন কৰা আড়ম্বপূৰ্ণ অনুষ্ঠানত ১১,৩০৪ জন বিহুৱা-বিহুৱতীয়ে বিশ্ব অভিলেখ ৰচনা কৰে৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভত অসমীয়াৰ কৰাৰ লগে লগে অসমৰ বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰা বুলিও অসম চৰকাৰে দাবী কৰিছে৷ কিন্তু অসমীয়াৰ বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে নে নাই, সেয়া প্ৰশ্নৰ বিষয় যদিও বিহু নাচৰ এই স্বীকৃতিৰ বাবদ গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষই অসম চৰকাৰৰ পৰা আদায় কৰিলে প্ৰায় ১ কোটি ৬৬ লাখ টকা৷ অৰ্থাৎ বিশ্ব অভিলেখৰ বাবে গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষক অসম চৰকাৰে ৰাজকোষৰ পৰা আদায় দিবলগীয়া হৈছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি৷ পলমকৈ হ’লেও গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষক অসম চৰকাৰে দিয়া ধনৰ সবিশেষ তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে৷ স্বাভাৱিকতেই আৰ টি আইৰ উত্তৰত এই তথ্য ৰাজহুৱা হোৱাত অসম চৰকাৰে ধন ব্যয় কৰি গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষৰ পৰা বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি ক্ৰয় কৰিলে নেকি বুলিও চৰ্চা লাভ কৰিছে৷ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কৰা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে অসম ইলেক্টনিক্ছ উন্নয়ন নিগমে৷ এমট্ৰনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩ চনৰ ১৩ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত ত্ৰিশ মিনিটৰ বিহু নাচৰ বিশ্ব অভিলেখৰ বাবে মাৰ্কিন প্ৰতিষ্ঠান গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কতৃৰ্পক্ষক অসম চৰকাৰে সৰ্বমুঠ ১ কোটি ৬৬ লাখ ৮২ হাজাৰ ৭২২ টকা দিবলগীয়া হৈছিল৷ উক্ত দিনা ১১৩০৪ গৰাকী নাচনীয়ে বিহু নাচ আৰু ২৭১০ জন বিহুৱাই ঢোলবাদনেৰে দুটাকৈ বিশ্ব অভিলেখ গঢ়িছিল অসমে৷ প্ৰথমটো অনুষ্ঠান ১১,৩০৪ গৰাকী নাচনীৰ বিহু নাচৰ বিশ্ব অভিলেখৰ বাবদ পঞ্জীয়ন আৰু কন্সালটেঞ্চীৰ নামতেই গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষক অসম চৰকাৰে মাচুল আদায় দিছিল ১ কোটি ১৪ লাখ ৯০ হাজাৰ ৭২২ টকা৷ ইয়াৰ ভিতৰত পঞ্জীয়নৰ বাবদ ৫৯ লাখ টকা আৰু গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কন্সালটেঞ্চীৰ শিতানত ৫৫ লাখ ৯০ হাজাৰ ৭২২ টকা দিবলগীয়া হৈছিল৷ একেদৰে দ্বিতীয়টো অনুষ্ঠান ২,৭১০ জন ঢুলীয়াৰ ঢোল বাদনৰ বিশ্ব অভিলেখৰ বাবদো গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষক পঞ্জীয়নৰ বাবদ অসম চৰকাৰে অতিৰিক্তভাৱে পৰিশোধ কৰিবলগীয়া হৈছিল ২৩ লাখ ৬০ হাজাৰ টকা৷ কেৱল পঞ্জীয়নেই নহয়, উক্ত অনুষ্ঠানটোৰ পৰিচালনাৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কনচালটেন্সী শিতানতো অতিৰিক্তভাৱে ২৮ লাখ ৩২ হাজাৰ টকা আদায় দিয়া হৈছিল৷ লক্ষণীয় বিষয়টো হৈছে, অসম চৰকাৰে বিহুৰ এই বিশ্ব অভিলেখৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কতৃৰ্পক্ষক ধন দিবলগীয়া হোৱা বিষয়টো ইমান দিনে গোপনে ৰাখি কেৱল অনুষ্ঠানত অংশগ্ৰহণকাৰী নাচনী-ঢুলীয়াক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথাহে প্ৰচাৰ কৰি আহিছে৷
আনকি বিহু অভিলেখত ভাগ লোৱা বিহুৱা-নাচনীক চৰকাৰে জিলাই জিলাই অনুষ্ঠান পাতি ধনৰ চেক বিতৰণ কৰি বাঃ বাঃ লোৱাও দেখা গৈছিল৷ চৰকাৰে মাৰ্কিন প্ৰতিষ্ঠান গীনিজ ৱৰ্ল্ড ৰেকৰ্ডক পঞ্জীয়ন আৰু অনুষ্ঠান পৰিচালনাৰ বাবদ ১.৬৬ কোটি টকা ৰাজকোষৰ পৰা আদায় দিয়া বিষয়টো লুকুৱাই ৰাখিলেও পলমকৈ হ’লেও আৰ টি আইৰ তথ্যত উন্মোচন হ’ল৷ আনহাতে বিহুৰ বিশ্ব অভিলেখৰ অনুষ্ঠানৰ বিহুৱা, নাচনী আৰু অন্যান্যসকলৰ গুৱাহাটীত থকাৰ বাবদ কামৰূপ মহানগৰ জিলা প্ৰশাসনে সৰ্বমুঠ ৫.৬১ কোটি টকা ব্যয় কৰিছিল৷ তদুপৰি অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলৰ খোৱাৰ বাবদ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজৰ পুঁজিৰ পৰা ৪.০৮ কোটি টকা খৰচ কৰিছিল৷ একেদৰে সৰুসজাইৰ শব্দ প্ৰণালী আৰু আলোকসজ্জাৰ নামত অতিৰিক্ত ১.৯৯ কোটি টকা ব্যয় কৰা হৈছিল৷ ইয়াৰোপৰি সাংস্কৃতিক সঞ্চালকালয়ৰ পৰাও আন আন শিতানত ৪১.২০ কোটি টকা ব্যয় হৈছিল৷ অৰ্থাৎ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পঞ্জীয়নৰ মাচুলক বাদ দি অংশগ্ৰহণকাৰী থকা-খোৱা, শব্দ-পোহৰৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ নিজাববীয়া খৰচকে ধৰি সৰ্বমুঠ প্ৰায় ৫৩ কোটি টকা খৰচ হৈছিল বিশ্ব অভিলেখ অনুষ্ঠানত৷ একেদৰে অসম চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ ৰচনা আৰু ১ কোটি বৃক্ষৰোপণৰ বিশ্ব অভিলেখৰ বাবদো গীনিজ ৱৰ্ল্ড কতৃৰ্পক্ষক লাখ লাখ টকা মাচুল পৰিশোধ কৰিবলগীয়া হৈছিল৷