Logo
image

আকৌ বিজেপি চৰকাৰ হ’লে আৰএছএছ নিষিদ্ধ হ’ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ মে': বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই বিজেপি দলত এতিয়া আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰয়োজন নাই বুলি কোৱা এটা মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জেপি নড্ডাই বিজেপিয়ে নিজৰ ভৰিত নিজেই থিয় দিব পৰা হ’ল বুলি সদৰী কৰি ৰাষ্ট্ৰীয় সাংসদ মাধ্যমৰ সাক্ষাৎকাৰত সংঘ পৰিবাৰৰ সহায়ৰ প্ৰয়োজনীয়তা নস্যাৎ কৰি অনাগত দিনত আৰএছএছৰে সম্পৰ্ক ছেদ কৰাত ইংগিত দিছিল৷ আনকি চলিত নিৰ্বাচনত আৰএছএছৰ নীতি-আদৰ্শক একাষৰীয়া কৰি কেৱল নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখি বিজেপিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথাও স্পষ্ট কৰি দিছিল৷ বিজেপি ৰাষ্ট্ৰীয় সভাপতিজনৰ এই দলীয় স্থিতিক লৈ আৰএছএছৰ ভিতৰচ’ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও সংঘ পৰিবাৰৰ কোনো নেতাই এই বিষয়টোক লৈ বৰ্তমানেও মুখ খোলা নাই৷ বিজেপিৰ ভৱিষ্যৎ পৰিকল্পনাৰ ইংগিত দিয়াত সন্দিহান আৰএছএছ নেতৃত্বই কোনো মন্তব্য নকৰিলেও  মহাৰাষ্ট্ৰ বিৰোধী ৰাজনৈতিক দল শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাক্‌ৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ শনিবাৰে মুম্বাইত এটা নিৰ্বাচনী ৰেলীত অংশ লৈ জেপি নড্ডাৰ বক্তব্যৰ সন্দৰ্ভত শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাক্‌ৰে কয়– বিজেপিয়ে প্ৰয়োজন শেষ হ’লে ডাষ্টবিনলৈ দলিয়াই দিয়াৰ নীতি গ্ৰহণ কৰে৷ বিজেপিয়ে শিৱসেনাৰ সৈতে যি ব্যৱহাৰ কৰিলে, তেনেদৰে আৰএছএছো এতিয়া সেই দশাৰ দিশে আগবাঢ়িছে৷ যদিহে গেৰুৱা দলে তৃতীয় বাৰলৈ ক্ষমতালৈ আহে, তেনেহ’লে আৰএছএছক নিষিদ্ধ ঘোষণা কৰিব পাৰে৷ শিৱসেনাৰ দৰেই যে ভৱিষ্যতে নৰেন্দ্ৰ মোদীয়ে আৰএছএছৰ সৈতেও একে খেল খেলিব, সেই কথাই যেন জেপি নড্ডাই ইংগিত দিলে৷ যিদৰে আমাৰ দলক নকল শিৱসেনা বুলি অভিহিত কৰিলে, ঠিক তেনেদৰে সংঘকো নকল  বুলি ক’ব পাৰে৷ সমস্ত আৰএছএছ কেডাৰে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনালে৷ এতিয়া ৰাজনৈতিক ক্ষমতা আনি দিয়া আৰএছএছকে নিষিদ্ধ কৰাৰ পৰিকল্পনানা কৰিছে মোদীয়ে৷