Logo
image

দলে গাপ দি ৰাখিব পৰা নাই অন্তৰ্কন্দলৰ জুই, এইবাৰ জয়ন্তমল্লৰ বিৰুদ্ধে জয়ন্ত দাস

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : সোমবাৰৰ দিনটো আছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ উত্তৰ দিয়াৰ দিন৷ বিজেপি নেতৃত্বই জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ বিপৰীতে জ্যেষ্ঠ বিজেপি নেতাজনে কি উত্তৰ দিয়ে তাৰ বাবে অপেক্ষা কৰি আছিল বিজেপিৰ বিভিন্ন পৰ্যায় নেতা-কৰ্মী৷ অপেক্ষা কৰি আছিল সংবাদ মাধ্যমৰ লোকেও৷ সময় যোৱাৰ লগে লগে সকলোৰে উৎকণ্ঠাও বাঢ়ি আহিছিল কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰক লৈ৷ দুপৰীয়াৰ ভাগত খবৰ আহিল ৰাজহুৱা নহয় প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পত্ৰ৷ আনকি সংবাদ মাধ্যমলৈও অনুৰোধ আহিল পত্ৰখন ৰাজহুৱা নকৰাৰ বাবে৷ বিজেপিৰ অন্যতম ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসে অন্তত এটা দিন পত্ৰখন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনালে অশোক শৰ্মাক৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পত্ৰখন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা বুলি প্ৰাক্তন বিধায়ক শৰ্মাক জনোৱা হ’ল৷ তাৰ ক্ষন্তেক পাছতে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসে ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰে তিনি পৃষ্ঠাজোৰা এখন পত্ৰ৷ পত্ৰখনত বিজেপি নেতা দাসে অশোক শৰ্মাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অশোক শৰ্মাৰ পক্ষত বহু অকাট্য যুক্তি প্ৰদৰ্শন কৰে৷ পত্ৰখনৰ পূৰ্ণপাঠ এনে ধৰণৰ– ‘এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় লৈ আপোনালৈ এই পত্ৰ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ প্ৰথমেই আপোনাৰ সভাপতিত্বৰ কাৰ্য্যকালত মোক উপ-সভাপতিৰ দৰে অতিকৈ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনাৰ কাৰ্যকালৰ যোৱা সময়খিনিৰ পৰা বৰ্তমানলৈ আপুনি যি দায়িত্বই অৰ্পণ কৰিছে একে আখৰে সেই দায়িত্ব পালন কৰি আহিছোঁ৷ এনে দিনো আছিল যে ঘৰত পতা মাংগলিক নাৰায়ণ পূজাভাগ বা বছৰেকৰ মূৰত অহা ঘৰুৱা অনুষ্ঠান এৰি হ’লেও দলৰ নিৰ্দেশনা মৰ্মে দলৰ কামত ওলাই গৈছোঁ৷ আপুনিও ভালদৰে জানে ২০০১ চনৰ পৰাই দিশপুৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আহিছোঁ যদিও সম্পূৰ্ণ যোগ্যতা আৰু ৰাইজৰ বিপুল সঁহাৰি থকাৰ পিছতো আজিলৈ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ আছোঁ৷ দিশপুৰৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা ২০০১ চনৰ প্ৰায় ১০ বছৰ আগৰ পৰাই দলীয় কাম- কাজত যুক্ত হৈ সমগ্ৰ অসমত যুৱ-মৰ্চাক সন্মুখৰ পৰা নেতৃত্ব দি দলক শক্তিশালী কৰাৰ কাৰণে কাম কৰাৰ লগতে প্ৰায় বিজেপিশূন্য হৈ থকা দিশপুৰ সমষ্টিত দলীয় ভেটি অতি মজবুত কৰি তোলো৷ ৰাইজক সেৱা কৰাৰ সুযোগ একমাত্ৰ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ কৰিব নোৱাৰাৰ যি বেদনা বুকুত লৈয়েই আজিও সম্পূৰ্ণ তন, মন আৰু ধন দি দলৰ দায়িত্ব পালন কৰি আহিছোঁ৷ এনেদৰে বহু কৰ্মীৰ ত্যাগৰ বাবেই আজি দিল্লী-দিছপুৰ চৰকাৰ চলি আছে৷ যোৱা কেইদিনমানৰ আগতে দলীয় সতীৰ্থ অশোক শৰ্মাক কৈফয়ৎ তলব কৰি পত্ৰ প্ৰদান কৰা হৈছিল৷ এইখিনিতে মোৰ উপ-সভাপতি হিচাপে কিছু কথা আছে৷ আগৰ কথা নক’লোৱেই যেনিবা, আপোনাৰ কাৰ্য্যকালতে দুই এজন বিধায়ক তথা নেতৃত্বৰ মাজৰ পৰা কিছুৱে বহু আপত্তিজনক মন্তব্যৰে দলীয় সংবিধানৰ পৰিপন্থী কথা কোৱা সৰ্বজন বিদিত৷ সেই সময়বোৰত ব্যক্তিগত ভাবে আপোনাক দলৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ৩ান জনাইছিলো যাতে দলক হেয় বা ক্ষতি হোৱা কামৰ পৰা প্ৰতিজন কৰ্মী দূৰত থাকে৷ যিহেতু এজন জিলা বা ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্যকৰ্তা অথবা এজন মন্ত্ৰী-বিধায়কে কৰা মন্তব্যই সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে, এনেক্ষেত্ৰত যদি এই পৰ্যায়ৰ নেতা-কৰ্মীয়ে দল বিৰোধী মন্তব্য কৰে তেন্তে দল আৰু কৰ্মীৰ ওপৰত কু-প্ৰভাৱ পৰে৷ ধৰা হ’ল– অশোক শৰ্মাই ভুল কৰিছে৷ কিন্তু অশোক শৰ্মাক অতি কটু কথা কৈ সংবাদ মাধ্যমত সাংসদ এজনে কৰা মন্তব্য সমৰ্থনযোগ্য নে? দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে দলৰ মজিয়াত নকৈ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ কোৱাটোও আমাৰ দলৰ সংবিধানবিৰোধী, আনহাতে অশোক শৰ্মাৰ বিৰুদ্ধে যুক্তি প্ৰতিষ্ঠা কৰিবলৈ গৈ মন্ত্ৰীজনে দশক দশক ধৰি ত্যাগ কৰি দলৰ কাম কৰা নিষ্ঠাৱান কৰ্মীক অতি বেয়াকৈ বছৰত ৫ দিন কাম কৰি দল কৰা নুবুজাই বুলি উপলুঙা কৰা কথাখিনিয়ে অন্তৰত বৰ আঘাত দিছে৷ মন্ত্ৰীজনে ২০১৫ চনৰ পৰা ২৪ ঘণ্টাকৈ দলত দিছে, আমি আদৰণি জনাইছোঁ৷ কিন্তু ২০১৫ চনৰ পিছৰ পৰিবেশ দলৰ অতিকৈ অনুকূল৷ সামাজিক আৰু আৰ্থিক পৰিবেশ বহু সুন্দৰ আছিল৷ কিন্তু ২০১৫ চনৰ আগৰ বন্দুকৰ গুলি বুকুত লৈ প্ৰাণ আহুতি দিয়া নলবাৰীৰ প্ৰয়াত দিলীপ সাহাৰ লগত উগ্ৰবাদৰ অতিশয্যৰ বলি হোৱা সতীৰ্থ সকলৰ ত্যাগ আৰু সেই পৰিবেশবোৰ মনলৈ বৰকৈ আহিছে৷ যুৱ মৰ্চা কৰা দিনৰ পৰাই সপ্তাহ, দিন, মাহ ধৰি ঘৰৰ বাহিৰত থাকি আজিলৈওঁ দলৰ কাম নিষ্ঠাৰে কৰি আহিছোঁ৷ সতীৰ্থসহ জাৰৰ দিনত ধুবুৰীৰ পৰা শদিয়ালৈ মটৰ চাইকেলেৰে যোৱা, ৰথ সাজি বহুবাৰ অসমৰ গাঁৱে-ভূঞে দলৰ কামত ঘূৰা, সৰু বৰ সভাবোৰত মাছ-মাংসটো দূৰৈৰ কথা দালি-ভাত বেলেগকৈ বনালে খৰচ বেছি হ’ব বুলি খিচিৰি খাই পাৰ কৰা, সেই সভাবোৰ সফল কৰিবলৈ জেপত ধন নথকা সত্ত্বেও ১০ মাইল পৰ্যন্ত খোজ-কাঢ়ি, চাইকেল মাৰি আহি সভাত উপস্থিত হোৱা সেই সতীৰ্থ সকলৰ ত্যাগৰ কথা আজি মনলৈ আহিছে৷ সঁচাই মন্ত্ৰীজনৰ কথাই মনত বৰ দুখ দিছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে যে বিধায়ক আৰু মন্ত্ৰীৰ বাক্‌যুদ্ধ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে৷ একান্ত ব্যক্তিগত বিষয় এটা লৈ কেৱল হেয় প্ৰতিপন্ন কৰাৰ বাবে সামাজিক আৰু সংবাদ মাধ্যমত উত্থাপন কৰিবলৈ কুণ্ঠাবোধ নকৰা দেখা গৈছে৷ নতুন পুৰণিৰ কোনো কথা নাই যদিও মন্ত্ৰীজনে মান্যতা দিয়া আমি পুৰণি সকলেই সদস্যভৰ্তীকৰণৰ বহী পকেটত লৈ ঘূৰি ফুৰিছিলোঁ আৰু যুৱক, যুৱতী, পুৰুষ, মহিলাক নতুন নতুনকৈ আমাৰ দললৈ আদৰি আনিছিলোঁ৷ এই কেইদিনৰ ঘটনা-পৰিঘটনাই বিশেষকৈ বহু বছৰ ধৰি কাম কৰি অহা কাৰ্যকৰ্তাসকলক মনত বহু কষ্ট দিছে আৰু কেৱল এজনকহে উদ্দেশ্যি কৈফিয়ৎ তলব কৰিলে দলত নতুন পুৰণি কথাষাৰৰ আনুষ্ঠানিকতা প্ৰদান কৰা হ’ব আৰু ইয়েই এক দলত বিৰূপ প্ৰভাৱ পেলাব৷ সেয়েহে সভাপতি মহোদয় অভিযোগ-প্ৰতি অভিযোগৰ ধাম খুমিয়াত দলৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল অশোক শৰ্মাক উদ্দেশ্যি কৈফিয়ৎ তলবৰ উত্তৰ নিবিছাৰি আপোনাৰ প্ৰত্যক্ষ হস্তক্ষেপেৰে ৰাজ্যিক বিষয় ববীয়াসকলক লগত লৈ আৰু সংশ্লিষ্ট সকলো পক্ষকে মাতি আনি এক মীমাংসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনালোঁ৷ সংবাদ মাধ্যমৰ আগত দাসে কয়– দলৰ কথা বাহিৰত কোৱা বাবে অশোক শৰ্মাক যদি শ্ব’কজ, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সাৰি যায় কিয়?