Logo
image

মুখ্যমন্ত্ৰী কেজৰিৱালক হত্যাৰ চেষ্টা? আপৰ গুৰুতৰ অভিযোগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মে’ :  আম আদমি পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ভাৰতীয় জনতা পাৰ্টীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছে বুলি  আপৰ নেতা সঞ্জয় সিঙে  বিস্ফোৰক অভিযোগ কৰিছে৷ এখন সংবাদমেলত সঞ্জয় সিঙে কয়– ‘অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা জামিনত মুক্ত হৈ অহাৰ ফলত লোকসভা নিৰ্বাচনৰ মাজত বিজেপি আতংকিত হৈ  পৰিছে৷ লোকসভা নিৰ্বাচনত যাতে কেজৰিৱালৰ প্ৰচাৰে বিজেপিক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে মোদী চৰকাৰে তেওঁক ভূৱা অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে নিৰ্বাচনী কাৰ্যকলাপত ভাগ লোৱাৰ সুবিধা দিয়াৰ বাবে কেজৰিৱালক অন্তৰ্ৱৰ্তীকালীন  জামিন প্ৰদান কৰে৷ জামিনত মুক্ত কেজৰিৱালে ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত ভাগ লৈ বিজেপিক থকা-সৰকা কৰাত দলটো বিপদত পৰিছে৷ সেয়ে বিজেপিয়ে কেজৰিৱালক আক্ৰমণৰ পৰিকল্পনা কৰিছে, যাতে তেওঁক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই পঠিয়াব পাৰে৷  এই ষড়যন্ত্ৰ বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোনে পোনে  পৰিচালনা কৰিছে৷ পেটেল নগৰ আৰু ৰাজীৱ চ’ক মেট্ৰ’ ষ্টেচনত কেজৰিৱালক আক্ৰমণ কৰা হ’ব বুলি ইতিমধ্যে ভাবুকি পত্ৰ আহিছে৷ তেনে আক্ৰমণত কেজৰিৱালৰ মৃত্যু হোৱাটোও আচৰিত ঘটনা নহ’ব৷’