বৰ্ষাপাৰা বাদ, এইবাৰ আমিনগাঁৱত আন্তৰ্জাতিক ষ্টেডিয়াম
আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মে’ : বৰ্ষাপাৰা নহয়, অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত৷ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিটোত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছে৷ সকলো ঠিকে-ঠাকে থাকিলে আগন্তুক ১৮ মাহৰ ভিতৰত আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব৷ গুৱাহাটী মহানগৰীৰ নাতিদূৰত এই নতুন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কথা সদৰী কৰিছে বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই৷ সামাজিক মাধ্যমযোগে দেৱজিৎ শইকীয়াই অসমে অনাগত ১৮ মাহৰ ভিতৰত নতুন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম লাভ কৰিব বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য, অসমত পূৰ্বতে নেহৰু ষ্টেডিয়ামত ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল যদিও শেহতীয়াকৈ মহানগৰীৰ বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাই আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণ কৰিছিল৷ বৰ্ষাপাৰাত ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈছে৷ অৱশ্যে ইয়াৰ পাছতে কেইবাখনো মেচ আকৌ বৰষুণৰ বাবে বাতিল হোৱাৰো উদাহৰণ আছে৷ বৰষুণৰ বাবে বৰ্ষপাৰা ষ্টেডিয়াম ক্ৰিকেটানুগাৰীৰ মাজত চৰ্চাৰো কেন্দ্ৰবিন্দু হৈ পৰিছে৷ দেওবাৰে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েল্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হোৱা আই পি এলৰ এখন মেচো বৰষুণৰ বাবে বাতিল হ’বলগীয়া হৈছিল৷ বৰ্ষাপাৰা নামটোৰ সৈতে বৰষুণৰ সম্পৰ্ক থকা বুলিও সামাজিক মাধ্যমত বিভিন্নজনে কৌতুক কৰাও দেখা যায়৷ অৱশ্যে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ গৃহসমষ্টিত বৰ্ষাপাৰাৰ পৰা নাতিদূৰত আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ কথা সদৰী কৰিছে বিচিচিআইৰ যুটীয়া সচিবজনে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত ইতিমধ্যে দেশৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়ামো মুকলি কৰিছে৷ গুৱাহাটীৰ নাতিদূৰত আমিনগাঁৱত এইখন দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম হ’ব৷ অৱশ্যে ক্ৰিকেটপ্ৰেমীসকলৰ মনত সন্দেহ– আমিনগাঁৱৰ ষ্টেডিয়ামখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে বৰ্ষাপাৰা ষ্টেডিয়ামখন এলাগী হৈ পৰিব নেকি? বৰ্ষাপাৰাক বাদ দি কেৱল আমিনগাঁৱত অনুষ্ঠিত কৰিব নেকি সকলো ক্ৰিকেট মেচ!