Logo
image

মোদীৰ ইডি-চিবিআইৰ বিৰুদ্ধে কেজৰিৱালৰ মনস্তাত্ত্বিক যুদ্ধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ মে’ : বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিৰ সৈতে লোকসভাৰ দৰে বিশাল নিৰ্বাচনত ফেৰ মৰা সহজ নহয়৷ কংগ্ৰেছৰ দৰে শতিকা-প্ৰাচীন দলেও বিজেপিৰ সাংগঠনিক শক্তিৰ বিৰুদ্ধে যুজি হাবাথুৰি খাইছে৷ এনে পৰিস্থিতিত বিজেপিৰ সন্মুখত আপ কোন কূটা! বিজেপিৰ বৃহৎ সাংগঠনিক শক্তিৰ সৈতে পোনপটীয়া যুদ্ধত জিকিব নোৱাৰিব বুলি নিশ্চিত হৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত মনস্তাত্বিক যুদ্ধৰে গেৰুৱা দলটোক মোকাবিলা কৰিছে৷ কাৰামুক্ত হোৱাৰ পিছদিনাই প্ৰথমখন নিৰ্বাচনী সভাত কেজৰিৱালে কৈছিল– ২০২৫ত ৭৫ বছৰ সম্পূৰ্ণ হ’লে নৰেন্দ্ৰ মোদীয়ে ৰাজনীতিৰ পৰা অৱসৰ ল’ব৷  মোদীৰ ইডি-চিবিআইৰ বিৰুদ্ধে তেওঁ আঁতৰি গ’লে অমিত শ্বাহ প্ৰধানমন্ত্ৰী হ’ব৷ তেতিয়া অমিত শ্বাহে অৱসৰৰ পূৰ্বে মোদীয়ে এতিয়া দিয়া নিৰ্বাচনী গেৰাণ্টী পূৰা নকৰিব৷ কেজৰিৱালৰ এই তিনিশাৰী বক্তব্যই বিজেপিক অভ্যন্তৰলৈকে জোকাৰি পেলাইছিল৷ বিজেপিৰ মোদীক বাদ দি সকলো শীৰ্ষনেতাই ক’বলৈ বাধ্য হৈছিল–মোদীয়েই তৃতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈ থাকিব৷ ৭৫ বছৰ হ’লে তেওঁ অৱসৰ নলয়৷ তেনে কোনো কথা দলৰ সংবিধানত নাই৷ আপে ইয়াৰ প্ৰত্যুত্তৰ দিছিল অমিত শ্বাহ আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনন্দীবেন পেটেলৰ দুটা পুৰণি ভিডিঅ’ৰে৷ অমিত শ্বাহে সেই ভিডিঅ’ত কৈছিল–৭৫ বছৰ হোৱা কোনেও লোকসভাত বিজেপিৰ টিকট নাপায়৷ সকলোৱে অৱসৰ ল’ব লাগিব৷ আনন্দীবেন পেটেলে কাৰ্যকাল শেষ নহওঁতেই পদত্যাগ আৰু অৱসৰ লৈ কৈছিল–দলত ৭৫ বছৰ হ’লে অৱসৰ লোৱাৰ নিয়ম আছে৷ সেয়ে মই মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলো আৰু পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি আহিলো৷ আপৰ সেই উত্তৰৰ কোনো প্ৰত্যুত্তৰ নাছিল বিজেপিৰ৷

আজি মঙলবাৰে কেজৰিৱালে সেইদিনাৰ বক্তব্যৰ সম্পূৰ্ণ বিপৰীত বক্তব্য উত্থাপন কৰিলে এখন সংবাদ মেলত৷ তেওঁ ক’লে–অমিত শ্বাহ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে৷ কিয়নো নিৰ্বাচনৰ প্ৰথম পাঁচটা পৰ্যায়ৰ যি সমীক্ষা, সেই অনুসৰি কেন্দ্ৰত এইবাৰ ‘ইণ্ডিয়া’ জোঁটে চৰকাৰ গঠন কৰিব৷ সেয়ে অমিত শ্বাহ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আশা নাই৷ তদুপৰি ৭৫ বছৰত ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ নিয়ম লালকৃষ্ণ আদৱানীক আঁতৰাবৰ বাবেহে তৈয়াৰ কৰা হৈছিল৷ সেই নিয়মত মোদী নপৰে৷ ৭৫ হ’লেও মোদীয়ে অৱসৰ নলয়৷ বিজেপিয়ে মোদীৰ দ্বাৰা একনায়ক চৰিত্ৰ প্ৰকাশ কৰিছে৷

কেজৰিৱালে পঞ্জাৱ, গুজৰাট, গোৱাৰ বাসিন্দা পাকিস্তানী নেকি বুলিও অমিত শ্বাহক প্ৰশ্ন কৰে৷ অমিত শ্বাহে আপৰ সমৰ্থকক পাকিস্তানী বুলি কৈছিল৷ কেজৰিৱালৰ মতে আপৰ বহু সমৰ্থক পঞ্জাব, গোৱা, গুজৰাট, দিল্লীৰ বাসিন্দা৷ তেওঁলোক কেনেকৈ পাকিস্তানী নাগৰিক হ’ল? যদি পাকিস্তানী নাগৰিক দেশত সোমাই আছে, তেওঁলোকক দেশান্তৰিত কৰাৰ দায়িত্ব মোদী চৰকাৰৰ, কোনো মুখমন্ত্ৰীয়ে সেই কাম কৰিব নোৱাৰে৷ আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোদী আদিত্যনাথক মোদী-শ্বাহৰ পৰা সতৰ্ক কৰি কেজৰিৱালে কয়–যোগীজী, মোদী-শ্বাহে আপোনাক বঞ্চিত কৰাৰ পৰিকল্পনা কৰিছে৷ আপোনাক মোদীৰ উত্তৰাধিকাৰী নাপাতে৷ দলতে আপোনাৰ শত্ৰু আছে৷ তেওঁলোকে আপোনাক উত্তৰ প্ৰদেশৰ পৰাও উৎখাত কৰিব৷ ইপিনে, কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰক তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে মুম্বাইলৈ লৈ গৈছে৷ তেওঁৰ মোবাইল ফোনত থকা কিছু তথ্য বাহিৰ কৰাৰ বাবেই মুম্বাইলৈ নিয়া বুলি ক’লেও দিল্লী আৰক্ষীৰ এই কাৰ্যত সন্দেহৰ সৃষ্টি হৈছে৷