Logo
image

বোকাখাতত সেউজ বিপ্লৱ! ৫.২৪ কোটি টকাৰ ৰঙালাউ ৰপ্তানি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২২ মে’ : অসমৰ কৃষিজাত সামগ্ৰীয়ে এতিয়া দেশ-বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ এক কথাত  ক’বলৈ গ’লে অসমৰ  বহু অঞ্চলত এতিয়া ‘সেউজ বিপ্লৱ’ গঢ়ি উঠিছে৷ যি সময়ত অধিকাংশ শিক্ষিত যুৱ প্ৰজন্মই  চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে, সেই সময়ত একাংশ শিক্ষিত যুৱকে নীৰৱে কপালৰ ঘাম মাটিত পেলাই কৃষিকৰ্মত নিয়োজিত হৈছে৷ তেওঁলোকৰ শ্ৰমে এতিয়া বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে৷ তেওঁলোকে ‘সেইজ বিপ্লৱ’ গঢ়ি সমাদৃতও হৈছে৷ কোৱা বাহুল্য ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিবেশ কৰি স্বনিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, অসম চৰকাৰৰ কৃষিমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা বোকাখাত সমষ্টিত এতিয়া ৰঙালাউ উৎপাদনে অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ বিগত বৰ্ষতো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আৰব ৰাষ্ট্ৰ সমূহলৈ অসমৰ কৃষিভূমিত উৎপাদিত ৰঙালাউ ৰপ্তানি কৰা হৈছিল৷ তদুপৰি অসমত উৎপাদিত ৰঙালাউ সমূহ উন্নত মানৰ বুলি স্বীকৃতি লাভ কৰিছিল৷ এই সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই মঙলবাৰে সংবাদ মাধ্যমক কয়-বিগত বৰ্ষত বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙলাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে প্ৰায় ৫.২৪ কোটি টকাৰ ৰঙালাউ প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা৷ এই বছৰ আকৌ যথেষ্ট সংখ্যক ৰঙালাউ বহিঃ ৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ বাকী আছে৷ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাউৰ খেতি কৰিছে৷ সেয়েহে বিগত বৰ্ষত অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাউ উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হ’ম বুলি আমি নিশ্চিত৷ কৃষকসকলৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিলোঁ৷’  উল্লেখ্য, চলিত বছৰৰ এপ্ৰিল মাহত ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা শিলাবৃষ্টিৰ বাবে বহু কৃষি নষ্ট হৈছিল৷ তৎসত্বেও অসমৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে ‘সেউজ বিপ্লৱ’ অব্যাহত ৰাখিছে৷