Logo
image

বহুবল্কী সম্বিৎ পাত্ৰৰ মুখত তলা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্ছ প্ৰশংসা কৰিবলৈ গৈ ‘মহাপ্ৰভু জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত’ বুলি মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ সম্বিৎ পাত্ৰ৷ উল্লেখ্য, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰীত সম্বিৎ পাত্ৰক লগত লৈ এক বিশাল ৰোড শ্ব’ কৰিছিল৷ এই ৰোড শ্ব’ৰ পাছত স্থানীয় ওড়িশা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত কথাৰ মাজতে সম্বিৎ পাত্ৰই কৈছিল– ‘মহাপ্ৰভু জগন্নাথো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভক্ত৷’ লগে লগে এই বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হয়৷ প্ৰথমে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– এয়া মহাপ্ৰভু ভগৱানৰ প্ৰতিয়েই অপমান৷ মহাপ্ৰভু জগন্নাথ সমগ্ৰ ব্ৰহ্মাণ্ডৰে অধিপতি৷ সেই মহাপ্ৰভুক এজন মানুহৰ ভক্ত বুলি কোৱাটো মহাপ্ৰভুৰ প্ৰতিয়েই কৰা এক ঘোৰ অপমান৷ এই মন্তব্যই ওড়িশাবাসীৰ লগতে সমগ্ৰ বিশ্বতে থকা কোটি কোটি মহাপ্ৰভুৰ ভক্তৰ অনুভূতিত আঘাত হানিছে৷’ নবীন পাটনায়কৰ এই টুইটৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আদিয়ে সম্বিৎ পাত্ৰৰ মন্তব্যক ভাষাৰে সমালোচনা কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইয়াৰ মাজতে নিজৰ চাফাই গাই সম্বিৎ পাত্ৰই কয়– ‘জিভা পিছলা বাবেহে এনে হ’ল৷ প্ৰকৃততে মই ক’ব বিচাৰিছিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও মহাপ্ৰভু জগন্নাথৰ ভক্ত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো মহাপ্ৰভু জগন্নাথৰ মন্দিৰলৈ নিয়মীয়াকৈ প্ৰাৰ্থনাৰ বাবে আহিছিল৷ কোনো সুস্থ মনৰ মানুহে ক’ব নোৱাৰে যে কোনোবা মানুহৰ ভক্ত ভগৱান হ’ব পাৰে৷ মোৰ অবাঞ্ছিত মন্তব্যই যিসকলৰ অন্তৰত আঘাত দিছে, সকলোৰে ওচৰত মই কৰজোৰে ক্ষমা বিচাৰিছোঁ৷ অনিচ্ছাকৃত ভুলৰ বাবে ভগৱানেও ক্ষমা কৰি দিয়ে৷ তথাপি মই তিনি দিন উপবাসে থাকি এই ভুলৰ প্ৰায়শ্চিত্ত কৰিম৷’ স্বাভাৱিকতে ভোটৰ উত্তেজনাত বিতৰ্কিত মন্তব্য কৰি বহুবল্কী  সম্বিৎ পাত্ৰৰ মুখত লাগিল তলা৷