Logo
image

দুৰ্গাপূজাক লৈ হিমন্তৰ মন্তব্যত বংগত তৃণমূলৰ বিক্ষোভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজা সন্দৰ্ভত কৰা এক মন্তব্যই চুবুৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম কৰিছে৷ দমদমত এক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে– ‘দুৰ্গাপূজা কোনো উৎসৱ নহয়৷ দুৰ্গা পূজা আচলতে পূজাই৷’ এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই লগতে কৈছিল যে ‘ঈদক উৎসৱ বুলি কোৱাৰ ক্ষমতা আছে নেকি মমতা বেনাৰ্জীৰ৷ কোনোবা এদিন আপুনি [মমতা বেনাৰ্জীয়ে] এনেদৰে ক’ব– দুৰ্গা পূজা আচলতে পূজা নহয়, উৎসৱহে৷ পূজা কেনেকৈ উৎসৱ হ’ব পাৰে৷ পূজাত ৭২ ভৱগানৰ সৈতে সম্পৰ্ক স্থাপন হয়৷ মন্ত্ৰপাঠ কৰা হয়৷ পূজা উৎসৱ নহয়, পূজা পূজাই হয়, মমতা দিদি৷ আমাৰ দুৰ্গা পূজাক উৎসৱ বনোৱাৰ চেষ্টা আৰম্ভ হৈছে বাংলাৰ পৰাই, পূজাৰ পৰা আমি আধ্যাত্মিক শক্তি লাভ কৰোঁ৷ উৎসৱৰ পৰা শক্তি পোৱা নাযায়৷’ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে৷ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ ভিডিঅ’ পোষ্ট কৰি তৃণমূল কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰিছে৷ তৃণমূলৰ তথ্যপ্ৰযুক্তি কোষৰ প্ৰধান তথা তমলুক লোকসভা সমষ্টিৰ প্ৰাৰ্থী দেবাংশু ভট্টাচাৰ্যই অসমৰ মুখ্যমন্ত্ৰীক উভটি ধৰি কয়– ‘বাৰম্বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিয়ালৰ সদস্যই বাংলাৰ সংস্কৃতিক অপমান কৰিছে৷ বাংলাৰ ঐক্যক অৱমাননা কৰিছে৷ দুৰ্গা পূজাৰ ঐতিহ্যক লৈ প্ৰশ্ন তুলি আমাৰ বিশ্বাসৰ ওপৰত আঘাত কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ আমাৰ বৈচিত্ৰময় বাংলাত এই বাংলাবিৰোধী, বহিৰাগতসকলৰ কোনো স্থান নাই৷ বিজেপিৰ বাংলাবিৰোধী মুখা খোল খাইছে৷’ ইফালে, আজিও পশ্চিম বংগৰ ডায়মণ্ড হাৰবাৰ, মথুৰাপুৰ আদিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ড॰ শৰ্মাই কয়– ‘মমতা বেনাৰ্জীৰ মন্ত্ৰীৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত শিক্ষক কেলেংকাৰিৰ বাণ্ডিলে বাণ্ডিলে টকা ওলায়৷ ৩০ কোটি টকা জব্দ হৈছে৷ মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ ৰাজ্যিক কৰ্মচাৰীসকলক মাত্ৰ ১৪ শতাংশহে ডিএ দিয়ে৷ অথচ অসমে ৫০ শতাংশ ডিএ দিয়ে৷ ৰামকৃষ্ণ মিছন, ভাৰত সেৱা সমিতিক আক্ৰমণ কৰি মমতা বেনাৰ্জীয়ে মহাপাপ কৰিছে৷’