Logo
image

গুৱাহাটীৰ চিটীবাছত মহিলা চোৰ, যাত্ৰীৰ ধন লুট

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবদক, ২২ মে’ : জেপলুৰুকা, চিলনীৰ চোৰ আৰু ডকাইতৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে গুৱাহাটীবাসী৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি হৈছে চোৰ-ডকাইতৰ উপদ্ৰৱ৷ চুৰি-ডকাইতি, হত্যা-হিংসা, লুণ্ঠনে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে৷ নিশাৰ কথা বাদেই, দিন দুপৰতে পথত নিৰাপদে খোজ কাঢ়িবলৈ যাবলৈ ভাবিবলগীয়া হৈছে সৰ্ব সাধাৰণ নাগৰিকে ৷ কিয়নো কোন মুহূৰ্তত চিলনী চোৰে ডিঙিৰ চেইন আৰু মোবাইল ফোন কাঢ়ি নিয়ে তাৰ কোনো ঠিকনা নাই৷ আনহাতে মহানগৰীত পিটপিটাই ফুৰা চোৰৰ দলে কোন মুহূৰ্তত মহানগৰবাসীৰ দুৱাৰ-খিৰিকী ভাঙি লুটপাত চলায় তাৰো কোনো নি(য়তা নাই৷ আনকি গুৱাহাটী মহানগৰীত আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়ৰ কৰ্মচাৰীও সুৰক্ষিত নহয়৷ গুৱাহাটী মহানগৰীত সক্ৰীয় হৈ আছে মহিলা পকেটমাৰৰ দল৷ এই দলটোৰ এগৰাকী সদস্যই আজি এগৰাকী চিটিবাছ যাত্ৰী তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীৰ পৰা কৌশলেৰে ২৬ হাজাৰ টকা লুট কৰি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়ৰ কৰ্মৰত সোণেশ্বৰী কলিতা নামৰ মহিলাগৰাকীয়ে আজি আদাবাৰীৰ পৰা এএছ ০১-জিচি-৮৮০০ নম্বৰৰ চিটিবাছখনত পাণবজাৰলৈ আহি থকাৰ সময়তে কাষতে বহি অহা মহিলাগৰাকীয়ে ধনখিনি লুট কৰি নিয়ে৷ চিটিবাছখনত যাত্ৰী হিচাপে অহা পকেটমাৰ মহিলাগৰাকীয়ে কাছাৰী বাছষ্টপেজত নামি পলায়ন কৰে৷ ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে ৰঙিয়াৰ বাসিন্দা মহিলাগৰাকীৰ পুত্ৰ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছিল৷ পুত্ৰৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ মহিলাগৰাকীয়ে ধনখিনি আনিছিল৷ সেই ধনখিনি এগৰাকী মহিলা জেপলুৰুকাই লুট কৰি নিয়াত মহিলা গৰাকী বিপদৰ সম্মুখীন হব লগা হৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷