Logo
image

‘১১লৈ নামিছে বিজেপি আৰু হ’ব নিম্নগামী’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : যদি মীৰা বৰঠাকুৰ পৰাস্ত হয় তেন্তে কংগ্ৰেছৰ ভুলৰ বাবে হ’ব বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতে মঙলবাৰে নিশা গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী সোণাপুৰৰ এখন ৰিজৰ্টত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বিধায়ক অখিল গগৈ৷ এই বৈঠকত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ চাৰিওজন নেতাৰ মাজত দীৰ্ঘ সময় ধৰি ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ আজিৰ এই বৈঠকে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে৷ কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক যিধৰণে সমৰ্থন দিব লাগিছিল সেইধৰণে দিয়া নাই বুলি এটা সাক্ষাৎকাৰত অভিযোগ কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ কংগ্ৰেছত টীম ৱাৰ্কৰো অভাৱ বুলি তেওঁ মন্তব্য কৰিছিল৷ ইয়াৰ পাছতে ভূপেন বৰা, লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা আৰু অখিল গগৈৰ এই ৰিজ’ৰ্ট ৰাজনীতিয়ে এক নতুন দিশৰ সূচনা কৰিব পাৰে বুলি দাবী কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই৷ সোণাপুৰৰ দিছাং ৰিজ’ৰ্টত অনুষ্ঠিত এই বৈঠকত নেতা তিনিজনে মূলতঃ সদ্যসমাপ্ত লোকসভাৰ নিৰ্বাচনৰ পোষ্টমৰ্টেম কৰাৰ সমান্তৰালভাৱে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত বিতং পৰ্যালোচনা কৰা বুলি সূত্ৰটোত প্ৰকাশ৷ আজিৰ এই বৈঠকৰ পূৰ্বে ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত ভৱিষ্যদ্বাণী কৰি সভাপতি বৰাই দাবী কৰিছিল যে বিজেপিৰ আসন এইবাৰ বহু কমিব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– এইবাৰ আমি ভোজ পতা নাই৷ এইবাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীৰে আশা যে আগতকৈ বহুত ভাল ৰিজাল্ট হ’ব৷ আগতকৈ বহুত ভোট বাঢ়িছে৷ বিজেপিৰ আসনৰ সংখ্যা ১৪ৰ পৰা আহি আহি ১১ পাইছে৷ এসপ্তাহত ১১লৈ আহি গ’ল৷ আৰু সাতদিন চাই থাকক কিমানলৈ কমে বিজেপিৰ আসন৷ বিজেপিত এতিয়াও খেল আৰম্ভই হোৱা নাই৷ খেলৰ আগৰ ৱাৰ্ম আপ আৰম্ভ হৈছে৷ কেপ্টেইন ফিল্ডত অহাই নাই৷ কেপ্টেইন যেতিয়া হাৰিব ৪ জুনৰ পাছতহে তেওঁ ফিল্ডলৈ আহিব৷ আনহাতে, আজি দিনৰ ভাগত বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কটাক্ষ কৰি কৈছিল যে এইবাৰ কংগ্ৰেছৰ হৈ অখিল গগৈয়ে যি হোমৱৰ্ক কৰিলে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ অতি সোনকালে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব৷