Logo
image

খেলা হবে

মমতাৰ প্ৰতিধবনি হিমন্ত, বঞ্চিত দিলীপৰ মুখত

আমাৰ অসম, ১৩ মাৰ্চঃ হঠাৎ নিৰ্বাচনী ৰাজনীতিত দুটা শব্দই ধুমুহা আনিছে৷ কি শাসক, কি বিৰোধী, কি টিকট বঞ্চিত বিদ্ৰোহী সকলোৰে মুখত আখৈ ফুটা দি ফুটা শব্দ দুটা হৈছে– ‘খেলা হবে৷’ কৰপৰা আহিল এই বঙলুৱা শব্দ দুটা৷ বেচি দূৰৈৰ নহয়, এই শব্দ দুটাৰ উৎপত্তিস্থল হ’ল চুবুৰীয়া ৰাজ্য পশ্চিমবংগ৷ যোৱা দুটা মাহ ধৰি এই শব্দ দুটাই বংগৰ বুকুৰ পৰাই সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে৷ এই ‘খেলা হবে’ শব্দৰ সৃষ্টিকৰ্তা হৈছে বীৰভূমৰ বাহুবলী তৃণমূল কংগ্ৰেছৰ নেতা তথা মমতা বেনাৰ্জীৰ ঘনিষ্ঠ অনুব্ৰত মণ্ডল৷ পশ্চিমবংগৰ নিৰ্বাচনৰ নিৰ্বাচনী ডামামা বজাৰ বহু পূৰ্বেই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বীৰভূমলৈ এক বৃহৎ সংখ্যক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান পঠিয়াই ‘ৰুট মাৰ্চ’ কৰাত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুব্ৰত মণ্ডলে এনেদৰে কৈছিল– ‘ওৰা বুথে খেল খেলবে, আমৰা মাঠে খেলবো, খেলা হবে, ভয়ংকৰ খেলা হ’বে৷’ উল্লেখ্য যে অনুব্ৰত মণ্ডলৰ এই ‘খেলা শব্দ’ দুটাৰ হঠাৎ ভাইৰেল হৈ পৰে৷ ইয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ গায়ক নেতা দেৱাংগসু ভট্টাচাৰ্যই ৰেপ সংগীতৰ সুৰ দি ‘খেলা হবে’ শীৰ্ষক গীতটো তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী গীত হিচাপে আনুষ্ঠানিকভাৱে ইউ টিউবত মুকলি কৰে৷ লগে লগে নিৰ্বাচনী ভাইৰাছৰ দৰে এই খেলা হবে জনপ্ৰিয় হৈ পৰে৷ কেৱল চুবুৰীয়া বংগতেই নহয়, অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাতো লাহে লাহে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰিছে এই ‘খেলা হবে’৷ আজি বিজেপিৰ টিকট বঞ্চিত শিলচৰৰ বিধায়ক দিলীপ পালে লগত প্ৰায় তিনি হাজাৰ সমৰ্থক লৈ  ‘খেলা হবে’ শীৰ্ষক গীত বজাই বৃহৎ সমদল কৰি শিলচৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ ইপিনে লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰক লগত লৈ আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে লামডিঙত বিশাল সমদল কৰি ধবনি দিলে– ‘খেলা হবে’৷ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ হাজাৰ হাজাৰ সমৰ্থকে ‘খেলা হবে’ শীৰ্ষক শ্লোগান দি এক বৃহৎ ৰেলী বাহিৰ কৰে৷ ৰকিবুল হুছেইনৰ মুখত ‘খেলা হবে’ শব্দ ওলোৱাৰ পাছত ৰৈ থাকিব নোৱাৰিলে বিজেপিৰ শীৰ্ষ নেতা ড॰ হিমন্ত বিশ্ব শৰ্মাও৷ তেওঁৱো আজি এক নিৰ্বাচনী সভাত ক’লে – ‘খেলা হবে৷’ ইতিমধ্যে অসমতো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‘খেলা হবে’ শ্লোগান৷