Logo
image

ছিংগাপুৰৰ পৰা ভাৰতত পুনৰ ক’ভিড সংক্ৰমণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ মে’ ঃ পুনৰ ক’ভিডৰ কৰাল গ্ৰাসত পৰিব নেকি দেশ? ছিংগাপুৰত ক’ভিড ভাইৰাছৰ দুবিধ নতুন ছাব-ভেৰিয়েণ্টে [উপ-প্ৰজাতি] আতংক সৃষ্টি কৰাৰ পাছত সেই উপ-প্ৰজাতিত ভাৰততো ৩০০ৰো অধিক আক্ৰান্ত হোৱাত তেনে শংকাৰ সৃষ্টি হৈছে৷ কেপি-২ আৰু কেপি- ১ নামৰ ক’ভিড ভাইৰাছৰ দুবিধ উপ-প্ৰজাতিয়ে প্ৰথমে ছিংগাপুৰ আৰু সম্প্ৰতি ভাৰতত ব্যাপক হাৰত সংক্ৰমণ বঢ়াইছে৷ ভাৰতত আক্ৰান্ত ২৯০জনৰ  শৰীৰত পোৱা গৈছে কেপি-২ উপ-প্ৰজাতিৰ উপস্থিতি আৰু ২৯জনৰ দেহত পোৱা গৈছে কেপি-১৷ চিকিৎসা বিজ্ঞানীৰ মতে কেপি-১ আৰু কেপি-২ হৈছে জে এন-১ ভেৰিয়েণ্টৰ [প্ৰজাতি] ছাব ভেৰিয়েণ্ট [উপ-প্ৰজাতি]৷ এতিয়ালৈকে কেপি-১ আৰু কেপি-২ ভয়ংকৰ নহয় বুলিয়েই বিশেষজ্ঞৰ দাবী৷ কিন্তু ই পুনৰ কেতিয়া প্ৰজাতি সলনি কৰি মাৰাত্মক আৰু সংহাৰী হৈ পৰিব পাৰে, তাৰ কোনো নিশ্চয়তা নথকা বুলি কৈছে বিশেষজ্ঞই৷ ফলত আৰম্ভ হৈছে তীব্ৰ শংকা৷ 

ক’ভিডৰ ভেকচিন বা প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়াৰ বাতৰিক লৈ দেশ বিদেশত আতংক সৃষ্টি হোৱাৰ মাজতে পুনৰ নতুন প্ৰজাতিৰে ক’ভিড ভাৰতত দ্ৰুতগতিত বিয়পি পৰাৰ ঘটনাই স্বাভাৱিকতে নতুন ভীতিৰ সৃষ্টি কৰিছে৷ অলপতে ক’ভিশ্বিল্ড তৈয়াৰ কৰা ব্ৰিটিছ-ছুইডিছ কোম্পানী এষ্ট্ৰাজেনেকাই তেওঁলোকৰ প্ৰতিষেধকৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি ব্ৰিটিছ উচ্ছ ন্যায়ালয়ত স্বীকাৰ কৰাত বিশ্বব্যাপী আতংক বিয়পি পৰিছিল৷ ভাৰতত তাৰ মাত্ৰা অধিক আছিল, কিয়নো দেশৰ প্ৰতিষেধক লোৱা ৮০ শতাংশই ব্যৱহাৰ কৰিছিল ক’ভিশ্বিল্ড৷ তাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে এটা সমীক্ষাৰ ফলাফল ৰাজহুৱা কৰি ক’লে– ভাৰতত তৈয়াৰী ক’ভাক্সিনৰো প্ৰবল পাশ্বৰ্ক্ৰিয়া আছে৷

এনে আতংকৰ মাজত দেশত তিনিশতাধিক লোক ক’ভিডৰ ভাইৰাছৰ নতুন প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হোৱাত দেশজুৰি শংকা-ভীতিৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্ৰত নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে ১৪৮জন৷ আনহাতে, নতুন ভেৰিয়েণ্টৰ দ্বাৰা পশ্চিম বংগত ২৩, গুজৰাটত ২৩, কৰ্ণাটকত ২০, ৰাজস্থানত ২১, ওড়িশাত ১৭, উত্তৰাখণ্ডত ১৬, গোৱাত ১২, উত্তৰ প্ৰদেশত ৮জন আক্ৰান্ত হৈছে৷