Logo
image

’২৬ত একত্ৰিত হৈ যুঁজিব ৰাজ্যৰ আঞ্চলিক দলসমূহে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ ঃ চাৰি জুনত নিৰ্বাচনী ফলাফল যিয়ে নহওক কিয়– সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমত বিজেপিক ঘটে ঘটে পানী খুৱালে বুলি প্ৰতীয়মান হৈছে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ নেতৃত্ব৷ বিজেপিৰ বেলিমাৰ হ’ব বুলি আত্মবিশ্বাস বাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, অজিত ভূঞাৰ৷ অসমত নব্য  ৰাজনৈতিক পট পৰিৱৰ্তনৰ আশাৰে কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চই৷ লক্ষ্য বহু দূৰ– ২০২৬ত অসমত বিজেপিক পৰাভূত কৰি দিছপুৰত মছনদ দখলৰ সপোন দেখিছে ঐক্যমঞ্চই৷ ইয়াৰ বাবে ঘনে ঘনে অনুষ্ঠিত হৈছে চিন্তন, মন্থন, পোষ্টমৰ্টেম বৈঠক৷ মঙলবাৰে গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী সোণাপুৰৰ এখন ৰিজ’ৰ্টত ভূপেন বৰা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞাৰ মাজত অনুষ্ঠিত হৈছিল এখন ৰিজ’ৰ্ট বৈঠক৷ সোণাপুৰৰ দিছাং ৰিজ’ৰ্টত অনুষ্ঠিত এই বৈঠকত নেতা তিনিজনে মূলতঃ সদ্যসমাপ্ত লোকসভাৰ নিৰ্বাচনৰ পোষ্টমৰ্টেম কৰাৰ লগতে সমান্তৰালভাৱে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভতো বিতং পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে কংগ্ৰেছ দলে গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক যেনেদৰে সমৰ্থন দিব লাগিছিল সেইধৰণে দিব নোৱাৰিলে বুলি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মন্তব্য কৰাৰ পাছতে অনুষ্ঠিত কালিৰ এই ৰিজ’ৰ্ট বৈঠকে ৰাজ্যৰ ৰাজনীতিক প্ৰদান কৰিছিল সুকীয়া মাত্ৰা৷ ইফালে, সেই বৈঠক সমাপ্ত কৰিয়েই আজি পুৱা গুৱাহাটীৰ শূলিন গ্ৰেণ্ডত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্যোগত অনুষ্ঠিত হ’ল চাৰিটা আঞ্চলিক দলৰ নেতৃত্বৰ আন এখন বহুচৰ্চিত চাহমেল৷ ২০২৬ত এটা ছাতিৰ দললৈ আহি বিজেপিক পৰাভূত কৰাৰ লগতে বিপৰীতে আন কাৰোবাৰ বোকোচাত নুঠাকৈ কেনেদৰে সন্মিলিতভাৱে আগবাঢ়িব লাগে ইত্যাদি এজেণ্ডালৈয়ে শূলিন গ্ৰেণ্ডত আজি অজিত কুমাৰ ভূঞাৰ উদ্যোগত একত্ৰিত হ’ল ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জাতীয় দল আৰু কাৰ্বি আংলঙৰ এপিএইচএলচি দল৷ অজিত কুমাৰ ভূঞা, লুৰীণজ্যোতি গগৈ, অখিল গগৈ, জন ইংতি কাথাৰৰ মাজত অনুষ্ঠিত এই চাহমেলত কেউজন নেতাই ৰাজ্যৰ বিজেপি বিৰোধী আঞ্চলিক ৰাজনৈতিক দলসমূহ উমৈহতীয়াভাৱে একেটা ছাতিৰ তললৈ অহাৰ বাবে ঐক্যমত পোষণ কৰে৷ বৈঠকৰ অন্তত সাংসদ অজিত কুমাৰ ভূঞাই কয়– ‘ৰাইজে হয়তো বিচৰা নাই কাৰোবাৰ বোকোচাত উঠি আঞ্চলিকতাবাদ জীয়াই থাকক৷ সমভাৱাপন্ন কেউটা আঞ্চলিক দল বিলীন হোৱাটো সহজ নহয়৷ কিন্তু আমি এটা ছাতিৰ তললৈ আহিলেও কথাটো হৈ যায়৷’ ইফালে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়– অসমৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰাৰ স্বাৰ্থত আমি মিলিত হৈছোঁ৷ কংগ্ৰেছসহ আমি ঐক্যবদ্ধ শক্তিয়ে ২০২৬ত বিজেপিৰ বিৰুদ্ধে যুঁজ দিম৷ ২০২৬লৈকে নিৰ্বাচন আমি একেলগে খেলিম, একেটা ছাতিৰ তলতে থাকিম৷ আঞ্চলিক দলসমূহে যিমান দিনলৈ পাৰোঁ আঞ্চলিক দলসমূহৰ এখন মৰ্চা গঠন কৰিম, আটাইকেইটা পাৰ্টী লগ লাগি থাকিম৷ বিজেপিৰ অপশাসন অন্ত পৰি কংগ্ৰেছে দেশ চলালে যাতে আঞ্চলিকতাবাদক বিনষ্ট কৰিব নোৱাৰে তাৰ উদ্দেশ্যে আমি একগোট হৈ থাকিম৷ আঞ্চলিক শক্তি এক হ’ব, দ্বিতীয় কথা ২০২৬ত বিজেপিক পৰাভূত কৰিম৷ একত্ৰীকৰণৰ বাবে কথা-বতৰা পাতি আছোঁ৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু জাতীয় দল, অসমৰ লগত কথা-বতৰা পাতি আছোঁ৷ বিজেপিক এতিয়া আমি চেলেঞ্জ কৰিছোঁ৷ ক্লাৱৰ সভাপতি বুলি এতিয়া কওকচোন লুৰিণজ্যোতি গগৈক৷ বিজেপিৰ আটাইতকৈ ডাঙৰ নেতাজনেই পৰাজয়ৰ পৰ্যায়লৈকে গুচি গ’ল৷ হিমন্তবিশ্ব শৰ্মাই বাপেকৰ টকাৰে আঁচনি দি আছে নেকি? দম্ভালি যিধৰণে মাৰে, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ যুৱকসকল, অভিজ্ঞসকল, জ্যেষ্ঠ নাগৰিকসকল বিৰোধীৰ সৈতে আছে৷ ২০২৪ত আপ, টিএমচিয়ে নিজাকৈ টিকট দিলে, কিন্তু ৰাইজ দেখোন বিৰোধীৰ লগতহে থাকিল ৷ অসমৰ জতীয় স্বাৰ্থ বিঘ্নিত হোৱাকৈ কোনো ৰাষ্ট্ৰীয় দলে কাম কৰিব নোৱাৰে৷ আজিৰ দিনটোত মই ৬খন আসন পাম বুলি ক’ম৷ বিজেপিৰ ৰাজনৈতিক ভৱিষ্যত বিপন্ন হৈছে৷ বিজেপিৰ গোটেই ভাৰততে অৱস্থা বেয়া হৈছে, মোদীৰ মুখখন টুটুৰা মাৰিছে৷ যদি ইভিএম টেম্পাৰিং নকৰে অৱস্থা বেয়া হ’ব এইবাৰ বিজেপিৰ৷’ আনহাতে, লুৰীণজ্যোতি গগৈয়ে কয়– কংগ্ৰেছক লগতলৈয়ে আমি আগবাঢ়িব লাগিব৷ সাম্প্ৰদায়িক বিজেপিক ৰুধিবলৈ ইয়াৰ বাহিৰে বিকল্প নাই৷ দেশৰ সংবিধান গণতন্ত্ৰ ৰক্ষাৰ যুঁজত আমি এক হ’ব লাগিব৷ ভয়াৱহ সাম্প্ৰদায়িক নাগপাশৰ আমি ৰাইজৰ মুক্ত কৰিব লাগিব৷’ ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি এক সুকীয়া সংবাদ মেলত কয় যে আমি কিমানখন আসনত জয়লাভ কৰিম, কালিৰ বৈঠকত আমাৰ চাৰিওজন নেতাৰে মত মিলিছে৷ বিৰোধীক একত্ৰিত কৰাত আমি ৯০ শতাংশ সফল হৈছো৷ জুনৰ দ্বিতীয় সপ্তাহত আমি কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত কৰি ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰিম৷ লোকসভাৰ ফলাফলৰ পাছতে আমি পঞ্চায়ত নিৰ্বাচনলৈ সাজু হ’ম৷ বুথে- ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী, মণ্ডলে আঞ্চলিকৰ সদস্য, ব্লকে পঞ্চায়ত সভাপতি, জিলাই জিলা পৰিষদৰ প্ৰাৰ্থী বাছনি কৰিব পৰা এক ব্যৱস্থা আমি ৰাজনৈতিক পৰ্যালোচনা বৈঠকতে ঠিৰাং কৰিম৷