Logo
image

কেতেকীৰ কথাও পাতক

নাকেৰবাৰীত কেতেকী ফুলিছে৷ বসন্ত কাল, কপৌ-কেতেকী ফুলাৰেই বতৰ৷ পিছে, আমি সৰহভাগেই হয়তো কেতেকী ফুলৰ নামেই শুনা নাই, শুনা নাই নাকেৰবাৰীৰ নামো৷ বাতৰি কাকতত খবৰ হৈ আহিছে নলবাৰীৰ সমীপৱৰ্তী কৈঠালকুছিৰ কাষৰ কোনো অখ্যাত গাঁও নাকেৰবাৰীত আপুৰুগীয়া কেতেকী ফুলি চৌপাশ আমোল-মোলাই থকাৰ কথা৷ এই আপুৰুগীয়া, থলুৱা ফুলপাহ অতিকে সুগন্ধিযুক্ত৷ সাধাৰণতে প্ৰকৃতিৰ বুকুত হাবিয়নিৰ মাজতহে কেতেকী ফুলে৷ বজালীৰ ডুবি দেৱালয়ৰ সমীপত, তেজপুৰৰ মোৱামাৰী গাঁৱত, খুমটাইত ধোদৰআলিৰ দুকাষে আদি কোনো কোনো ঠাইতহে অতি কমকৈ এই ফুল ফুলে৷ বিৰল প্ৰজাতিৰ এই ফুলে অসমৰ পৰ্যটন তথা অৰ্থনীতিৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনিব পাৰে যদিও কতৃৰ্পক্ষই পৰিকল্পিতভাৱে ‘কেতেকী-প্ৰকল্প’ৰ কথা আগবঢ়াই নিয়ে৷ কেৱল কেতেকীয়েইনে? বাতৰি হৈ আহিছে তেজপুৰ আদালত চৌহদত ফুলি থকা ১২৩ বছৰীয়া ৩০ জোপা এজাৰৰ বেঙুণীয়া হাতবাউলিৰ কথাও৷ এয়া হেনো ব্ৰিটিছ চাহাবে ৰোপণ কৰি থৈ যোৱা এজাৰ৷ ভাগ্য ভাল তথাকথিত উন্নয়নৰ কুঠাৰাঘাতে এজাৰক চুব পৰা নাই৷ কেইবছৰমান পূৰ্বে হেনো পত্ৰযোগে লণ্ডনৰ পৰা এই এজাৰ কেইজোপাৰ খবৰো কোনোৱে লৈছিল৷ বেজাৰৰ কথা এয়ে যে এই এজাৰ, কেতেকী, সোণাৰু, ৰাধাচূড়া, পলাশ, শিমলু বা কৃষ্ণচূড়াৰ বাবে কথা পাতিবলৈ আমাৰ সময় নাই৷ আগ্ৰহ-অনুৰাগো নাই, অথবা নাই কোনো প্ৰকল্প-পৰিকল্পনা৷ জাপানৰ চেৰী-ব্লজ’ম অথবা নেদাৰলেণ্ডৰ কিউকেনহফৰ দৰে টিউলিপ প্ৰদৰ্শনৰ প্ৰকল্প লৈ পৰ্যটকক আদৰি আনি ৰাজহ বঢ়োৱাৰ কথাও আমি ভাবিব নোৱাৰোঁ৷ ৰাজহ অৰ্জনৰ সহজ উপায় যেনে, সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি আদিবোৰ থাকোঁতেই ইমান কষ্টসাধ্য কামলৈ আমি যামেই বা কিয়? চুবুৰীয়া মেঘালয়ে পাতি থাকক চেৰী-ব্ল’জমৰ মহোৎসৱ, আমি ফুল বিক্ৰী কৰি ৰাজভঁৰাল চহকী নকৰিলেও চলিব৷ বাৰীৰ কেতেকী থাকক বাৰীতেই, সেইবোৰৰ পৰা সুগন্ধি দ্ৰব্য, প্ৰসাধন, তেল আদিৰ উদ্যোগ পতাৰ কথা পাতিবলৈ আমাৰনো বছৰটোত আজৰি সময় ক’ত? এই বছৰটোৰ কথাই যদি আমি লও, দেখিম যে নিৰ্বাচনৰ গুণা-গঁথাৰ পৰা আৰম্ভ কৰি ফলাফল দিয়ালৈ ছমাহ আৰু বাকী ছমাহ নিৰ্বাচনৰ প’ষ্টমৰ্টেম কৰোঁতেই উকলিব৷ দেশৰ ৰজা-মন্ত্ৰী, পাত্ৰ-পাৰিষদকে আদি কৰি টিভি নিউজ চেনেলবোৰতো সৰু-বৰ নেতাক লৈ কেৱল মাথোন নিৰ্বাচনৰ কথা, কোন জিকিব, কোনে কিমান বেছি ভোট পাব, কোন কিমানবাৰ জিকিল, কিমানবাৰ গাদী দখল কৰিলে ইত্যাদি গুৰুত্বপূৰ্ণ ৰাজনৈতিক চৰ্চা-আলোচনা৷ এইবোৰৰ মাজত নাকেৰবাৰীৰ কেতেকীৰ গোন্ধ কাৰনো নাকত লাগিব? তথাপিও খবৰ আহে বাতৰি কাকতত তেজপুৰৰ শিক্ষিতা মহিলাই হাইড্ৰ’প’নিক কৃষি কৰাৰ; কৃষ্ণা বৰমুদৈ নামৰ মহিলাগৰাকীয়ে আধুনিক পদ্ধতিৰ মাটিৰ পৰিৱৰ্তে পানীত বিজ্ঞানসন্মতভাৱে খেতি কৰি গাজৰ, জলকীয়া, বেঙেনা, ব্ৰ’কলি, মটৰমাহ, তিয়ঁহ উৎপাদন কৰি নিদৰ্শন ডাঙি ধৰিছে৷ কোনোবাই শিকিব বিচাৰিলে শিকোৱাৰ কথাও কৈছে৷ পিছে এইবোৰলৈ মন-কাণ কৰোঁতাহে কোনো নাই৷ খবৰ আহে জোনাইৰ সীতাৰাম ছেত্ৰীয়ে চৰকাৰী ঘৰৰো কোনো সহায় নোলোৱাকৈ নিজাববীয়াকৈ ৫ বিঘা মাটিত জৈৱিক পদ্ধতিৰে ভাতকেৰেলা, ভেন্দি, লেচেৰামাহ, কোমোৰা, স্কোৱাচ আদিৰ খেতি কৰি স্থানীয় যুৱক-যুৱতীকো সংস্থাপন দিব পৰাকৈ উপাৰ্জন কৰিছে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা এনে উৎসাহপূৰ্ণ খবৰবোৰ বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাবোৰৰ স্থানীয় সংবাদ হৈ আহে৷ সংবাদ আহে হুগ্ৰাজুলিৰ দিলীপ নাথে মূল্যবান বনচোম গছ ৰোপণ কৰি বাগিচা গঢ়ি তোলাৰ৷ এনে খবৰবোৰ স্থানীয় সংবাদ হৈ বাতৰি কাকতৰ একোটা কোণত পৰি ৰয় জনতাৰ প্ৰতিনিধিসকলৰ ইয়াত কৰিবলগীয়া নাথাকে একো৷ এতিয়া আমাৰ ৰাজ্যত গণ্ডাই গণ্ডাই নিউজ চেনেল, নিউজ প’ৰ্টেল৷ সেইবোৰে এনে ইতিবাচক বাতৰিবোৰ নিজৰ প্ৰাইম-টাইম চৰ্চাৰ মজিয়ালৈ তুলি নিব পৰাৰ যোগ্য বুলি বিবেচনা নকৰে৷ কাণ ঘোলা হৈ যোৱাকৈ নিৰ্বাচন ভিত্তিক চৰ্চা-আলোচনা, হৈ-হাল্লাৰে চৰ্বিত চৰ্বন কৰি থাকিব, তথাপি এনেবোৰ বিষয়ত গুৰুত্ব প্ৰদান নকৰে৷ সংবাদসেৱীসকলে খবৰবোৰ উলিয়াই আনে সেই খবৰ কতৃৰ্পক্ষৰ দৃষ্টিগোচৰ কৰিব পাৰে পৰৱৰ্তী চৰ্চা-আলোচনাবোৰে৷ এই ক্ষেত্ৰত নিউজ চেনেলসমূহে আগভাগ লোৱা উচিত৷ ব্যক্তিগত স্তৰত কৰা ক্ষুদ্ৰ প্ৰচেষ্টাবোৰে চৰকাৰী কতৃৰ্পক্ষৰ পৃষ্ঠপোষকতাত প্ৰসাৰ লভিব পাৰে৷ ৰাজ্যখনৰ নিবনুৱাসকলৰ স্বাৰ্থত কতৃৰ্পক্ষই যদি পৰিকল্পিতভাৱে এইবোৰ কামৰ বিস্তাৰ সাধনত সহায় আগবঢ়ায়, তেন্তে, ৰাজ্যখনৰ অৰ্থনীতিয়েও স্বস্তিৰ নিশ্বাস এৰিব পাৰে৷ ৰাজ্যখনৰ তথাকথিত উন্নয়নৰ নামত মাত মাতি থকা জাতীয় সংগঠনবোৰেও এই ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াব পাৰে৷ এইবাৰ বিহু আৰু নিৰ্বাচনৰ নিচা ফটাৰ পিছত সকলোৱে কেতেকী-বনচোম অথবা হাইড্ৰ’প’নিক-জৈৱিক কৃষি আদিৰ প্ৰসংগকো বিচাৰ-বিবেচনা, চিন্তা-চৰ্চাৰ মাজলৈ আনক৷