মোদী, শ্বাহ, ৰাজনাথ... ধুমুহা আনিব বিজেপিৰ ৰথী-মহাৰথীয়ে
◾অতুল বৰাৰ হৈ প্ৰচাৰ চলাব মোদীয়ে
◾আহিব ছোনিয়া, ৰাহুল, ড॰ সিঙো
আমাৰ অসম, ১৩ মাৰ্চঃ অসম বিধানসভা নিৰ্বাচনক বিশেষ গুৰুত্ব প্ৰদান কৰিছে বিজেপিয়ে৷ যিকোনো প্ৰকাৰে দলক পুনৰ ক্ষমতালৈ অনাৰ বাবে সৰ্বতো প্ৰকাৰৰ চেষ্টা চলাই আছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ দলৰ শীৰ্ষ সূত্ৰ মতে প্ৰধানমন্ত্ৰী মোদী ২০ মাৰ্চত অসমলৈ আহিব৷ সিদিনা প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব৷ ২১ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে অতুল বৰাৰ হৈ বোকাখাতত চলাব নিৰ্বাচনী প্ৰচাৰ৷ ১৪ মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷ বিজেপিৰ সূত্ৰটোৰ মতে অমিত শ্বাহে সিদিনা মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ ১৫ মাৰ্চত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ নড্ডাই নৱ দলেৰ হৈ ঢকুৱাখনাত নিৰ্বাচনী প্ৰচাৰ চলাব৷১৩ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ১৪ মাৰ্চত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব৷ ২১ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় ষ্টাৰ কেম্পেইনাৰ হিচাপে স্মৃতি ইৰাণীয়ে ১৩ মাৰ্চত ৰাজ্যিক বিজেপিৰ মৰিয়নীৰ প্ৰাৰ্থী ৰমণী তাঁতী, শিৱসাগৰৰ প্ৰাৰ্থী সুৰভী ৰাজকুৱৰী, চামুগুৰিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ একেদ ৰাজনাথ সিং ১৪ মাৰ্চত বিশ্বনাথৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ প্ৰাৰ্থী উৎপল বৰাৰ লগতে মিত্ৰজোঁট তথা অসম গণ পৰিষদৰ দেৰগাঁৱৰ প্ৰাৰ্থী ভৱেন ভৰালীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ ১৫ মাৰ্চত অসমলৈ আহিব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷ তেওঁ নাহৰকটীয়াত তৰংগ গগৈৰ হৈ দুলীয়াজানত টেৰচ গোৱালাৰ হৈ ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷
দেওবাৰে বিশ্বনাথত ৰাজনাথ সিং
১৪ মাৰ্চত বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীজনে বিশ্বনাথত বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু গহপুৰত বিজেপিৰ বিধায়ক উৎপল বৰাৰ হৈ প্ৰচাৰ চলাব৷ প্ৰথমখন সভা বিশ্বনাথ চাৰিআলিৰ প্ৰতাপগড় চাহ বাগিচাত দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব ৷ তাৰ পাছতে গহপুৰৰ নিৰ্বাচনী সভালৈ যাব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীজন৷ সেই দিনা বিয়লি প্ৰতিৰক্ষা মন্ত্ৰীজন দিল্লীলৈ উভতি যাব৷
অসমলৈ আহিব ছোনিয়া, মনমোহন সিং, ৰাহুল, প্ৰিয়ংকা
২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ছোনিয়া গান্ধী, ড॰ মনমোহন সিং, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মুকুল ৱাছনিক, ভূপেশ ভাগেল, অশোক গেহলট, চলমান খুৰছিদ, জিতেন্দ্ৰ সিং, বিকাশ উপাধ্যায়, অনিৰুদ্ধ সিং, নৱজোৎ সিং সিদ্ধু, মোহন প্ৰকাশ, নাবাম টুকি, মুকুল চাংমা, শচীন পাইলট আদি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল দলৰ বিভিন্ন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ আহিব৷ কংগ্ৰেছ প্ৰাৰ্থীৰ উপৰি মহাজোঁটৰ প্ৰাৰ্থীৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দই৷