Logo
image

হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

উৎকট গৰমত জলশুষ্কতাৰ (ডিহাইড্ৰেশ্বন) বাবে হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ বুধবাৰে শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰাত তেওঁক দুপৰীয়া আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়৷  আহমেদাবাদৰ ৪৫ ডিগ্ৰী তাপমাত্ৰা সহিব নোৱাৰি হিট  ষ্ট˜’কত শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰে৷ এই হিট ষ্ট˜’কৰ পাছত বলীউডৰ কিং খানে প্ৰকাশ কৰে যে এইদৰে হিট ষ্ট্ৰ’ক সাধাৰণ মানুহৰ হ’লে জীৱন পৰ্যন্ত  হানি হ’ব পাৰে৷ হিট ষ্ট’ক হ’লে শীঘ্ৰে চিকিৎসকৰ কাষ চপাটো প্ৰয়োজন৷ 


হিট ষ্ট্ৰ’কৰত আক্ৰান্ত হোৱা বুলি কেনেকৈ জানিব–
- হিট ষ্ট্ৰ’কত আক্ৰান্ত  হ’লে হঠাৎ লোকজন অস্থিৰ হৈ পৰাৰ লগতে অজ্ঞান হৈ পৰিব পাৰে৷ বমি বমি ভাব হোৱাৰ লগতে ডায়েৰিয়াজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
- উৎকত গৰমত পুৱা ১০ বজাৰ ৪ বজালৈকে পাৰিলে ঘৰৰ বাহিৰলৈ ওলাব নালাগে৷ এই সময়ছোৱাত সম্ভৱ হ’লে শীত তাপ নিয়ন্ত্ৰিত পৰিৱেশত থকাৰ চেষ্টা কৰিব লাগে৷ 
- গৰমত শৰীৰত পানীৰ পৰিমাণ যাতে অটুট থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে৷
- পৰাপক্ষত গৰম দিনকেইটাত পাতল আৰু ঢিলা পোছাক পৰিধান কৰিব লাগে৷ ঘাম শুহিব পৰা কাপোৰহে পিন্ধিব লাগে৷ এই সময়ছোৱাত টুপী আৰু ছানগ্লাছ ব্যৱহাৰ কৰাটো জৰুৰী৷ 
- গৰমৰ দিনকেইটাত ঘৰৰ বাহিৰলৈ কৰ্মসূত্ৰে যাব লগা হ’লে শৰীৰটো ঠাণ্ডা ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে৷ কাম কৰি থাকোঁতেই বিশ্ৰাম লোৱাটো জৰুৰী৷ কামৰ মাজত পানী খোৱাৰ অভ্যাস অটুট ৰাখক৷
- হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ নেমু, ডাবৰ পানী আদি প্ৰচুৰ পৰিমাণে খাব লাগে৷ তদুপৰি গৰম দিনকেইটাত বিভিন্ন ধৰণৰ সতেজ ফল-মূল খালে পুষ্টিৰ  উপৰি শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷