Logo
image

ধাৰাপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰঃ আৰক্ষীক সুৰক্ষা দিবলৈ নিৰ্দেশ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৪ মে': গুৱাহাটীৰ পশ্চিম  প্ৰান্তৰ ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীক ২৫ মে'ত ধাৰাপুৰ স্কুল খেলপথাৰত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অনুমতি প্ৰদান কৰে।  জানিব পৰা মতে, ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে যোৱা ২৭ এপ্ৰিলত ধাৰাপুৰ স্কুল খেলপথাৰত আয়োজন কৰা বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল জুবিন গাৰ্গক। কিন্তু সিদিনা নিশা জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰাৰ আগমুহূৰ্তত হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাই বিহু সন্মিলনীৰ মঞ্চ আৰু ৰভা নিমিষতে ভাঙি চুৰমাৰ কৰি পেলায়। সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা হাজাৰ-হাজাৰ দৰ্শক-শ্ৰোতা ধুমুহাই তচনচ কৰি পেলোৱা ৰভাৰ তলত আৱদ্ধ হৈ পৰে৷ ইয়াৰে কিছু সংখ্যক লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চকী-লাইট ভাঙি-চিগি যোৱাত বিহু সন্মিলনীৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়। লগে-লগে উক্ত নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয় বিহু সন্মিলনী। 

কিন্তু আশ্চৰ্যজনক কথা এই যে ধুমুহাই মূল মঞ্চ আৰু ৰভা ভাঙি পেলোৱাৰ পিছত একাংশ দুস্কৃতিকাৰীয়ে সাংস্কৃতিক অনুষ্ঠানত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকলৈ বুলি শিলগুটি নিক্ষেপ কৰে৷ লগে-লগে পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে। শিলগুটি নিক্ষেপ কৰাৰ ফলত আৰক্ষীৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। তেনেস্থলত কৰ্তব্যৰত আজাৰা আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি ৩৫৩/৩২৫/২৯৪/৪২৭/২৯০/৩৩৬ ধাৰাৰ অধীনত ৯৫/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ৮ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে। 

ইপিনে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৭ এপ্ৰিলত বাতিল হোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পুনৰ ২৫ মে'ত  আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তলৈ আৱেদন কৰে। ইয়াৰ পূৰ্বে যোৱা ২২ মে'ত গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত গৰাকীয়ে ধাৰাপুৰ স্কুল খেলপথাৰত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি ২৫ মে'ত অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠানত পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হ'ব বুলি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীক মৌখিকভাৱে জানিবলৈ দিয়ে। কিন্তু ২৩ মে'ত  ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে দিনৰ প্ৰায় ১০ বজাত গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তৰ পৰা এখন নিৰ্দেশনা লাভ কৰে, য'ত স্পষ্টকৈ লিখা আছিল যে বিগত ২৭ এপ্ৰিলত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক কেন্দ্ৰ কৰি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলিনীয়ে ২৫ মে'ত ধাৰাপুৰ স্কুল খেলপথাৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি অস্বীকাৰ কৰা হৈছে। 

উক্ত নিৰ্দেশনাটোক কেন্দ্ৰ কৰি ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলিনীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কিয়নো বিহু সন্মিলিনীয়ে ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠানৰ বাবে জুবিন গাৰ্গক ইতিমধ্যে যথেষ্ট পৰিমাণে আগধন দি থোৱা আছে। অৱশেষত ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে  গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত গৰাকীৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই শুকুৰবাৰে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলিনীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি(চি)২৭৪০/২০২৪ নম্বৰ যোগে এক লেখ আবেদন জনায়। লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া শুনানি অনুসৰি ২৫ মে'ত ধাৰাপুৰ স্কুল খেলপথাৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদানৰ লগতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত আৰক্ষীক সুৰক্ষা দিবলৈ নিৰ্দেশ প্ৰদান কৰে। 

সন্মিলনীৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, অধিবক্তা ৰাজীৱ কলিতা আৰু অধিবক্তা অৰুনাংশু ধৰে যুক্তি প্ৰদৰ্শন কৰে। ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ লগতে বৃহত্তৰ ধাৰাপুৰবাসী ৰাইজে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে ।