Logo
image

আলফাৰ জিম্মাত কিতাপ লিখি আছে পণবন্দীয়ে

আমাৰ অসম, ১৩ মাৰ্চঃ কেতিয়া মুক্তি পাব আলফাই অপহৰণ কৰা কুইপ্প’ৰ দুই বিষয়া-কৰ্মচাৰীয়ে৷ কুইপ্প’ কতৃৰ্পক্ষ আৰু আলফাৰ মাজত মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনাৰ সফল সমাপ্তিৰ দহ দিনেও আলফাই মুক্তি দিয়া নাই অপহৃত দুই বিষয়াক৷ যাৰ বাবে দিন বৃদ্ধি হৈ গৈ থকাত উৎকণ্ঠিত হৈ পৰিছে অপহৃতদ্বয়ৰ পৰিয়াল৷ অৱশ্যে, আলফাৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে ৬ মাৰ্চত বিবৃতি প্ৰকাশ কৰি দিন-বাৰ চাই দুয়োজন বিষয়াকে নিৰাপদে সুৰক্ষিত স্থানত মুক্তি দিব বুলি ঘোষণা কৰিছিল৷ আলফাৰ এই ঘোষণাৰ এসপ্তাহ অতিক্ৰম কৰিলে যদিও অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তিৰ প্ৰসংগত আলফাই নতুনকৈ কোনো তথ্য ৰাজহুৱা কৰা নাই৷ ইপিনে অপহৰণ-কাণ্ডৰ প্ৰায় আঢ়ৈ মাহ অতিক্ৰম কৰাত আলফাৰ জিম্মাত এতিয়া দিনলিপি লিখাত ব্যস্ত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ৷ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিয়া অনুসৰি আলফাৰ জিম্মাত অপহৃত কুইপ্প’ৰ বিষয়া প্ৰণৱ কুমাৰ গগৈয়ে লিখি আছে এখন কিতাপ৷ দুই-এদিনতে এই কিতাপখন লিখা সম্পূৰ্ণ কৰিব কুইপ্প’ৰ বিষয়াজনে৷ অপহৃত প্ৰণৱ কুমাৰ গগৈয়ে বিদ্ৰোহী সংগঠনৰ দুৰ্গম শিবিৰত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কিতাপখন লিখা বুলিও আলফাৰ ফালৰ পৰা কৌশিক ফুকনক জনাইছে বুলিও তেওঁ প্ৰকাশ কৰিছে৷ অৱশ্যে বিশেষ এটা সূত্ৰই দাবী কৰা মতে, কুইপ্প’ কতৃৰ্পক্ষই আলফালৈ মুক্তিপণৰ চৰ্ত হিচাপে কিছু টকা পঠিয়াবলৈ এতিয়াও বাকী থকাৰ বাবেই অপহৃতদ্বয়ৰ মুক্তি সম্ভৱ হোৱা নাই৷