Logo
image

‘কান’ত পায়েল কাপাড়িয়াৰ চিনেমালৈ গ্ৰাঁ প্ৰি বঁটা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মে’ :  বংগৰ অভিনেত্ৰী অনসূয়া সেনগুপ্তাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানৰ পাছত এইবাৰ অন্ধপ্ৰদেশৰ জীয়ৰী ছবি নিৰ্মাতা পায়েল কাপাড়িয়াই কান চলচ্ছিত্ৰ মহোৎসৱত ইতিহাস ৰচনা কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পায়েল কাপাড়িয়াৰ মালায়ালম-হিন্দী ছবি ‘অল উই  ইমাজিন এজ লাইট’–এ কান মহোৎসৱত দ্বিতীয় সৰ্বোচ্ছ সন্মান গ্ৰাঁ প্ৰি বঁটা  আজুৰি আনিবলৈ সক্ষম হ’ল৷ কান চলচ্ছিত্ৰ মহোৎসৱৰ পাম ডি’অ বঁটাৰ পাছতেই হৈছে সন্মানীয়  গ্ৰাঁ প্ৰি বটাঁ৷ পায়েল কাপাড়িয়াৰ পৰিচালিত ছবিখনে এই বঁটা লাভ কৰাত দেশবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে৷ বলীউডৰ শিল্পীসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিচালক পায়েল কাপাড়িয়াক প্ৰশংসাই উপচাই পেলাইছে৷ বিগত ৩০ বছৰত কানত প্ৰথমবাৰলৈ ভাৰতীয় চলচ্ছিত্ৰই মূল প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰাই  নহয়, মহিলা  পৰিচালকগৰাকীৰ প্ৰথমখন ছবিয়ে  ইতিহাস ৰচনা কৰে৷ ‘অল উই ইজামিন এজ লাইট’  ছবিখন প্ৰভা নামৰ এগৰাকী নাৰ্ছৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে৷ য’ত প্ৰভাই স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পাছত অনু নামৰ এগৰাকী মহিলাৰ সৈতে ৰুম শ্বেয়াৰ কৰে৷ প্ৰভাই তেওঁৰ ৰুমমেট অনুৰ সৈতে খোজ কাঢ়ি এখন ৰহস্যময় অৰণ্যত প্ৰৱেশ কৰা এক কাহিনী দেখুওৱা হৈছে ছবিখনত৷ উল্লেখ্য, অন্ধ্ৰপ্ৰদেশৰ জীয়ৰী পায়েল কাপাড়িয়া হৈছে ভাৰতীয় ফ্লিম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ স্নাতক৷ শৈক্ষিক প্ৰতিষ্ঠানখনত অভিনয় শিক্ষা গ্ৰহণৰ সময়ত ২০১৫ চনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ শিৰোনামো দখল কৰিছিল পায়েলে৷ এফটিআইআইৰ অধ্যক্ষ পদত অভিনেতা গজেন্দ্ৰ চৌহানক কেন্দ্ৰৰ বিজেপি চৰকাৰে নিযুক্তি দিয়াত ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত  কৰিছিল পায়েলে৷ পৰৱৰ্তী সময়ত পায়েলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল৷ ইফালে কান মহোৎসৱত পাম ডি’অ বঁটা লাভ কৰে মাৰ্কিন পৰিচালক ছন বেকাৰৰ ছবি ‘আনোৰা’ই৷ পায়েল কাপাড়িয়াৰ সাফল্যৰ পাছতে বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰা আদাৱানি, ৰিচা চান্দা, টভিনো থমাছ, স্বৰা ভাস্কৰ, ৰাধিকা আপ্তে, অনুৰাগ কাশ্যপ, ভূমি পাণ্ডেকাৰকে ধৰি কেইবাজনো বলীউড শিল্পীয়ে পায়েল কাপাড়িয়াক অভিনন্দন জনাইছে৷