Logo
image

মহীশূৰৰ হোটেলত ৮০ লাখ টকা বাকী প্ৰধানমন্ত্ৰী মোদীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মে’ : তিনিদিন বিলাসী পঞ্চতাৰকা হোটেলত বাহৰ পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী কাৰ্যসূচীত অংশ ল’লে যদিও হোটেলৰ বিল ৮০.৬০ লাখ টকা বিগত এবছৰে৷ আদায় নিদিলে৷ পহিলা জুনৰ ভিতৰত প্ৰাপ্য বিল আদায় নিদিলে আদালতৰ কাষ চপাৰ এতিয়া মুকলি ভাবুকি প্ৰদান কৰিছে হোটেল কৰ্তৃপক্ষই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰ পাতি বিল পৰিশোধ নকৰা হোটেলখন হৈছে মহীশূৰৰ পঞ্চতাৰকা ৰেডিছন ব্লু প্লাজা হোটেল৷ এবছৰে হোটেলৰ বিল আদায় নিদিয়াত অসন্তুষ্ট হৈ পৰা হোটেল কৰ্তৃপক্ষই সময়সীমা বান্ধি দি অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে৷ উল্লেখ্য, ৰাষ্ট্ৰীয় ব্ৰাঘ্য প্ৰকল্পৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিগত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ উদ্যোগত কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু মন্ত্ৰণালয়ে মহীশূৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ এই কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে তিনিটা দিন মহীশূৰৰ বিলাসী ৰেডিশ্বন ব্লু প্লাজা হোটেলত বাহৰ পাতিছিল৷ কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক চৰকাৰৰ বন বিভাগৰ সমগ্ৰ অনুষ্ঠানটো আয়োজনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে যাৱতীয় খৰচ কেন্দ্ৰৰ পৰা বহন কৰা হ’ব বুলিও আশ্বাস দিছিল৷ প্ৰথম পৰ্যায়ত অনুষ্ঠানৰ ব্যয় তিনি কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও পাছত অনুষ্ঠানৰ ব্যয় ৬.৩৩ কোটি টকালৈ বৃদ্ধি পায়৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰে ৩ কোটি টকা আদায় দিছে যদিও বাকী ৩.৩৩ কোটি টকা কৰ্ণাটক চৰকাৰক আদায় দিবলৈ বাকী আছে৷ এই অনাদায়ী ধনৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে বাহৰ পতা ৰেডিচন ব্লু প্লাজা হোটেলত ৮০.৬ লাখ টকা বিল অনাদায় হৈ আছে৷ কৰ্ণাটক চৰকাৰে কেন্দ্ৰলৈ বাৰম্বাৰ চিঠি লিখাৰ পাছতো ধন আদায় নিদিয়াৰ অভিযোগ উঠিছে৷ ইফালে ৰেডিচন ব্লু হোটেল কৰ্তৃপক্ষই বিগত মাৰ্চ মাহত পত্ৰযোগে কৰ্ণাটক চৰকাৰক সোঁৱৰাই দিয়াৰ পাছতো আজি পৰ্যন্ত বিল লাভ নকৰাত ক্ষুব্ধ হৈ পৰিছে৷ যাৰ বাবে এবছৰতকৈ অধিক সময় বিল লাভ নকৰাত সমাগত জুনৰ ভিতৰত ধন আদায় নিদিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে৷ তদুপৰি অনাদায় ৮০.৬ লাখ টকাৰ সৈতে ১৮ শতাংশ সূত লোৱা হ’ব বুলি সদৰী কৰি বিলত অতিৰিক্ত ১২.০৯ লাখ টকা সংযোজন কৰিছে হোটেল কতৃৰ্পক্ষই৷