Logo
image

শেষ পৰ্যায়ৰ ভোটৰ পূৰ্বে পুনৰ ধ্যানত বহিব মোদী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ মে’: অষ্টাদশ লোকসভাৰ ৪৮৬টা সমষ্টিৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈ গৈছে৷ ৬টা পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তিত চৰকাৰ কোনে গঠন কৰিব, সেয়া একপ্ৰকাৰ নিশ্চিত হৈ গৈছে৷ অন্ততঃ বিজেপিৰ দাবী তেনেকুৱাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ আসন সংখ্যাই ইতিমধ্যে ৪০০ অতিক্ৰম কৰা বুলি দাবী কৰিছে৷ নিৰ্বাচনৰ অন্তিম পৰ্যায়ত এতিয়া বাকী আছে ৫৭টা সমষ্টিৰ ভোটগ্ৰহণ৷ অন্তিম পৰ্যায়ৰ যাতে সৰ্বাধিক সংখ্যক আসন হাতলৈ আনিব পাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি৷ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ৰ জুন, শনিবাৰে৷ তাৰ দুদিন পূৰ্বে বৃহস্পতিবাৰে সামৰণি পৰিব এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ৷ কিন্তু প্ৰচাৰ শেষ হ’লেও বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে এইবাৰো কৌশলেৰে দলৰ হৈ প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে৷ মোদীৰ অহা ৩০ আৰু ৩১ মে’ৰ কাৰ্যসূচীতে দেখা গৈছে তেনে ইংগিত৷ তপস্বীৰ ৰূপ মোদীৰ এই প্ৰচাৰ হ’ব নীৰৱে, ধ্যানৰ মাধ্যমেৰে৷ 


২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰচাৰৰ সামৰণি পৰাৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে পৰোক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ বিগতবাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আছিল ১৯ মে’ত৷ সেইদিনা পুৱাই মোদী ৰাওনা হৈছিল কেদাৰনাথলৈ৷ হাতত এদাল লাখুটি লৈ, উত্তৰাখণ্ডৰ জনজাতীয় এটা শীতৰ পোছাক পিন্ধি তেওঁ উপস্থিত হৈছিলগৈ গৰুড় ছট্টীত থকা ৰুদ্ৰ গুহাত৷ কেদাৰনাথৰ সেই গুহাতে মোদীয়ে ১৫ ঘণ্টা ধৰি ধ্যানত বহিছিল৷ তাৰ পূৰ্বে তেওঁ দেশবাসীক ব্যাপক হাৰত ভোটদান কৰিবলৈ আহ্বান জনাইছিল৷ পিছে মোদী কেদাৰনাথৰ ৰুদ্ৰ গুহাত উপস্থিত হোৱাৰ পূৰ্বেই তাত উপস্থিত হৈছিল দেশৰ সমস্ত সংবাদ মাধ্যম৷ মোদীয়ে হেলিকপ্টাৰৰ পৰা নামি হাতত লাখুটি লৈ কেইখোজমান যোৱাৰ পৰা ১৫ ঘণ্টাৰ ধ্যান লাইভ কৰিছিল দেশৰ মিডিয়াই৷ দেশৰ মংগলৰ বাবে সেই ধ্যান কৰা বুলি কৈছিল মোদীয়ে৷ মোদীৰ ভক্তি দেখি উঠলি উঠিছিল ধাৰ্মিক দেশবাসীৰ মন৷ মোদীভক্তই দিনটো মোদীৰ ধ্যান চাই চাই ব্যাপক হাৰত প্ৰদান কৰিছিল শেষ পৰ্যায়ৰ ভোট৷ পৰিসংখ্যাই কয়, অন্তিম অৰ্ধশতাধিক সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ ষ্ট্ৰাইক ৰেট ৮০ শতাংশৰ অধিক আছিল৷ সেইদিনা বহু পৰলৈকে বিৰোধী দলে বুজিবই পৰা নাছিল মোদীৰ কৌশল৷ তপস্বীৰ ৰূপত মোদীয়ে যে নিৰ্বাচনৰ দিনটোটো সমগ্ৰ দেশৰ প্ৰচাৰৰ আলোক নিজৰ দিশে টানি নি ভোটদানত প্ৰভাৱ বিস্তাৰ কৰিছিল, সেয়া বিৰোধীয়ে বুজি পোৱালৈ বহু সময় পাৰ হৈ গৈছিল৷ তেতিয়ালৈ কাৰ্যসিদ্ধি হৈছিল বিজেপিৰ৷ বিৰোধীয়ে আপত্তি দৰ্শায়ো একো পাৰ পোৱা নাছিল৷

এইবাৰো শেষ পৰ্যায়ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে অনুৰূপ কৌশল গ্ৰহণ কৰিছে৷ এইবাৰ পাহাৰ নহয়, মোদী নামিব সাগৰত৷ হয়, ভাৰতৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত বিবেকানন্দ মেম’ৰিয়েল ৰকত মোদীয়ে কৰিব ১৫ ঘণ্টীয়া ধ্যান৷ এই শিলাখণ্ড কন্যাকুমাৰীত অৱস্থিত৷ ভাৰতৰ মূল ভূখণ্ডৰ পৰা ৫০০ মিটাৰ দূৰত ভাৰত মহাসাগৰত অৱস্থিত এই বিখ্যাত বিবেকানন্দ ৰক৷ এই শিলাখণ্ডত একেৰাহে তিনিদিন তিনিৰাতি ধ্যান কৰিয়েই স্বামী বিবেকানন্দই দিব্যজ্ঞান লাভ কৰিছিল৷ তেওঁ সাতুঁৰি অতিক্ৰম কৰিছিল সেই সমুদ্ৰপথ৷ মোদীয়ে সেই বিখ্যাত বিবেকানন্দ ৰকতে এইবাৰ দুদিন ধৰি ধ্যান কৰিব৷ বিগতবাৰৰ দৰে এইবাৰ ভোটগ্ৰহণৰ দিনা নহয়, এদিন পূৰ্বেই ধ্যানত বহিব মোদী৷ ৩০ মে’ত মোদী উপস্থিত হ’ব কন্যাকুমাৰীত আৰু পিছদিনাৰ পৰা একেৰাহে দুদিন ধৰি ৰ জুনৰ সন্ধিয়ালৈকে ধ্যানত বহিব মোদী৷ দেশজুৰি সংবাদ মাধ্যমত তপস্বীৰ ৰূপধাৰী মোদীৰ এই দীঘলীয়া ধ্যানৰ ব্যাপক প্ৰচাৰ চলিব৷ স্বাভাৱিকভাৱেই মোদীৰ এই আওপকীয়া প্ৰচাৰে বিজেপিক শেষ পৰ্যায়ৰ ভোটগ্ৰহণত ব্যাপক সহায় কৰিব৷ তাৰ পিছদিনাই দেশৰ ৫৭টা সমষ্টিত হ’ব লোকসভাৰ শেষ পৰ্যায়ৰ ভোটগ্ৰহণ৷ বিৰোধী দলে এইবাৰো মোদীৰ ধ্যানৰ এই কৌশলী প্ৰচাৰক লৈ আপত্তি কৰাৰ থল আছে৷