Logo
image

ছুপ্ৰিম ক’ৰ্টে সকাহ নিদিলে, ২ জুনত পুনৰ জে’ললৈ কেজৰিৱাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ মে’ : অহা ১ জুনৰ পাছত এসপ্তাহ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনোৱা আবেদনৰ প্ৰতি ইতিবাচক সঁহাৰি জনোৱা দূৰৈৰ কথা, উচ্ছতম ন্যায়ালয়ে সেই আবেদনৰ শুনানিয়েই নল’লে৷ কেতবোৰ শাৰীৰিক পৰীক্ষা কৰাৰ বাবে কেজৰিৱালে তেওঁৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ এসপ্তাহ বৃদ্ধিৰ বাবে সৰ্বোচ্ছ আদালতত আবেদন জনাইছিল৷ গ্ৰীষ্মৰ ছুটীত থকা সৰ্বোচ্ছ আদালতৰ গোচৰ পঞ্জীয়ন বিভাগে কেজৰিৱালৰ আবেদন মুখ্য ন্যায়াধীশৰ আদালতলৈ পঠিয়াইছিল৷ পিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰতিষ্ঠা কালৰ নেতাসকললৈ শ্ৰদ্ধাঞ্জলি জনায়৷ তাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত ডিব্ৰুগড়ত বিজেপিৰ ফলাফল ভাল হ’ব বুলি কয়৷ লোকসভা নিৰ্বাচনৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে সুদৰ্শনালয়ত ভৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ বিগত কেইবাদিন ধৰি ওড়িশা, বংগ, বিহাৰ, পঞ্জাব আদি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এনে সময়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আচম্বিতে আৰ এছ এছৰ উত্তৰ-পূবৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাটো তাৎপৰ্যপূৰ্ণ৷