Logo
image

২২ জুনৰ পৰা অম্বুবাচী মেলা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩০ মে’ : শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলাৰ প্ৰস্তুতি তুংগত উঠিছে৷ প্ৰতি বছৰে শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা ধৰ্মীয় ৰীতি নীতিৰে পালন কৰি অহা হৈছে৷ এইবাৰো ধৰ্মীয় ৰীতি নীতিৰে মহা অম্বুবাচী মেলা পালন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷ এই সম্পৰ্কে শক্তিপীঠ কামাখ্যা ধামৰ সৰু দলৈ হিমান্দ্ৰী শৰ্মাই কয়– এইবাৰ ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব মহা অম্বুবাচী মেলা৷ অম্বুবাচীৰ তিনি দিন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ৷ অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত৷ আনহাতে নিবৃত্তি হ’ব ২৬ জুনত৷  মন্দিৰৰ স্বচ্ছতাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰি এইবাৰো মন্দিৰৰ চৌহদৰ ভিতৰত খাদ্যসামগ্ৰী যোগান ধৰিবলৈ দিয়া নহ’ব৷ যাৱতীয় প্ৰস্তুতিৰ বিষয়ে আমি প্ৰশাসনৰ সৈতে পৰৱৰ্তী সময়ত আলোচনাত মিলিত হৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিম৷’ বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত পাচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া অম্বুবাচী মেলাত এইবাৰো সন্ধিয়া আৰতি আৰু যাৱতীয় পূজা অৰ্চনা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ ২২ জুনৰ পৰা ভক্তৰ দৰ্শনৰ বাবে তিনিদিনৰ বাবে বন্ধ ৰখা হ’ব৷ চ্ছ জুনৰ দিনা পুৱা নিবৃত্তিৰ পাছত কামাখ্যাৰ যাৱতীয় ৰীতি- নীতি অনুসৰি নিত্য পূজা কৰাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হ’ব৷ প্ৰতি বছৰৰ দৰে এইবাৰো দেশ-বিদেশৰ পৰা লাখ লাখ ভক্তৰ সমাগম হ’ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ৷’ উল্লেখ্য, কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰত বিগত বৰ্ষত  লক্ষাধিক দেশীভক্ত চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰিও জাৰ্মানকে ধৰি ইউৰোপৰো কেবাখনো দেশৰ পৰা কিছু সংখ্যক বিদেশী ভক্তৰ আগমন ঘটিছিল৷ কামাখ্যা দেৱালয়ৰ লগতে নীলাচল পাহাৰত অম্বুবাচী মহাযোগত বাহিৰৰ পৰা ভক্তৰ থকা-খোৱাৰ বাবে কোনো ধৰণৰ শিবিৰ নাইবা খাদ্য যোগানৰ ব্যৱস্থা ৰখা হোৱা নাছিল৷ ভক্তক কেৱল পানী বা শীতল পানীয়হে যোগান ধৰা হ’ব৷ বিগত বৰ্ষত কেৱল দশনামি আখৰাত কিছু সংখ্যক সাধু-সন্ন্যাসীক ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷ মনকৰিবলগীয়া যে প্ৰতিবছৰে বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানান বেশ-ভূশা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন ভক্তক আকৰ্ষণ কৰি আহিছে৷ প্ৰতিবছৰে অম্বুুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, মহানগৰ আৰক্ষী, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুুবাচী মহাযোগ পৰিচালনা সমিতিয়ে সহযোগিতা আগবঢ়ায়৷ এইবাৰো ভক্তৰ গতিবিধি আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত চি চি টি ভি কেমেৰা স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ শক্তি পীঠ কামাখ্যা ধামত এই সময়ত মন্দিৰৰ দেৱী মা কামাখ্যাই বাৰ্ষিক ঋতুচক্ৰৰ মাজেৰে পাৰ হৈ যায় বুলি বিশ্বাস কৰা হয় আৰু সেই অনুসৰিয়ে পূৰ্বৰ পৰম্পৰা অনুসৰিয়ে মা কামাখ্যাক হিন্দু ধৰ্মাৱলম্বীলোকসকলে শুদ্ধ মনে পূজা কৰি মাৰ আশিষ বিচাৰি ভিৰ কৰে নীলাচলৰ বুকু৷ নীলাচল পাহাৰৰ বুকু দেশী-বিদেশী ভক্তক আদৰিবলৈ পুনৰবাৰ সাজু হৈছে৷