Logo
image

কোৱাৰ্টাৰ ফাইনেলত অসমৰ অংকুশিতা

নতুন দিল্লী, ৩০ মে’ : বেংককত চলি থকা বক্সিং বিশ্ব অলিম্পিক কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে অসমৰ অংকুশিতা বড়োৱে৷ বুধবাৰে কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতিৰ পথত প্ৰাক্তন যুৱ বিশ্ব চেম্পিয়ন অংকুশিতাই [৬০ কেজি] কাজাখস্তানৰ এছিয়ান চেম্পিয়ন ৰিম্মা ভলোছেংকোক পৰাস্ত কৰে৷ প্ৰথমৰে পৰাই আক্ৰণাত্মক ৰূপত অৱতীৰ্ণ হোৱা অংকুশিতাই কাজাখস্তানৰ প্ৰতিপক্ষৰ বিৰুদ্ধে জয় অৰ্জন কৰে ৪-১ ৱ্যবধানত৷ ভাৰতৰ নিশান্ত দেৱেও [৭১ কেজি] কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ নিশান্তে বুধবাৰে অগ্ৰগতিৰ পথত থাইলেণ্ডৰ প্ৰতিপক্ষ পীৰাপট য়েছাংন’য়েনক ৫-০ বাৱধানত পৰাস্ত কৰে৷  ইয়াৰ আগেয়ে নিজস্ব শাখাত জয়েৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰে  ৰাষ্ট্ৰীয় চেম্পিয়ন অৰুন্ধতী চৌধাৰীয়ে৷ অৱশ্যে, প্ৰতিযোগিতাখনৰ পৰা বিদায় লৈছে এছিয়ান গেমছত ব্ৰঞ্জ জয়ী বক্সাৰ নৰেন্দৰ বেৰৱালে [+৯২ কেজি]৷ বুধবাৰৰ যুঁজত অৰুন্ধতীয়ে পুৱেৰ্টো ৰিকোৰ ষ্টেফানি পিয়েনেইৰোৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয় অৰ্জন কৰে৷ প্ৰথম ৰাউণ্ডতে প্ৰতিক্ষৰ বিৰুদ্ধে আধিপত্য বিস্তাৰ কৰা অৰুন্ধতীয়ে তৃতীয় ৰাউণ্ড পৰ্যন্ত সেই ধাৰা অব্যাহত ৰাখি বিচাৰকৰ সৰ্বসন্মত সিদ্ধান্তত জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইকুৱেডৰৰ গাৰ্লন গিলমাৰ কংগো চালাৰ বিৰুদ্ধে বেৰৱাল পৰাস্ত হয় ২-৩ ব্যৱধানত৷ যুঁজখনৰ শেষৰফালে বেৰৱালে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল যদিও পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতিৰ বাবে তেওঁৰ সেই প্ৰয়াস যথেষ্ট নহ’ল৷