Logo
image

পুনৰ জে’লত সোমাল মুখ্যমন্ত্ৰী কেজৰিৱাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ জুন : লোকসভা ভোটৰ প্ৰক্ৰিয়া-প্ৰচাৰত ভাগ লোৱাৰ বাবে ২১ দিনৰ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰে৷ বিয়লি আত্মসমৰ্পণ কৰাৰ লগে লগে কাৰাগাৰ কতৃৰ্পক্ষই কেজৰিৱালক স্বাস্থ্যপৰীক্ষা কৰোৱায়৷ দিল্লীৰ আবকাৰী নীতি দুৰ্নীতিত অভিযুক্ত কেজৰিৱালক যোৱা   ১০ মে’ত উচ্ছতম ন্যায়ালয়ে জামিন দিছিল৷ ৰজুনত তেওঁৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ শেষ হয়৷ বিগত ২১ দিনৰ এটা সম্পূৰ্ণ পষেকেই তেওঁ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছিল৷ দিল্লীৰ ৭টা সমষ্টিৰ ভোটগ্ৰহণ আছিল ২৫ মে’ত৷ তেওঁ সহযোগী দল কংগ্ৰেছৰ হৈয়ো প্ৰচাৰত ভাগ লৈছিল৷ কেজৰিৱালে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু এসপ্তাহ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনালেও আদালতে তেওঁৰ আবেদন গ্ৰহণ নকৰিলে৷ উল্লেখ্য, যোৱা ২১ মাৰ্চত কেজৰিৱালক আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ আজি দেওবাৰে কেজৰিৱালে প্ৰথমে মহাত্মাৰ সমাধি ৰাজঘাট দৰ্শন কৰি কনাট প্লেচত হনুমান মন্দিৰত সেৱা জনায়৷ তাৰ পাছত দলীয় কাৰ্যালয়ত কৰ্মীৰ সন্মুখত ভাষণ দি কাৰাগাৰলৈ ৰাওনা হয়৷ ইতিমধ্যে কেজৰিৱালে ৰাউছ এভিনিউ আদালতত জামিনৰ আবেদন জনাইছে৷ আদালতে শুনানি গ্ৰহণ কৰি তেওঁক ৫জুনলৈ ন্যায়িক জিম্মা অৰ্থাৎ কাৰাগাৰত থকাটো নিশ্চিত কৰে৷