Logo
image

ছিকিমৰ ৩২ সমষ্টিৰ ৩১তেই এছকেএমৰ জয়, বিজেপি শূন্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ জুন : প্ৰত্যাশিতভাৱেই অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতা অক্ষুণ্ণ ৰাখিছে৷ নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ মুঠ ১০ জন বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল৷ দেওবাৰে প্ৰকাশিত ফলাফলত ৬০খন আসন বিশিষ্ট বিধানসভাত ৪৬ খনত জয়লাভ কৰিলে বিজেপিয়ে৷ যোৱা ১৯ এপ্ৰিলত অৰুণাচলত বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল৷ একেদিনাই লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ আন এখন পাহাৰীয়া ৰাজ্য ছিকিমত শাসনাধিষ্ঠিত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই [এছ কে এম] বিপুল বিজয়েৰে ক্ষমতা অক্ষুণ্ণ ৰাখিছে৷ প্ৰেম সিং তামাং নেতৃত্বাধীন এছ কে এম দলে ৰাজ্যৰ মুঠ ৩২ খন বিধানসভা আসনৰ ৩১ খনেই লাভ কৰিছে৷ ৰাজ্যৰ একালৰ অন্যতম শক্তিশালী দল, পৱন কুমাৰ ছামলিং নেতৃত্বাধীন এছ ডি এফে এখন আসন লাভ কৰে৷ দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী ছামলিং৷ আনহাতে ৩১ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি শূণ্য আৰু ১৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ শূণ্য আসনতে সন্তুষ্ট থাকিবলগীয়া হয়৷

২০১৪ চনত বিধানসভা নিৰ্বাচনত বিজয়ী হৈ অৰুণাচল প্ৰদেশত চৰকাৰ গঠন কৰাৰ পাছত গৰিষ্ঠ সংখ্যক বিধায়কক লৈ বিজেপিত যোগদান কৰিছিল পেমা খাণ্ডুৱে৷ ২০১৯ তো পেমা খাণ্ডু নেতৃত্বাধীন বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ অৰুণাচল প্ৰদেশত এইবাৰ কংগ্ৰেছ সম্পূৰ্ণৰূপে কবৰস্থ হ’ল৷ কংগ্ৰেছে লাভ কৰিছে মাথোঁ ৰ খন আসন৷ আনহাতে মেঘালয়ৰ শাসনাধিষ্ঠিত এন পি পিয়ে ৫ খন, এন চি পিয়ে ৩ খন, পি পি এই ২ খন আসন লাভ কৰিছে৷ বিজয়ী হৈছে ৩ জন নিৰ্দলীয় প্ৰাৰ্থী৷ ২০১১ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত পেমা খাণ্ডুৰ পিতৃ দোৰ্জি খাণ্ডুৰ মৃত্যু হোৱাৰ পাছত কংগ্ৰেছত অন্তৰ্কন্দল আৰম্ভ হয়৷ প্ৰথমে ক্ষমতা দখল কৰে জাৰবম গামলিঙে৷ পাছত কংগ্ৰেছ হাইকমাণ্ডৰ সমৰ্থনত নাবাম টুকি মুখ্যমন্ত্ৰী হয়৷ ২০১৪ ত টুকিৰ নেতৃত্বতে কংগ্ৰেছ বিজয়ী হৈছিল৷ কিন্তু কালিখা পুলৰ নেতৃত্বত পেমা খাণ্ডুসহ বিদ্ৰোহী কংগ্ৰেছ বিধায়কে টুকিক উৎখাত কৰি বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰে৷ বিষয়টো আদালত পায়গৈ৷ ৰাজ্যত জাৰি হয় ৰাষ্ট্ৰপতি শাসন৷ আদালতৰ নিৰ্দেশত নাবাম টুকি পুনৰ মুখ্যমন্ত্ৰী হয়৷ কিন্তু কিছুদিনৰ পাছত পেমাৰ নেতৃত্বত অধিকাংশ বিধায়কে পি পি এত যোগ দি নতুন চৰকাৰ গঠন কৰে৷ পাছত পেমা খাণ্ডুৱে দলবলসহ বিজেপিত যোগদান কৰে৷ ৰাজ্যত শেষ হয় কংগ্ৰেছৰ প্ৰভাৱ৷ এইবাৰো পুনৰ পেমা খাণ্ডুৱেই মুখ্যমন্ত্ৰী হোৱা নিশ্চিত৷

ইপিনে এসময়ৰ পৱন কুমাৰ ছামলিঙৰ সহযোগী মন্ত্ৰী আৰু পাছত বিদ্ৰোহী হৈ ছিকিম ক্ৰান্তিকাৰী মৰ্চা গঠন কৰা প্ৰেম সিং তামাঙৰ দলৰ ছিকিমত বিপুল বিজয় প্ৰত্যাশিত আছিল৷ ২০১৩ ত দল প্ৰতিষ্ঠা কৰি ২০১৪ ত অভিষেকতে ১০ খন আসন লাভ কৰা এছ কে এমে ২০১৯ তো নিৰংকুশ বিজয় সাব্যস্ত কৰিছিল৷ এইবাৰ তামাঙে নিজে চৰেং-চাকুং আৰ ৰেনক সমষ্টিৰ পৰা জয়লাভ কৰাৰ লগতে পত্নী কৃষ্ণা কুমাৰী ৰায়ে নামচি-ছিংগিথাং সমষ্টিৰ পৰা জয়লাভ কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী ছামলিং পৰাজিত হৈছে ক্ৰমে পলড’ক-কামৰাং আৰু নামচাবং সমষ্টিত৷