Logo
image

যোৰহাট, ডিব্ৰুগড়ত বিজেপিৰ বিজয় শোভাযাত্ৰাৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুন : লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পাছতে বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশাল বিজয়োৎসৱ৷ ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে দলৰ ৰাজ্যিক নেতৃত্বই৷ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে বিজয়োৎসৱৰ আয়োজন কৰাৰ বিপৰীতে প্ৰতিটো লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব বিজয়োৎসৱৰ কাৰ্যসূচী৷ বাজপেয়ী ভৱনৰ সূত্ৰৰ মতে, লোকসভা নিৰ্বাচনৰভোট গণনা শেষ হোৱাৰ পাছতে দলীৰ বিজয়ী প্ৰাৰ্থীক লৈ প্ৰতিটো লোকসভা সমষ্টিত বিশাল শোভাযাত্ৰা বাহিৰ কৰা হ’ব৷ বিশেষকৈ প্ৰাৰ্থীজনক নিজৰ বাসগৃহ বা ভোট গণনা কেন্দ্ৰৰ পৰা বিজেপি কাৰ্যালয়লৈ বিশাল শোভাযাত্ৰা কৰি লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে৷ এই সময়ত ৰাইজৰ মাজত মিঠাই আদিও বিতৰণ কৰা হ’ব৷ ঢোলে-ডগৰে শোভাযাত্ৰা কৰি বিজয়ী প্ৰাৰ্থীজনক দলীয় কাৰ্যালয়লৈ লৈ যোৱাৰ পাছত তেওঁক দলীয় কৰ্মীসকলে বিপুলভাৱে সম্বৰ্ধনা জনাব৷ লগতে আটছবাজীও ফুটোৱা হ’ব৷ দলীয় নেতা-কৰ্মী আৰু সমৰ্থকসকলৰ বাবে বিশাল ভোজ ভাতৰো আয়োজন কৰাৰ পৰিকল্পনা চূড়ান্ত কৰিছে বাজপেয়ী ভৱনে৷ প্ৰতিটো সমষ্টিৰ বিজয়োৎসৱ পালন কৰাৰ সমান্তৰালভাৱে দলে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এক অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে৷ অৱশ্যে এই পৰ্যন্ত কেন্দ্ৰীয় অনুষ্ঠানৰ দিন বাৰ আৰু স্থান চূড়ান্ত হোৱা নাই যদিও খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰ বা বাজপেয়ী ভৱনৰ বাকৰিত এই বিজয়োৎসৱ আয়োজনৰ পৰিকল্পনা কৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷ এগজিট পলত বিজেপি নেতৃত্বাধীন এনডিএ তৃতীয়বাৰৰ বাবে দিল্লীৰ সদন দখলৰ স্পষ্ট আভাস পোৱাৰ পাছতে যেন অধিক উৎসাহী হৈ উঠিছে গেৰুৱা দলটো৷ যাৰ বাবে ভোটৰ ফলাফল ঘোষণা কৰাৰ দিনাখন সমগ্ৰ ৰাজ্যতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷ সূত্ৰটোৰ মতে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজয়োৎসৱ অধিক জাকজমকতাৰে পালনৰ নিৰ্দেশ দিয়া হৈছে৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক লৈ দলৰ জিলা কাৰ্যালয়লৈ বিশাল শোভাযাত্ৰা আয়োজনৰ নিৰ্দেশ দিয়া হৈছে জিলা সমিতিক৷ উল্লেখ্য যে ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত অতি কমেও ১২ খন আসনত জয়ী নিশ্চিত বুলি ইতিমধ্যে আশ্বস্ত হৈছে বাজপেয়ী ভৱন৷ এইবাৰৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত বিজেপি দল যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰব গগৈৰ পৰা অভাবনীয় আৰু শক্তিশালী প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে সেয়ে যোৰহাটৰ বিজয়োৎসৱক লৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি৷ পৰৱৰ্তী পৰ্যায়ত লোকসভা সমষ্টিৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে দলৰ বিজয়োৎসৱ পালনৰো পৰিকল্পনা চূড়ান্ত কৰিছে বিজেপি দলে৷ বিৰোধী ঐক্য মঞ্চৰ একমাত্ৰ অকংগ্ৰেছী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ পৰা ডিব্ৰুগড়ত তীব্ৰ প্ৰত্যাহ৩ানৰ সন্মুখীন হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকলৈও বাজপেয়ী ভৱনে বিজয়োৎসৱৰ বিশেষ পৰিকল্পনা কৰিছে৷ সোণোৱালক ডিব্ৰুগড়ৰ বাসগৃহৰ পৰা জিলা বিজেপিৰ কাৰ্যালয়লৈ বিশাল শোভাযাত্ৰা কৰি নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত লৈ যোৱা হ’ব৷ যাত্ৰাপথত সোণোৱালক ঠায়ে ঠায়ে বিপুলভাৱে সম্বৰ্ধনাও জনোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেইদিনা দলৰ নেতা-কৰ্মী আৰু সমৰ্থকৰ বাবে বিশাল ভোজ ভাতৰো ব্যৱস্থা কৰা হ’ব৷