বিভিন্ন ধৰণৰ চাহে ডায়েবেটিছ ৰোধত সহায় কৰে
আজি কালি কম বয়সতে বহুতে উচ্চ ৰক্তচাপ, থাইৰয়েড, কলেষ্টেৰল, ফেটি লিভাৰ আদি সমস্যাত ভোগা দেখা যায়৷ এইবোৰ ৰোগৰ লগতে সাম্প্ৰতিক সময়ত ডায়েবেটিছৰ সমস্যাও বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে এবিধ বিশেষ চাহ খাব পাৰে৷ উল্লেখ কৰা হ’ল ডায়েবেটিছৰ পৰা পৰিত্ৰাণ পাব পৰা বিশেষ চাহবিধ–
# আদাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ আদাৰে বনোৱা চাহ নিয়মীয়াকৈ খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো সহজ হৈ পৰে৷ আদা চাহে ইমিউনিটী বৃদ্ধি কৰে আৰু মানসিক চাপ কমায়৷
# ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে আন এবিধ উপকাৰী চাহ হৈছে এল’ভেৰা চাহ৷ এল’ভেৰাৰে বনোৱা চাহে শৰীৰ সুস্থ ৰাখে, তেজত শৰ্কৰাৰ মাত্ৰা কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সদায় পুৱা এল’ভেৰা গছৰ পাত কাটি তাৰ পৰা বিজলুৱা অংশ উলিয়াই লওক আৰু নিৰ্দিষ্ট পৰিমাণৰ পানীৰ সৈতে মিহলাই খাওক৷ দেখিব লাহে লাহে ডায়েবেটিছৰ সমস্যা উপশম ঘটিবলৈ আৰম্ভ কৰিছে৷
# তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখিবলৈ আৰু উচ্ছ ৰক্তচাপ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জবা ফুলৰ চাহ খাব পাৰে৷ ইয়াত এণ্টি অক্সিডেণ্ট থাকে৷ জবা ফুলৰ চাহে তেজত শৰ্কৰা মাত্ৰা কমাই শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে৷
# দৈনিক অন্ততঃ এবাৰ ডালচেনিৰে বনোৱা চাহ খালেও উপকাৰ পোৱা যায়৷ এই চাহে শৰীৰ সুস্থ ৰাখে আৰু কলেষ্টেৰ’লৰ মাত্ৰা উন্নত কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷
# ইউনিৰ্ভাচিটী অৱ মেৰিলেণ্ডৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত চাহৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ উক্ত প্ৰতিবেদনৰ মতে দৈনিক একাপ হালধিৰে বনোৱা চাহ খালেও শৰীৰ সুস্থ হৈ থাকে৷ এই চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখে৷ তেজত গ্লুক’জৰ মাত্ৰা কমাবলৈ হালধিৰে বনোৱা চাহ খালেও উপকাৰ পাব৷ মানসিক উদ্বেগ, অৱসাদ, দুঃশ্চিন্তা আদি হৈছে ডায়েবেটিছৰ অন্যতম কাৰক৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শৰীৰৰ আন অংগ-প্ৰত্যংগৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷ সেয়ে শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বা ডায়েবেটিছ ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে খাদ্য তালিকাত উল্লিখিত পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে৷