Logo
image

পদিনা পাতৰ উপকাৰী গুণসমূহ

পদিনা পাতৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে৷ খাদ্য সোৱাদযুক্ত আৰু সুগন্ধি কৰাৰ বাবে পদিনা পাত ব্যৱহাৰ কৰা হয়৷ ইয়াত থকা ছডিয়াম, পটাছিয়াম, ডায়েটাৰি ফাইবাৰ, ভিটামিন এ, চি, ডি আৰু কেলছিয়ামে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ বিশেষকৈ পদিনা পাতত থকা মেগনেছিয়াম আৰু আইৰণ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ সেয়ে দৈনিক পদিনা খোৱাৰ অভ্যাস গঢ়ি তোলাটো নিজৰ বাবেই ভাল৷ কিন্তু ৰন্ধনৰ উপৰিও পদিনা আন বিভিন্ন কামতো ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল পদিনা পাতৰ কেইটামান ব্যতিক্ৰমী ব্যৱহাৰ–

# পদিনা পাতৰ এয়াৰ ফ্ৰেছনাৰ: এয়াৰ ফ্ৰেছনাৰ সাধাৰণতে বাহিৰৰ পৰা কিনি অনা হয়৷ কিন্তু ঘৰৰ বাৰীত থকা পদিনা পাতেৰেও এয়াৰ ফ্ৰেছনাৰ প্ৰস্তুত কৰি ল’ব পাৰে৷ ইয়াৰ বাবে পদিনা পাত শুকুৱাই লওক৷ এইবাৰ এখন চাফা কাপোৰত পাতবোৰ বান্ধি দুৱাৰৰ ওপৰত বা ঘৰৰ চুকত ওলোমাই ৰাখক৷ তাৰ পৰা পদিনাৰ সুগন্ধি ঘৰৰ ভিতৰত পৰিব৷ 

# শালমনৰ সমস্যা আঁতৰ কৰে: শালমন দূৰ কৰিবলৈ বিভিন্ন প্ৰসাধনী ব্যৱহাৰ কৰিও কেতিয়াবা এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাযায়৷ এইক্ষেত্ৰত পদিনা ব্যৱহাৰ কৰি চাব পাৰে৷ ইয়াৰ বাবে পদিনা পাতেৰে প্ৰস্তুত কৰা ফেচপেক ব্যৱহাৰ কৰিব পাৰে৷ পদিনা পাতৰ ফেচপেক প্ৰস্তুত কৰিবলৈ ১০-১৫টা পদিনা পাতৰ সৈতে দুচামুচ গোলাপজল মিহলাই পেষ্ট তৈয়াৰ কৰি লওক৷ এই পেষ্ট আধাঘণ্টা মুখত লগাই ৰাখক৷ কিছুসময় পাছত ঠাণ্ডা পানীৰে মুখখন ধুই ল’ব৷ এনেদৰে অন্ততঃ দুসপ্তাহ কৰিলে দেখিব শালমনৰ সমস্যা নাইকিয়া হ’বলৈ ধৰিছে৷

# পদিনা পাতৰ বৰফ: এই বৰফ প্ৰস্তুত কৰিবলৈ হ’লে ফ্ৰীজৰ আইচট্ৰেত যিমানসংখ্যক কিউব ৰখাৰ ঠাই আছে সিমান পৰিমাণৰ পদিনা পাত লওক৷ এইবাৰ আইচ ট্ৰেত পানী ঢালি লৈ তাত এটাকৈ পদিনা পাত ৰাখি ফ্ৰীজত সোমাই ৰাখক৷ বিছ মিনিটমানৰ পাছত আইচ ট্ৰেত পুনৰ পানী ঢালক৷ ইয়াৰ পাছত পদিনা পাতৰ সৈতে পানী গোট খাই সৃষ্টি হোৱা বৰফ চৰ্বত বা শীতল পানীয়ৰ সৈতে মিহলাই খাওক৷

# মিণ্ট ডেজাৰ্ট: আপুনি যদি পদিনা পাতেৰে প্ৰস্তুত কৰা মিণ্ট ডেজাৰ্ট খোৱা নাই তেন্তে এবাৰ চেষ্টা কৰি চাব পাৰে৷ এইবিধ ডেজাৰ্ট প্ৰস্তুত কৰিবলৈ অতি সহজ৷ ইয়াৰ বাবে এটা বাটিত লিকুইড চকলেট লৈ তাত পদিনা পাত ৰাখি ডীপ ফ্ৰীজত সুমুৱাই ৰাখক৷ দুঘণ্টামানৰ পাছত সেইখিনি উলিয়াই আনক৷ দেখিব পদিনা পাতৰ ওপৰত চকলেট লাগি ধৰিছে৷ ইয়াকেই মিণ্ট ডেজাৰ্ট বুলি কোৱা হয়৷ 

# ভৰিৰ দুৰ্গন্ধ আঁতৰায়: পদিনা পাতেৰে ভৰিৰ দুৰ্গন্ধ আঁতৰাবলৈ হ’লে প্ৰথমে কেইটামান পদিনা পাত অলপ পৰিমাণৰ পানীৰ সৈতে  দহমিনিট সময় উতলাই লওক৷ এইবাৰ তাৰ সৈতে অতিৰিক্ত পানীত যোগ দিয়ক৷ পানীখিনি কুহুমীয়া গৰম হ’লে এটা বাল্টিত লৈ পোন্ধৰ মিনিট সময় দুয়োভৰি ডুবাই ৰাখক৷ দৈনিক এই উপায় অৱলম্বন কৰিলে ভৰিৰ দুৰ্গন্ধ নাইকিয়া হয়৷