Logo
image

এগজিট প’ল ভুল প্ৰমাণিত হ’লঃ গৌৰৱ গগৈ

'আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৪ জুনঃ বিজেপিৰ নানা কূট কৌশল, শক্তিশালী সংগঠন আৰু ধনবলক ওফৰাই বিৰোধী সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ বিজয়ী হোৱাত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীৰ লগতে বিৰোধী দলসমূহৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে৷ মুখ্যমন্ত্ৰীকে ধৰি অসম মন্ত্ৰীসভাৰ গৰিষ্ঠসংখ্যক মন্ত্ৰীয়ে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বিজয়ী হ’ব বুলি একপ্ৰকাৰ নিশ্চিত আছিল যদিও সকলো সম্ভাৱনাক নস্যাৎ কৰি গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনৰ ফলাফলত বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

আনহাতে, আজিৰ ফলাফলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে গৃহ সমষ্টি সোণাৰি বিধানসভা সমষ্টিত বিৰোধী সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত ১০,৩৩৪ টা ভোটৰ ব্যৱধানত পৰাস্ত হয়। আনকি নিজে ভোটদান কৰা নগাহাট হাইস্কুল ভোট কেন্দ্ৰত বিজেপি প্ৰাৰ্থী তপন গগৈয়ে গৌৰৱ গগৈৰ হাতত ১৮০ টা ভোটত পৰাস্ত হয়৷ ভোট কেন্দ্ৰটোত থকা ১,০১৪ টা ভোটৰ পৰিৱৰ্তে ৭৬৭ টা ভোট হৈছিল। ইয়াৰে গৌৰৱ গগৈয়ে ৪৬৫ টা আৰু তপন কুমাৰ গগৈয়ে ২৮৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। 


আনহাতে, সোণাৰি বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৭১,৬০৩ টা লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৬১,২৬৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ১০,৩৩৪ টা ভোটত তপন গগৈ পৰাস্ত হয়। আনহাতে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ ভেটিত কঁপনি তুলি চৰাইদেউ জিলাৰ আনটো বিধান সভা সমষ্টি মাহমৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিৰুদ্ধে  ৯,৬৫০ টা ভোটৰ ব্যৱধানত জয়ী হয়। ঘোষিত ফলাফল অনুসৰি সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৬২,৬৮০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৫৩,০৩০ টা ভোট লাভ কৰে ৷ মন্ত্ৰী যোগেন মহনে সমস্ত শক্তি প্ৰয়োগ কৰিও মাহমৰা সমষ্টিত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল। 

সেইদৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অশেষ চেষ্টা কৰিও তপন গগৈক শেষ ৰক্ষা কৰিব নোৱাৰিলে ৷ উল্লেখ্য, গৃহ জিলা চৰাইদেউত দুজনকৈ দলীয় বিধায়ক তথা তপন কুমাৰ গগৈয়ে নিজেও এটা সময়ত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ লগতে সাংসদ হিচাপে এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছতো চৰাইদেউ জিলাত ১৯,৯৮৪ টা ভোটত পৰাস্ত হোৱাৰ ঘটনাই জিলাখনত প্ৰতিষ্ঠানবিৰোধী প্ৰৱল হোৱা পৰিলক্ষিত হয় ৷ আনহাতে, আজি পুৱাবেলাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ সোণাৰি মহাবিদ্যালয় প্ৰাংগণত থকা ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা এগজিট প’ল ভুল প্ৰমাণিত হৈছে। কাৰোবাৰ উচতনিত একাংশ সংবাদ প্ৰতিষ্ঠানে ফলাফলৰ দুই-তিনিদিন পূৰ্বে প্ৰকাশ কৰা এই এগজিট প’লে এটা নেৰেটিভ সৃষ্টিৰ চেষ্টা কৰিছিল যদিও অসম তথা সমগ্ৰ দেশতে এই এগজিট প’ল ভুল প্ৰমাণিত হৈছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সমগ্ৰ দেশতে কংগ্ৰেছ জয়ী হ’ব বুলি দাবী কৰে। 

আনহাতে, গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতে চৰাইদেউ জিলাৰ  দলীয় নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰে ৷ জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে সোণাৰি মহাবিদ্যালয় ভোট গণনা কেন্দ্ৰৰ পৰা সোণাৰি নগৰৰ মাজেৰে এটা বিশাল সমদল কৰি ৰাজীৱ ভৱন অভিমুখে যাত্ৰা কৰে। মাহমৰাতো দলীয় কৰ্মী-সমৰ্থকসকলে ঠায়ে ঠায়ে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে৷ আনহাতে, চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰে।