Logo
image

যোৰহাটত গৌৰৱৰ জয়ঃ কি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই?

'আমাৰ অসম'ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদক, ৪ জুনঃ "বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব৷ আমাৰ ১২খন  টাৰ্গেট আছিল, কিন্তু পূৰ্বতকৈ আমাৰ আসনৰ সংখ্যা বাঢ়িছে৷"- এই মন্তব্য অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। ৰঙিয়াত সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে যোৰহাটত আমাৰ বেয়া হ'ল আৰু এই সন্দৰ্ভত দলৰ মজিয়াত আলোচনা হ'ব।


আজমল সন্দৰ্ভত ভৱেশ কলিতাই কয় যে আজমল হাৰিব বুলি আমি জানোঁ, ধুবুৰীৰ জনগাঁথনি সুকীয়া৷ চৰকাৰ বিজেপিয়ে কৰিব আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হ'ব।

ইফালে কমলপুৰ সমষ্টিত ভাল ফলাফল হোৱা বুলি মন্তব্য কৰি বিধায়ক দিগন্ত কলিতাই কয় যে ভাৰতবৰ্ষত বিজেপি চৰকাৰ হ'ব তাত কোনো দ্বিমত নাই। অসমত যোৱাবাৰ আসনৰ সংখ্যা ৯ খন আছিল, এইবাৰ ১১খন হ'ল। সামগ্ৰিক আমি যি ভাবিছিলোঁ সেয়াই হৈছে। লগতে বিধায়কগৰাকীয়ে কয় যে য'ত আমাৰ ভুল হৈছে আমি শুধৰাব লাগিব। আমি ৰাইজৰ জনাদেশ হিচাপে মানি লৈছোঁ৷