Logo
image

বিজেপিক ‘ইণ্ডিয়া’ৰ প্ৰত্যাহ্বান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ জুন : সম্পূৰ্ণ অভাৱনীয়ভাৱে মাথোঁ এঘাৰমহীয়া চালুকীয়া ‘ইণ্ডিয়া’ জোঁটে ২৮ বছৰীয়া এনডিএৰ সন্মুখত বৃহৎ প্ৰতিৰোধ গঢ়ি তুলি প্ৰবল আঘাত হানিলে৷ সকলোৱে ঠুনুকা বুলি অভিহিত কৰি উপলুঙা কৰা দেশৰ নৱগঠিত বিৰোধী জোঁট ‘ইণ্ডিয়া’ই অষ্টাদশ লোকসভা নিৰ্বাচনত দেশত অপ্ৰতিৰোধ্য হিচাপে পৰিগণিত হোৱা বিজেপিক যি প্ৰত্যাহ্বান আগবঢ়ালে, সেই শক্তিৰ সন্মুখত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জনত ব্যৰ্থ হ’ল গেৰুৱা দল৷ একে সময়তে দপকৈ নুমাই গ’ল দেশৰ ৰাজনীতিত বিগত ১০ বছৰে অব্যাহত থকা মোদী-মেজিক৷ ফলাফল সামগ্ৰিকভাৱে এনডিএৰ পক্ষত গ’লেও বিজেপি এককভাৱে ক্ষান্ত থাকিল ২৪০ খন আসনত৷ এঘাৰমহীয়া শিশু ‘ইণ্ডিয়া’ৰ এই আঘাত এইবাবেই অভাৱনীয় হিচাপে বিবেচিত হৈছে যে, বিজেপিয়ে এই সাধাৰণ নিৰ্বাচনত ৩৭০ খন আসন লাভ কৰিব আৰু এনডিএই ৪০০ পাৰ কৰিব বুলি নিৰ্বাচন ঘোষণাৰ পৰা ৭৯ দিনে অনৰ্গল দাবী কৰি আহিছিল৷ অভাৱনীয় বুলি বিবেচিত হোৱাৰ আৰু বৃহৎ কাৰণ–যোৱা ১ জুনত দেশৰ প্ৰায় সকলো সমীক্ষাকাৰী সংস্থা আৰু সমস্ত ৰাষ্ট্ৰীয় টেলিভিছনে বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিয়েই ক্ষান্ত থকা নাছিল, এনডিএক দিছিল ৩৬৫ বা ততোধিক আসন৷ কিন্তু মঙলবাৰৰ ভোট গণনাৰ পাছত বিজেপিৰ সেই দাবী অমূলক আৰু এগজিট প’লৰ ভৱিষ্যদ্বাণী অসাৰ প্ৰতিপন্ন হ’ল৷ ভোটগণনাৰ চূড়ান্ত নম্বৰ প্ৰকাশ কৰিবলৈ বাকী থকা অৱস্থাত কংগ্ৰেছৰ হাতত এইবাৰ ৯৯ খন আসন আৰু সামগ্ৰিকভাৱে ‘ইণ্ডিয়া’ৰ হাতত থকা আসন সংখ্যা ২৩২ খন৷ আনহাতে এনডিএৰ আসন সংখ্যা হৈছে ২৯২ খন৷ দেশৰ ৫৪৩ জনীয়া লোকসভাত চৰকাৰ গঠনৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতা হৈছে ২৭২ খন আসন৷ এনডিএৰ হাতত মাথোঁ যাদুকৰী সংখ্যাতকৈ ২০ খন আসনহে অধিক৷ ২০১৯ত এককভাৱে ৩০৩ খন আসন লাভ কৰা বিজেপিৰ নেতৃত্বাধীন জোঁটৰ আসনসংখ্যা আছিল ৩৫৩ খন৷ এই দুৰ্দান্ত ফলাফলেৰে ‘ইণ্ডিয়া’ জোঁটে অপ্ৰতিৰোধ্য বুলি দাবী কৰি থকা বিজেপিক বিষম আঘাত দিলে৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতা হেৰুওৱা বিজেপিয়ে এতিয়া সহযোগী দলৰ সৈতে চৰকাৰ গঠন কৰিবলৈ বাধ্য হ’ব আৰু সহ্য কৰিব লাগিব ওজৰ-আপত্তি, দাবী-ভাবুকি৷

সন্দেহ নাই, এই নিৰ্বাচনত বিজেপি ৰাজনৈতিক ভূমিকম্পৰ বলি হ’ল, য’ৰ ইপিচেণ্টাৰ আছিল উত্তৰ প্ৰদেশ৷ সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ জোঁটবন্ধন অৰ্থাৎ ‘ইণ্ডিয়া’ৰ শক্তিৰ সন্মুখত বিজেপি উত্তৰ প্ৰদেশত ধৰাশায়ী হোৱাৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰৈত ৰৈ গ’ল৷ উত্তৰ প্ৰদেশত হোৱা ক্ষতি পশ্চিমবংগত পূৰণ কৰাৰ আশা কৰা মোদী-বাহিনী মমতা বেনাৰ্জীৰ একক শক্তিৰ সন্মুখত ব্যৰ্থ হ’ল৷ ২০১৯ত ৬২ খন আৰু ২০১৪ত ৭৩খন আসন লাভ কৰা বিজেপি দেশৰ সৰ্বাধিক সংখ্যক ৮০খন আসন থকা উত্তৰ প্ৰদেশত ৰাজনৈতিক ভূমিকম্পত এইবাৰ হামখুৰি খাই পৰিল৷ অৱশ্যে গুজৰাটত সকলো আসন লাভ কৰাৰ লগতে ওড়িশাত বিজেডিক ধূলিসাৎ কৰিলে বিজেপিয়ে৷

মাথোঁ যোৱা বছৰ ২৩ জুনত সংঘবদ্ধ হোৱা আৰু এমাহ পাছত ‘ইণ্ডিয়া’ অৰ্থাৎ ‘ইণ্ডিয়ান নেচনেল ডেভলপমেণ্টেল ইনক্লুছিভ এলায়েন্সে’ এই নিৰ্বাচনত ২৮ বছৰীয়া শক্তিশালী আৰু সুসংগঠিত এনডিএৰ বিৰুদ্ধে এনেদৰে শক্তি প্ৰদৰ্শন কৰিব পৰাতো কল্পনাৰো অগোচৰ আছিল৷ শেষ পৰ্যন্ত ‘ইণ্ডিয়া’ জোঁটে চৰকাৰ গঠন কৰিব পৰাকৈ আসন গোটাব নোৱাৰিলেও বিজেপিক একক সংখ্যাগৰিষ্ঠতা অৰ্জনৰ পৰা বঞ্চিত কৰিবলৈ সক্ষম হ’ল৷ মুম্বাইৰ তৃতীয় বৈঠকৰ পাছত ‘ইণ্ডিয়া’ জোঁটত প্ৰায় ভাঙোন ধৰিছিল৷ মূল উদ্যোক্তা নীতীশ কুমাৰে ‘ইণ্ডিয়া’ এৰি এনডিএত আশ্ৰয় লৈছিল আৰু বিজেপিয়ে চৰকাৰী ক্ষমতা তথা ভাৰতৰত্নৰ দৰে পুৰষ্কাৰৰ প্ৰলোভনেৰে আন আন দলক আঁতৰাই আনিছিল৷ তদুপৰি এদিন আছো, এদিন নাইকৈ মমতা বেনাৰ্জীয়েও ‘ইণ্ডিয়া’ জোঁটক দুৰ্বল কৰি তুলিছিল৷ তেওঁ নিজ ৰাজ্যত কংগ্ৰেছক দুৰতে বিদুৰ কৰিছিল৷ এনেকৈ ‘ইণ্ডিয়া’ জোঁটক লেহুকা কৰি নেপেলোৱা হ’লে হয়তো এনডিএই চৰকাৰ গঠন কৰিব পৰাকৈ নম্বৰ সংগ্ৰহ কৰিব নোৱাৰিলেহেঁতেন৷

প্ৰসংগতঃ, বিগত বছৰৰ ২৯ জুলাইত ‘ইণ্ডিয়া’ গঠন হোৱাৰ লগে লগে ২০০৪ চনত গঠন হোৱা ইউপিএ বিলুপ্ত হৈছিল৷ আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহালী বাজপেয়ীৰ নেতৃত্বত এনডিএ গঠন হৈছিল ১৯৯৬ চনত৷ ১৯৯৮ ৰ পৰা ২০০৪ লৈ বাজপেয়ীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাৰ পাছত ২০১৪, ২০১৯ আৰু এইবাৰ এনডিএৰ নেতৃত্বতে চৰকাৰ গঠন নিশ্চিত হ’ল৷ পিছে এই নিৰ্বাচনত বিলুপ্ত হোৱা দেখা গ’ল মোদী মেজিক৷ বিজেপিৰ এই চৰকাৰ হ’ব ঘাইকৈ জে ডি [এছ] আৰু তেলুগু দেশমৰ নিৰ্ভৰশীল, য’ত বিজেপিয়ে একক প্ৰভূত্ব খটুৱাবলৈ অক্ষম হ’ব৷ এনে সময়ত ‘ইণ্ডিয়া’ৰ পক্ষই বিজেপিক কৈছে–ভবা কথা নহয় সিদ্ধি, বাটত আছে ৰাহুল গান্ধী৷