Logo
image

মৌচুমী আহিছে শীতল হৈছে অসম

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ জুন : অসমৰ মানুহে উত্তৰ পূবত গৰমৰ দিনত সহজে যাব পৰা শীতল বা ঠাণ্ডা ঠাই বুলিলে সততে গুৱাহাটীৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ  ৰাজধানী শ্বিলঙকে বুজি আহিছে৷ যাৰ বাবে গৰমৰ দিনত অৱসৰ বিনোদনৰ বাবে অসমৰ আন ঠাইৰ দৰে গুৱাহাটীৰ বহু লোক পৰিয়ালসহ শ্বিলং চহৰলৈ যায়৷ কিন্তু দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বিগত প্ৰায় আঠদিন ধৰি ৰাজ্যৰ সকলো অঞ্চলতে কম বেছি পৰিমাণে বৰষূণ হৈ থকাত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনী কমি যোৱাত ৰাইজে গৰমৰ পৰা বহু সকাহ লাভ কৰিছে৷ আনকি নৈপৰীয়া আৰু পাহাৰীয়া কিছু কিছু অঞ্চলত নিশাৰ ভাগত ওলোটাই শীত অনুভব হৈছে৷ উল্লেখযোগ্য যে ৰিমাল নামৰ সামুদ্ৰিক ধুমুহাৰ প্ৰভাৱত ২৭ মেৰ পৰা পৰা উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰো বেছিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু কেতবোৰ ঠাইত গাজনী-ঢেৰেকনীৰ সৈতে প্ৰবল বৃষ্টিপাত হৈছে৷ আনকি অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ কিছু কিছু অঞ্চলত স্বাভাৱিকতকৈ অত্যধিক পৰিমাণৰ বৰষুণ হোৱা বাবে অসমৰ কেবাখনো নৈ-উপনৈৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰো জলপৃষ্ঠ বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে ডাৱৰীয়া বতৰৰ লগতে অলপ পাতলীয়াকৈ ৰিবৰিবকৈ বতাহ অহৰহ বলি থকা বাবে বিগত প্ৰায় তিনি চাৰিদিন ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত ৰাইজে নিশাৰ ভাগত অলপ শীতৰ আমেজ অনুভৱ কৰিবলগীয়া হৈছে৷ আনকি স্বাভাৱিকতকৈ তাপমাত্ৰা ১ ৰ পৰা ৩ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পোৱাত উজনি অসম আৰু উত্তৰ অসমৰ কিছু ঠাইত দুদিন ধৰি শ্বিলঙৰ দৰে শীত অনুভূত হৈছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে সদৰি কৰা অনুসৰি বিগত প্ৰায় আঠদিন ধৰি মাজে সময়ে বৰষূণ হৈ থকা বাবে দেওবাৰৰ পৰা তাপমাত্ৰাৰ নিম্নগামিতা আৰম্ভ হৈছে৷ মঙলবাৰৰ দিনটোত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল৷ ২৫.১ ডিগ্ৰী চেলচিয়াছ৷ কিন্তু ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত সৰ্বাধিক ২৪.৪ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিপুৰত সৰ্বাধিক ২৫.৪ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত সৰ্বাধিক ২৬.৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা আছিল৷ তেনেদৰে ডিমা হাছাও জিলাৰ বেচিভাগ অঞ্চলৰে সৰ্বাধিক তাপমাত্ৰা শ্বিলং চহৰৰ সমান বা অলপ তলত আছিল৷ অৱশ্যে সৰ্বাধিক যান- বাহন চলাচল কৰা প্ৰদূষিত চহৰ হিচাপে পৰিচিত গুৱাহাটীত মঙলবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা আছিল ৩১.৭ ডিগ্ৰী চেলচিয়াছ৷  আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ১০ জুন পৰ্যন্ত আগন্তুক ছয়দিনত বতৰ পুনৰ অপৰিৱৰ্তিনীয় হৈ থকাৰ লগতে ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু দুই এঠাইত গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে প্ৰবল বৃষ্টিপাত হ’ব পাৰে বুলি আগতীয়া সতৰ্কতা জাৰি কৰিছে৷ ইফালে, গ্ৰীষ্মকালৰ মাহ হিচাপে পৰিচিত জুন মাহত শ্বিলঙৰ দৰে অসমৰ বহু ঠাইত ৰাইজে সাময়িকভাবে শীতৰ আমেজ লাভ কৰিলেও কেইবাজনো পৰিৱেশ বিজ্ঞানীয়ে ইয়াক জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ আগজাননী বুলি আশংকা ব্যক্ত কৰিছে৷ উল্লেখ্য, বিগত এটা সপ্তাহ ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে ভূটান সীমান্তৱৰ্তী জিলা কেইখনত অভিলেখ পৰিমাণৰ বৰষুণ হৈ আছে৷ বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিঃমিঃতকৈ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হ’লে তাক প্ৰবল বৃষ্টিপাত বুলি কোৱা হয়৷ মঙলবাৰ বিয়লি পৰ্যন্ত বিগত ২৪ ঘণ্টাত বৰাক উপত্যকাৰ ৰাতাচেৰাত ২৪.০ চেণ্টিমিটাৰ, মাটিজুৰিত ১৫ চেণ্টিমিটাৰ, কামৰূপৰ কমলপুৰত ১৪ চেণ্টিমিটাৰ, গুৱাহাটীত ৫ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷  এই সময়চোৱাত বিশ্বৰ অন্যতম বৰষূণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ আছিল চ্ছ্ৰ চেণ্টিমিটাৰ৷