Logo
image

শ্বেয়াৰ বজাৰত ৩০ লাখ কোটি টকাৰ ক্ষতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ জুন : মঙলবাৰে অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ লগে লগে শ্বেয়াৰ বজাৰত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হয়৷ নিৰ্বাচনী এগ্‌জিট প’লত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ ইংগিত দিয়াৰ বিপৰীতে ভোট গণনাত বিৰোধী ইণ্ডিয়া এলায়েন্সৰ উত্থানেৰে  এগ্‌জিট প’লক ভুল প্ৰমাণ কৰাত শ্বেয়াৰ বজাৰত পতন আৰম্ভ হয়৷ মঙলবাৰৰ দিনটোত ছেনছেক্স আৰু নিফ্‌টি নিম্নগামী হোৱাত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে ৩০ লাখ কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷ শ্বেয়াৰ বজাৰত ছেনছেক্সৰ সূচাংক ৬,০০০ পইণ্ট হ্ৰাস পায়৷ মঙলবাৰে শ্বেয়াৰ বজাৰ খোলাৰ লগে লগে ছেনছেক্স ১,৫০০ পইণ্ট হ্ৰাস পাইছিল আৰু৷  বজাৰ বন্ধ হোৱাৰ সময়ত ইয়াৰ ব্যৱধান ৪,৩৮৯ পইণ্টলৈ বৃদ্ধি পায়৷ একে সময়তে নিফ্‌টি ২,০০০ পইণ্ট নিম্নগামী হয়৷ মঙলবাৰে বিয়লি ৩০-শ্বেয়াৰ বি এছ ই ছেনছেক্সে ৬,২৩৪.৩৫ পইণ্ট বা ৮.১৫ শতাংশ পতন ঘটি ৭০,২৩৪ত উপনীত হয়৷ আনহাতে, এন এছ ই নিফ্‌টি ১,৯৮২.৪৫ পইণ্ট বা ৮.৫২ শতাংশ পতন ঘটি ২১,২৮১.৪৫লৈ নামে৷ ৩০টা ছেনছেক্স কোম্পানীৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকৰ ১৬ শতাংশতকৈও অধিক পতন ঘটে৷ আনহাতে, পাৱাৰ গ্ৰিড আৰু এনটিপিচিৰ প্ৰায় ১৫ শতাংশ পতন ঘটে৷ লাৰ্ছেন এণ্ড টুব্ৰো, এক্সিছ বেংক, টাটা ষ্টীল, ভাৰতীয় এয়াৰটেল, জে এছ ডব্লিউ ষ্টীল আৰু ৰিলায়েন্স ইণ্ডাষ্টি˜জৰ দৰে কোম্পানীয়ো বৃহৎ পতনৰ সন্মুখীন হয়৷ উল্লেখ্য, মঙলবাৰে ভোটগণনাৰ প্ৰাৰম্ভিক প্ৰৱণতাই লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ বাবে এক হতাশাজনক ফলাফল প্ৰদান কৰে৷ বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানত যথেষ্ট বেয়া ফলাফলৰ ইংগিত দিয়াত শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয়৷ লক্ষণীয়ভাৱে এগ্‌জিট প’লত বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত দিয়াত সোমবাৰৰ দিনটোত শ্বেয়াৰ বজাৰে অভিলেখ ৰচনা কৰি ঊধবৰ্মুখী হৈছিল৷ কিন্তু মঙলবাৰে ভোট গণনাৰ পাছতেই ছেনছেক্স আৰু নিফ্‌টি ৮ শতাংশতকৈ অধিক পতন ঘটে৷ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতো এদিনতে ১৮ লাখ কোটি টকা ক্ষতি হৈছিল৷