Logo
image

জামু খালেও ডায়েবেটিছত সুফল পাব

ডায়েবেটিছত আক্ৰান্ত হ’লে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত নানা বাধা আহি পৰে৷ ডায়েবেটিছত আক্ৰান্ত একোজন লোকৰ বাবে খাদ্যক লৈ দুঃশ্চিন্তা বাঢ়ে৷ বেছিভাগ ফলমূলেই ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী নহয়৷ যাৰ বাবে বতৰৰ ফল খোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ বিশেষকৈ গ্ৰীষ্মকালত বজাৰত বেছিসংখ্যক ফল পোৱা যায়৷ এই বতৰৰ ফল খোৱাৰ ক্ষেত্ৰত ডায়েবেটিছ আক্ৰান্ত লোকাজন সতৰ্ক নহ’লে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু এইক্ষেত্ৰত জামু খালে  ডায়েবেটিছ নিয়ন্ত্ৰণ হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে৷ জামুৰ দৰেই ইয়াৰ গুটিও ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী৷ গ্ৰীষ্মৰ বজাৰত আমৰ দৰেই জামুৰ চাহিদা তুংগত উঠে৷ এই ফলবিধৰ বীজ আৰু পাতো বিভিন্ন ঔষধত প্ৰয়োগ কৰা হয়৷ গৰমৰ দিনকেইটাত ডায়েবেটিছত আক্ৰান্ত লোকে জামুৰ ওপৰত নিৰ্ভৰশীল হ’ব পাৰে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে জামুৰ গুটি গুৰি কৰি খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে৷

# জামুৰ গুটিত জাম্বুলিন নামৰ এবিধ যৌগ থাকে৷ এই যৌগবিধে  তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ আনহাতে জামুৰ গুটিত প্ৰোফাইলেকটিক নামৰ এটা উপাদান থাকে যি হাইপাৰগ্লাইছেমিয়া প্ৰতিৰোধত সহায় কৰে৷ 

# দুপৰি জামুত থাকে এণ্টি অক্সিডেণ্ট যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷

ব্যৱহাৰ প্ৰণালী :

# জামুৰ পৰা প্ৰথমে গুটিবোৰ বাহিৰ কৰি লওক৷ 

# জামুৰ গুটি ভালদৰে ধুই এখন শুকান কাপোৰৰ ওপৰত ৰাখি ৰ’দত শুকোৱাৰ ব্যৱস্থা কৰক৷ এইদৰে ৰ’দত তিনি-চাৰিদিনমান ৰাখিব লাগে৷ 

# জামুৰ গুটিকেইটা ভালদৰে ৰ’দত শুকোৱাৰ পাছত বীজৰ খোলাটো আঁতৰাই তাৰ মূল অংশটো উলিয়াই কোনো পাত্ৰত ৰখাৰব্যৱস্থা কৰক৷

# বীজৰ ভিতৰৰ অংশ আকৌ ৰ’দত শুকোৱাৰ ব্যৱস্থা কৰিব লাগে৷

#ভালকৈ শুকোৱাৰ পাছত সেই বীজখিনি গুড়ি কৰি লওঁক৷

#এইদৰে বীজৰ গুড়ি ভাল পাত্ৰত ৰাখি বহুদিনলৈকে থব পাৰি৷ প্ৰতিদিনে খালী পেটতে এগিলাচ গাখীৰ অথবা পানীৰ সৈতে মিলাই সেই গুড়ি খালে ডায়েবেটিছৰ লগতে আন বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷