Logo
image

৮ জুনত মোদী ৩.০

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জুন : চন্দ্ৰবাবু নাইডুৰ ১৬ আৰু নীতিশ কুমাৰৰ ১২জন সাংসদৰ লগতে সহযোগী দলৰ ২৫জন সাংসদৰ সমৰ্থনত অহা শনিবাৰে নৰেন্দ্ৰ মোদীৰ ৩.০ চৰকাৰৰ যাত্ৰা আৰম্ভ হ’ব৷ ৫৪৩জনীয়া লোকসভাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ সাংসদৰ সংখ্যা ২৪০, যিটো সংখ্যা নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা ৩২খন আসন দূৰৈত৷ কিন্তু প্ৰাক নিৰ্বাচন জোঁট হিচাপে এনডিএই ২৯৩খন আসনেৰে একেৰাহে দেশৰ তৃতীয়খন চৰকাৰ গঠন কৰা নিশ্চিত কৰিছে৷ অৱধাৰিতভাৱে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰলৈ কেন্দ্ৰত চৰকাৰ গঠন নিশ্চিত কৰি নৰেন্দ্ৰ মোদীয়ে ইতিহাস স্পৰ্শ কৰিলে৷ তেলুগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু আৰু জেডি[এছ]ৰ মুৰব্বী নীতীশ কুমাৰক কাষত বহুৱাই বুধবাৰে এনডিএৰ বৈঠকত মোদীয়ে দুয়োৰে সমৰ্থন নিশ্চিত কৰে আৰু চৰকাৰ গঠনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত দাবীও উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অৱশ্যে তাৰ পূৰ্বে দুপৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত পদত্যাগ কৰে আৰু ৰাষ্ট্ৰপতিয়ে সপ্তদশ লোকসভা ভংগ কৰাৰ লগে লগে মোদী মন্ত্ৰীসভাৰ দ্বিতীয় কাৰ্যকালৰো সামৰণি পৰে৷

এনডিএ সূত্ৰৰ দাবী– বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি শুকুৰবাৰে এনডিএৰ সাংসদে নৰেন্দ্ৰ মোদীক তেওঁলোকৰ সংসদীয় নেতা হিচাপে নিৰ্বাচিত কৰিব আৰু তাৰ পাছদিনা অৰ্থাৎ শনিবাৰে মোদী চৰকাৰে শপতগ্ৰহণ কৰিব৷ লোকসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে এইবাৰ বিজেপিয়ে সহযোগী দলসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব৷ এনে পৰিস্থিতিত এইবাৰ মোদী চৰকাৰে এককভাৱে কোনো অদ্ভূত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব, যিদৰে কোনেও নজনাকৈ প্ৰথম কাৰ্যকালত মোদীয়ে লৈছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আৰু দ্বিতীয় কাৰ্যকালত লৈছিল আচম্বিত লকডাউন তথা জম্মু-কাশ্মীৰ সন্দৰ্ভত সিদ্ধান্ত৷ এন ডি এৰ বৈঠকত নীতীশ কুমাৰে অনতিবিলম্বে চৰকাৰ গঠনৰ বাবে মোদীক অনুৰোধ জনায়৷ যোৱা জানুৱাৰীত নীতীশ কুমাৰে লুটিবাগৰ মাৰি বিজেপিৰ লগ নোলোৱা হ’লে আৰু ৰাজনৈতিক কেৰিয়াৰ প্ৰায় শেষ হৈ যোৱা অন্ধ্ৰ প্ৰদেশৰ এন চন্দ্ৰবাবু নাইডুৰ সৈতে যোৱা মাৰ্চত বিজেপিৰ মিত্ৰতা নোহোৱা হ’লে মোদীৰ ৩.০ সম্ভৱ নহ’লহেঁতেন৷ ৰাজনৈতিক কেৰিয়াৰত নীতীশ কুমাৰে এতিয়ালৈকে আধাডজন লুটিবাগৰ মাৰিছে আৰু প্ৰায় প্ৰতিবাৰেই তেওঁ হয় নিজে শাসনত আছে অথবা শাসকপক্ষত আছে৷ আনহাতে, দুৰ্নীতিৰ অভিযোগত ৭২ দিন কাৰাগাৰত থকা চন্দ্ৰবাবু নাইডু মাৰ্চলৈকে ‘শ্লিপিং মড’ত আছিল বা কোনো জোঁটত নাছিল৷ বিজেপিয়ে তেওঁক এনডিএলৈ অনাটো মোদীৰ ৩.০ গঠনৰ ক্ষেত্ৰত হৈ পৰিল টাৰ্নিং পইণ্ট৷