Logo
image

নাইডুৱে বিচাৰিছে গৃহ-প্ৰতিৰক্ষা, বিত্ত-ৰে’ল লাগে নীতীশক

আমাৰ অসম’ৰ বিশেষ  প্ৰতিবেদন, ৬ জুন: ৮ মাহ পূৰ্বে কাৰাগাৰৰ পৰা ৭২ দিন জে’ল খাটি ওলাই আহোঁতে সাহস যোগোৱা এসময়ৰ অভিনেতা আৰু এতিয়াৰ ৰাজনীতিক পৱন কল্যাণৰ জৰিয়তে ভস্মৰ পৰা পুনৰজীৱন লাভ কৰা অন্ধ্ৰপ্ৰদেশৰ এসময়ৰ মুখ্যমন্ত্ৰী আৰু এইবাৰো ক্ষমতা অৰ্জন কৰা এন চন্দ্ৰবাবু নাইডু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত নৰেন্দ্ৰ মোদীৰ ত্ৰাণকৰ্তা৷ আনহাতে, জানুৱাৰীত ‘ইণ্ডিয়া’ জোঁট এৰি পুনৰ এনডিএত যোগদান কৰা নীতিশ কুমাৰ কুমাৰৰ মৰ্যাদাও বিজেপিৰ ওচৰত একে৷ অন্ততঃ যোৱাবাৰ ১৬খন আসন লাভ কৰা নীতীশ কুমাৰতকৈ এইবাৰ ১২খন আসন লাভ কৰা নীতিশ মোদীৰ বাবে অধিক মূল্যবান৷ দুই অভিজ্ঞ নেতাই সেই কথা জানে আৰু মোদী চৰকাৰৰ ৩.০ত অপৰিহাৰ্য দুইজন নেতাই এইবাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব দাবী কৰিছে৷ ৰাজধানীৰ খবৰ অনুসৰি চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে গৃহ-প্ৰতিৰক্ষা প্তৰৰ লগতে লোকসভাৰ অধ্যক্ষৰ পদ৷ ইয়াৰ প্ৰথম দুয়োটাই ২৪০খন আসন থকা বিজেপিয়ে ১৬খন আসন থকা চন্দ্ৰবাবু নাইডুক দিয়াৰ সম্ভাৱনা নাই৷ তেওঁক ৩টা মন্ত্ৰীপদৰ লগতে অধ্যক্ষৰ আসন দিয়াৰ সম্ভাৱনা আছে৷ আনহাতে, নীতীশ কুমাৰে বিচাৰিছে বিত্ত আৰু ৰে’লৰ সৈতে মুঠ ৪টা প্তৰৰ মন্ত্ৰিত্ব৷ অৱশ্যে বিজেপিয়ে বিত্ত প্তৰ আনক এৰি নিদিয়াৰ সম্ভাৱনাই অধিক৷ ৰে’ল প্তৰ পোৱাৰ আশা আছে নীতীশৰ৷